গুৱাহাটী
অসম চৰকাৰে বানপীড়িত শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাৰ ঋণগ্ৰাহণকাৰীসকলক সকাহ দিয়াৰ উদ্দেশ্যে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰে এই চাৰিখন জিলাৰ বানপীড়িত ঋণগ্ৰাহকৰ বাবে ৬ মাহৰ ঋণ কিস্তি (Moratorium) স্থগিত ঘোষণা কৰিছে।
এই ঋণ কিস্তি ২০২৬ চনৰ ১৯ জুলাইৰ পৰা কাৰ্যকৰী হ'ব। অৱশ্যে এই সুবিধা কেৱল সেইসকল ঋণগ্ৰাহকে লাভ কৰিব, যিসকলৰ ঋণ একাউণ্ট নন-পাৰফৰ্মিং এচেট (এনপিএ) হিচাপে নহয়, ষ্টেণ্ডাৰ্ড একাউণ্ট' হিচাপে শ্ৰেণীবদ্ধ আছিল।
এই সিদ্ধান্তৰ আওতাত গৃহ ঋণ, শিক্ষা ঋণ আৰু বাহন ঋণ অন্তৰ্ভুক্ত কৰা হৈছে। ঋণ কিস্তিৰ ৬ মাহ সম্পূৰ্ণ হোৱাৰ পিছত, প্ৰয়োজন আৰু বেংকৰ নিয়ম অনুসৰি ঋণ পৰিশোধৰ সময়সীমা ৬ মাহৰ পৰা ১ বছৰলৈকে বৃদ্ধি কৰাৰ সুবিধাও ঋণগ্ৰাহকে লাভ কৰিব।
ইয়াৰ উপৰিও, ৰাজ্য চৰকাৰে কৃষি ঋণ, শস্য ঋণ আৰু আত্মসহায়ক গোট (SHG)এ লোৱা ঋণৰ ক্ষেত্ৰতো ৬ মাহৰ ঋণ কিস্তি ঘোষণা কৰিছে। এই সুবিধাও শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাৰ বানপীড়িত ঋণগ্ৰাহকৰ বাবে প্ৰযোজ্য হ'ব।
ঋণ কিস্তিৰ সময়ছোৱাত যোগ্য ঋণগ্ৰাহকসকলে নিয়মীয়া ঋণ কিস্তি পৰিশোধ কৰিব নালাগিব। পিছত পৰিস্থিতি স্বাভাৱিক হোৱাৰ লগে লগে ঋণ পৰিশোধৰ সময়সূচী বৃদ্ধি কৰি পৰিয়াল, কৃষক আৰু আত্ম-সহায়ক গোটসমূহৰ ওপৰত পৰা আৰ্থিক চাপ লাঘৱ কৰাৰ ব্যৱস্থা কৰা হ'ব।
চৰকাৰৰ মতে, সাম্প্ৰতিক ভয়াবহ বানপানীত বহু পৰিয়ালৰ ঘৰ, কৃষিকাৰ্য, জীৱিকা আৰু ব্যৱসায় ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছে। সেই পৰিপ্ৰেক্ষিততে ক্ষতিগ্ৰস্ত লোকসকলক তাৎক্ষণিক আৰ্থিক সকাহ প্ৰদানৰ লক্ষ্যৰে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।