আৰ্থ-সামাজিক ক্ষেত্ৰখনে নতুন ৰূপ প্ৰদান কৰিব উত্তৰ-পূব গেছ গ্রীডে

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী
 
ইতিমধ্যে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত স্থাপন কৰা উত্তৰ-পূব গেছ গ্রীড প্ৰকল্পৰ প্ৰায় ৬০ শতাংশ পুঁজি যোগান ধৰিছে কেন্দ্ৰীয় চৰকাৰে। অসম, অৰুণাচল প্রদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰাত স্থাপন হ'বলগা এই প্রকল্পটোৰ মুঠ ৯,২৬৫ কোটি টকা ব্যয়ৰ ৬০ শতাংশ অর্থাৎ ৫,৫৫৯ কোটি টকা পুঁজি যোগান ধৰিছে কেন্দ্ৰীয় চৰকাৰে। ইন্দ্ৰধনুশ গেছ গ্রীড লিমিটেডৰ এই প্রকল্পটোৱে উত্তৰ-পূবৰ অর্থনৈতিক ক্ষেত্ৰখনলৈ পৰিবৰ্তন কঢ়িয়াই আনিব বুলি আশা কৰা হৈছে। 
 
শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে 'এক্ট ইষ্ট পলিচী'ৰ অধীনত উত্তৰ-পূবক দক্ষিণ-পূব এছিয়াৰ প্ৰৱেশদ্বাৰ হিচাপে নিৰ্মাণ কৰিবলৈ বিভিন্ন আঁচনি গ্রহণ কৰিছে। আমেৰিকা আৰু চীনৰ পিচত ভাৰতক সর্বাধিক সেউজ গেছ উৎপাদনকাৰী দেশ হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰে এনে পদক্ষেপসমূহ গ্রহণ কৰিছে। নতুন পৰিকল্পনাসমূহৰ ভিতৰত আছে ভাৰত-ম্যানমাৰ- থাইলেণ্ড ত্রিপাক্ষিক ঘাইপথ নিৰ্মাণ, ভিয়েটনামৰ সৈতে সম্পর্ক স্থাপন, ম্যানমাৰ, থাইলেণ্ড, কম্বোডিয়া, লাওচ আদি দেশৰ সৈতে শক্তি খণ্ডত গ্ৰহণ কৰা বিভিন্ন আঁচনি আদি। 
 
এক তথ্যত প্রকাশ পোৱামতে মূলধনী পুঁজিয়ে ঔদ্যোগিক, পি এন জি আৰু চি এন জি আদি বিভিন্ন ইন্ধনৰ বিকল্প হিচাপে কাম কৰাত উৎসাহ যোগাব। উল্লেখ্য যে উত্তৰ-পূৰ্বাঞ্চলৰ ভৌগোলিক তথা অর্থনৈতিক উন্নয়ন সাধন কৰাৰ বাবে প্রায় ১,৬৫৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ গেছ পাইপলাইন স্থাপন কৰা হৈছে। 
 
ইন্দ্রধনুশ গেছ গ্রীড লিমিটেডৰ এই প্রকল্প যুটীয়াভাৱে গ্ৰহণ কৰিছে ভাৰতীয় তেল নিগম, অ' এন জি চি, গেইল ইণ্ডিয়া লিমিটেড, অইল ইণ্ডিয়া লিমিটেড আৰু নুমলীগড় শোধনাগাৰে। এন ডি এ চৰকাৰে ভাৰতক গেছভিত্তিক অর্থনীতি হিচাপে গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰি আহিছে। 
 
বিশেষকৈ প্ৰতিটো পৰিয়াললৈ পাইপ গেছৰ যোগান ধৰাৰ বাবে গ্রহণ কৰা আঁচনিয়ে ইতিমধ্যে বিভিন্ন ঠাইক সামৰি লৈছে। ২০৩০ চনৰ ভিতৰত দেশৰ প্ৰাথমিক শক্তি খণ্ডৰ মিশ্ৰণৰ হাৰ ১৫ শতাংশলৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা হৈছে। উত্তৰ-পূব গেছ গ্রীড সম্পূর্ণ হৈ উঠিলে অঞ্চলটোৰ আৰ্থ-সামাজিক ক্ষেত্ৰখনে নতুন ৰূপ পাব বুলি আশা কৰা হৈছে।