আইছিছৰ গোচৰৰ সৈতে জড়িত ১৩জন লোকক গ্ৰেপ্তাৰ NIA-ৰ

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
নতুন দিল্লী 
 
কেন্দ্ৰীয় সন্ত্ৰাসবাদ বিৰোধী সংস্থাটোৱে আজি পুৱা মহাৰাষ্ট্ৰৰ ৪০টা স্থানত অভিযান চলাই আইছিছৰ ষড়যন্ত্ৰৰ গোচৰৰ সৈতে জড়িত ১৩জন লোকক গ্ৰেপ্তাৰ কৰে। এই গোচৰত কৰ্ণাটকৰ আন এখন ঠাইতো ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই (এন আই এ) অভিযান চলায়। 
 
এক সূত্ৰই প্ৰকাশ কৰিছে যে, মহাৰাষ্ট্ৰত অভিযান চলাই থকা ৪০টা ভিন্ন স্থানৰ ভিতৰত থানে, পুনে, মীৰা ভয়ান্দৰ আদি। এই ঠাইবোৰৰ বেছিভাগেই মুম্বাইৰ ঠিক কাষতে থানে ৰুৰেল (৩১) আৰু থানে চহৰ (৯)ত। পুনেত দুটা স্থানত আৰু মীৰা ভয়াণ্ডাৰত এটা ঠাইত অভিযান চলোৱা হৈছে বুলিও জনায়। 
 
চুৰিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা দুজন লোকক আইছিছৰ সৈতে জড়িত বুলি ধৰা পৰাৰ পিছতে পুৱাৰ ভাগত এই অভিযান চলোৱা হৈছিল। ইয়াৰ পিছতে গোচৰটো মহাৰাষ্ট্ৰ এণ্টি টেৰ’ৰিষ্ট স্কোয়াডলৈ হস্তান্তৰ কৰা হয়। 
 
আগষ্ট মাহত বিস্ফোৰক নিৰ্মাণৰ লগত জড়িত বুলি অভিযোগ উত্থাপন কৰা এজন সন্দেহযুক্ত - আকিফ আতেক নাচানক গ্ৰেপ্তাৰ কৰা হৈছিল, যিটো আইছিছৰ সন্ত্ৰাসবাদী মডিউলৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ষষ্ঠজন অভিযুক্ত আছিল।
 
আন পাঁচজন ক্ৰমে মুম্বাইৰ পৰা তাবিছ নাছেৰ ছিদ্দিকী, পুনেৰ পৰা জুবাইৰ নূৰ মহম্মদ শ্বেইখ ওৰফে আবু নুছাইবা আৰু আদনান সৰকাৰ, আৰু থানেৰ পৰা শ্বাৰ্জিল শ্বেইখ আৰু জুলফিকাৰ আলী বৰোদাৱালাক এমাহ পূৰ্বে সংস্থাটোৱে গ্ৰেপ্তাৰ কৰিছিল।