বিশ্বৰ ১০০ শীৰ্ষ বন্দৰৰ তালিকাত ভাৰতৰ ৯ টা বন্দৰৰ স্থান লাভ

Story by  atv | Posted by  [email protected] • 10 Months ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
গুৱাহাটী
 
বৰ্তমান ভাৰতৰ বন্দৰসমূহে বিশ্বৰ আগশাৰীৰ বন্দৰসমূহৰ সৈতে ফেৰ মাৰিবলৈ সক্ষম হৈছে। ভাৰতৰ বন্দৰ উন্নয়ন কাৰ্যসূচীত এক গুৰুত্বপূৰ্ণ উৎসাহ যোগাই কন্টেইনাৰ প'ৰ্ট পাৰফর্মেন্স ইণ্ডেক্স (চিপিপিআই), ২০২৩-ৰ শেহতীয়া সংস্কৰণত ভাৰতৰ ৯ টা বন্দৰে বিশ্বৰ শীৰ্ষ ১০০ টা বন্দৰৰ তালিকাত স্থান লাভ কৰিছে। বিশ্ব বেংক আৰু এছ এণ্ড পি গ্ল'বেল মার্কেটিং ইন্টেলিজেঞ্চে প্রস্তুত কৰা এক প্রতিবেদন অনুসৰি এই তথ্য প্রকাশিত হৈছে।
 
বিশাখাপত্তনম বন্দৰে ২০২৩ চনত বিশ্বৰ শীৰ্ষ ২০টা বন্দৰৰ ভিতৰত ১৯ সংখ্যক স্থান লাভ কৰিছে, ২০২২ চনত ১১৫ নং স্থানৰ পৰা এয়া এক লক্ষণীয় উন্নতি। আনহাতে মুদ্ৰা বন্দৰে বৰ্তমানৰ ৰেংকিঙত সূচক ২৭ত উপনীত হৈছে, যোৱা বছৰৰ ৪৮ নং সূচকৰ পৰা ইয়াৰ স্থান বৃদ্ধি পাইছে।
 
এই অভিনৱ কৃতিত্বৰ সন্দৰ্ভত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে উল্লেখ কৰে, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বৰ ফলশ্রুতিত অভিনৱ সাগৰমালা কাৰ্যসূচীৰ জৰিয়তে দেশৰ বন্দৰসমূহৰ আধুনিকীকৰণ আৰু দক্ষতা তথা ক্ষমতা যথেষ্ট উন্নত হৈছে। বিশ্বৰ ১০০ টা শীর্ষ বন্দৰৰ তালিকাত ৯টাকৈ ভাৰতীয় বন্দৰে স্থান লাভ কৰাৰ অভূতপূর্ব সাফল্যত আমি অতিশয় আনন্দিত হৈছোঁ। আমাৰ চৰকাৰে বন্দৰসমূহৰ প্ৰদৰ্শন উন্নত কৰা, দক্ষতা বৃদ্ধিৰ বাবে আধুনিকীকৰণৰ পদক্ষেপ লোৱা, যান্ত্রিকীকৰণ আৰু প্ৰযুক্তিগতভাৱে উন্নত পদক্ষেপ লোৱাৰ বাবেই এই কৃতিত্ব অর্জন হৈছে। জাহাজ আৰু কাৰ্গৰ দক্ষ পৰিচালনাৰ ক্ষেত্ৰত কাৰ্যকৰী দক্ষতা আৰু সেৱা এতিয়া যথেষ্ট উন্নতি হৈছে। মোদী চৰকাৰৰ নিৰলস প্রচেষ্টাই ভাৰতৰ সামুদ্রিক উদ্যোগক এক নতুন গতি দিছে, নতুন প্রযুক্তি আৰু সেউজ আন্তঃগাঁথনি অন্তর্ভুক্ত কৰাত সহায় কৰিছে। এইক্ষেত্রত নিৰন্তৰ প্ৰচেষ্টাৰ সৈতে আমি নিশ্চিত যে ভাৰতীয় সামুদ্রিক খণ্ডই অনাগত দিনবোৰত দেশৰ অর্থনৈতিক বিকাশ যাত্রাত শক্তিশালী ভূমিকা পালন কৰিব।"
 
বিশ্বৰ শীৰ্ষ ১০০টা বন্দৰৰ তালিকাত স্থান লাভ কৰা ভাৰতীয় বন্দৰসমূহ হৈছে বিশাখাপত্তনম (১৯ নং স্থান), মুদ্রা (২৭), পিপাভাভ (৪১), কামাৰাজৰ (৪৭), কোচিন (৬৩), হাজিৰা (৬৮), কৃষ্ণপত্তনম (৭১), চেন্নাই (৮০) আৰু জৱাহৰলাল নেহৰু (৯৬) বন্দৰ।


শেহতীয়া খবৰ