শ্লোভাকিয়াৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান দ্য অৰ্ডাৰ অৱ দ্য হোৱাইট ডাবল ক্ৰছ (ফাৰ্ষ্ট ক্লাছ) প্ৰদান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক

Story by  atv | Posted by  Munni Begum • 1 Months ago
শ্লোভাকিয়াৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান দ্য অৰ্ডাৰ অৱ দ্য হোৱাইট ডাবল ক্ৰছ (ফাৰ্ষ্ট ক্লাছ) প্ৰদান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক
শ্লোভাকিয়াৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান দ্য অৰ্ডাৰ অৱ দ্য হোৱাইট ডাবল ক্ৰছ (ফাৰ্ষ্ট ক্লাছ) প্ৰদান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক
 
ব্ৰাটিছলাভা
 
সোমবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শ্লোভাকিয়াৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান দ্য অৰ্ডাৰ অৱ দ্য হোৱাইট ডাবল ক্ৰছ (ফাৰ্ষ্ট ক্লাছ) প্ৰদান কৰা হয়। এয়া প্ৰধানমন্ত্ৰী মোদীৰ ৩৩ সংখ্যক আন্তঃৰাষ্ট্ৰীয় সন্মান। ব্ৰাটিছলাভাত অনুষ্ঠিত এক অনুষ্ঠানত শ্লোভাকিয়াৰ ৰাষ্ট্ৰপতি পিটাৰ পেলেগ্ৰিনিয়ে প্ৰধানমন্ত্ৰী মোদীক এই সন্মান প্ৰদান কৰে। 
 
প্ৰধানমন্ত্ৰী মোদীয়ে ছচিয়েল মিডিয়াত পোষ্ট কৰি কয়, "আজি সন্ধিয়া ব্ৰাটিছলাভাত দ্য অৰ্ডাৰ অৱ দ্য হোৱাইট ডাবল ক্ৰছ (ফাৰ্ষ্ট ক্লাছ) লাভ কৰি সন্মানিত। এই সন্মানৰ বাবে শ্লোভাকিয়া জনসাধাৰণ আৰু চৰকাৰৰ প্ৰতি মই কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। এই সন্মান ভাৰতৰ ১৪০ কোটি জনসাধাৰণৰ৷ ভাৰত আৰু শ্লোভাকিয়াৰ মাজৰ চিৰস্থায়ী বন্ধুত্বৰ বাবে এই বঁটা উৎসৰ্গা কৰিছোঁ।" 
প্ৰধানমন্ত্ৰী মোদীয়ে এই বঁটাক ভাৰত আৰু শ্লোভাকিয়াৰ জনসাধাৰণক একত্ৰিত কৰা বিশ্বাস আৰু মৰমৰ প্ৰমাণ বুলি অভিহিত কৰে৷ এই সন্মানে দুয়োখন দেশৰ ভৱিষ্যৎ প্ৰজন্মক তেওঁলোকৰ বিশেষ বন্ধুত্বক আগুৱাই লৈ যাবলৈ অনুপ্ৰাণিত কৰিব বুলি আশা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে৷ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত প্ৰকাশ কৰিছে এই কথা। 
 
অৰ্ডাৰ অৱ দ্য হোৱাইট ডাবল ক্ৰছ (ফাৰ্ষ্টক্লাছ) হৈছে শ্লোভাকিয়াই একান্তভাৱে বিদেশী নাগৰিকক প্ৰদান কৰা সৰ্বোচ্চ অসামৰিক আৰু সামৰিক ৰাষ্ট্ৰ সন্মান। এসপ্তাহজোৰা ইউৰোপ ভ্ৰমণৰ অংশ হিচাপে ব্ৰাটিছলাভাত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ভাৰতীয় প্ৰধানমন্ত্ৰীৰ ইউৰোপীয় দেশখনলৈ এয়া প্ৰথম ভ্ৰমণ।
 
ইয়াৰ পূৰ্বে ভাৰত আৰু শ্লোভাকিয়াই এক ব্যাপক অংশীদাৰিত্বৰ সৈতে নিজৰ সম্পৰ্ক উন্নীত কৰিছিল৷ প্ৰব্ৰজন, ডিজিটেল প্ৰযুক্তি আৰু প্ৰতিৰক্ষাৰ দৰে একাধিক ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা সম্প্ৰসাৰণৰ বাবে ১১খন চুক্তি দৃঢ় কৰিছিল দুয়োখন দেশে।