নতুন দিল্লী
পেহেলগাম কাণ্ডৰ তদন্তৰ দায়িত্ব ভাৰত চৰকাৰে অনুষ্ঠানিকভাৱে অৰ্পণ কৰিলে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাক(NIA)। ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাটোৱে ইতিমধ্যে এই ঘটনাক লৈ নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, এই নাৰকীয় ঘটনা সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত উপস্থিত হৈ অনানুষ্ঠিকভাৱে সকলো তথ্যপাতি সংগ্ৰহ কৰিছিল তদন্তকাৰী সংস্থাটোৱে। এতিয়া ভাৰত চৰকাৰে আনুষ্ঠানিকভাৱে এই তদন্তৰ দায়িত্ব নিয়াক অৰ্পন কৰাৰ পাছত জম্মু-কাশ্মীৰ আৰক্ষী আৰু অন্য তদন্তকাৰী সংস্থাক লগত লৈ তদন্ত আগবঢ়াব তদন্তকাৰী সংস্থাটোৱে।
আনহাতে নিয়াই এই তদন্তৰ দায়িত্ব লোৱাৰ পাছতে উক্ত সময়ত সেই স্থানত উপস্থিত থকা পৰ্যটক আৰু স্থানীয় লোকৰ সৈতে যোগাযোগ কৰিছে, প্ৰৱেশ আৰু প্ৰস্থান পইণ্টসমূহ তীক্ষ্ণভাৱে তদন্ত কৰি আছে। ফৰেনছিক আৰু অন্যান্য বিশেষজ্ঞৰ সহায়ত তদন্তকাৰী সংস্থাটোৱে সমগ্ৰ অঞ্চলটো ভালদৰে পৰীক্ষা কৰি আছে, যাতে অচিৰেই এই সমগ্ৰ কাণ্ডটোৰ আঁৰৰ কাৰণ আৰু মুখ্য সকলো অভিযুক্তক পোহৰলৈ আনিব পাৰে।