কৰ্ণাটক: এইচ ৫ এন ১ ভাইৰাছৰ সংক্ৰমণত ৪৪ টা ময়ুৰ চৰাইৰ মৃত্যু

Story by  atv | Posted by  [email protected] • 1 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
নতুন দিল্লী
 
কৰ্ণাটকৰ তুমকুৰ জিলাত এইচ৫এন১ ভাইৰাছৰ সংক্ৰমণৰ ফলত ৪৪টা ময়ুৰৰ মৃত্যু হৈছে। এই বিষয়ে সদৰী কৰিছে জিলা উপায়ুক্ত শুভ কল্যাণে। ইয়াৰ পিছতেই আক্ৰান্ত ১০ কিলোমিটাৰ ব্য়াসাৰ্ধত কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰাৰ লগতে ভাইৰাছবিধ যাতে অন্য়স্থানলৈ প্ৰসাৰিত হ'ব নোৱাৰে তাৰবাবে জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে।
 
জিলা উপায়ুক্ত কল্যাণে ৰাইজক এইক্ষেত্ৰত সকৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। আয়ুক্তই জনসাধাৰণক মাংস আদি ভালদৰে উতলাই ৰান্ধি খাবলৈ পৰামৰ্শ আগবঢ়াইছে। তদুপৰি স্বাস্থ্য আৰু বন বিভাগে সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে যুটীয়াভাৱে কাম কৰি থকা বুলিও কয় জিলা উপায়ুক্তগৰাকীয়ে।
 
এই সন্দৰ্ভত শুকুৰবাৰে উপায়ুক্তগৰাকীয়ে কয়, "তুমকুৰত ৪০টা বনৰীয়া ময়ুৰ চৰাইৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। মৃত ময়ুৰৰ নমুনা অধিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ পিচত এইচ৫এন১ ভাইৰাছ উপলব্ধ বুলি নিশ্চিত হোৱাৰ পিচত আক্ৰান্ত স্থানৰ ১০ কিলোমিটাৰ ব্য়াসাৰ্ধত কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে। এই অঞ্চলত ৰেপিড ৰেচপন্স দলসমূহে অহৰহ নিৰীক্ষণ কৰি আছে।"
 
"আমি এই বিশেষ অঞ্চলত প্রায় ৩১খন হাঁহ-কুকুৰাৰ দোকান আৰু প্রায় ১০খন পাম চিনাক্ত কৰিছো। আজি মৃত্যু হোৱা চৰাইবোৰৰ নমুনাও অধিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। আতংকিত হোৱাৰ প্রয়োজন নাই। জিলা প্রশাসন সাজু হৈছে আৰু দলসমূহ ঠাইতে আছে।" এইদৰে কয় উপায়ুক্তগৰাকীয়ে।
 
উল্লেখ্য় যে ইয়াৰ পূৰ্বে যোৱা মার্চত ছত্তীশগড়ৰ বিলাসপুৰত বার্ড ফ্লু নিশ্চিত হোৱাৰ পিছত জিলা প্রশাসনে চৰকাৰী ফাৰ্মৰ ১০ কিলোমিটাৰ ব্যাসার্ধৰ ভিতৰত হাঁহ-কুকুৰাৰ সামগ্রী বিক্ৰী কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল। এখন হাঁহ-কুকুৰা পামত প্রায় ৫৫০০টা কুকুৰাৰ মৃত্যু হোৱাৰ পিচতেই এই নিষেধাজ্ঞা আৰোপ কৰা হৈছিল।
 
বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি এভিয়েন ইনফ্লুরেজা (এইচ৫এন১) হৈছে ইনফ্লুৱেঞ্জা ভাইৰাছৰ এটা উপ-প্ৰকাৰ। এইবিধে মানুহকে ধৰি চৰাই আৰু স্তন্যপায়ী প্রাণীক বিৰলভাৱে সংক্রমিত কৰে।