কলকাতা
বিগত দুমাহত ভাৰতৰ পৰা বাংলাদেশলৈ প্ৰায় ৫০০ টন ইলিছ ৰপ্তানি কৰা হৈছে। ইয়াৰ লগে লগে দুয়োখন চুবুৰীয়া দেশৰ মাজত এই জনপ্ৰিয় মাছবিধৰ পৰম্পৰাগত বাণিজ্যিক ধাৰাত পৰিৱৰ্তন ঘটিছে বুলি মাছ ব্যৱসায়ীসকলে জানিবলৈ দিছে।
ব্যৱসায়ীসকলৰ মতে, অহা কেইটামান সপ্তাহত ভাৰতৰ পৰা বাংলাদেশলৈ আৰু ১৫০ৰ পৰা ২০০ টন ইলিছ ৰপ্তানি হোৱাৰ সম্ভাৱনা আছে।
এই ৰপ্তানিৰ সময়তে বাংলাদেশত চলিত বৰ্ষত ইলিছৰ উৎপাদন হ্ৰাস পোৱাৰ খবৰ পোৱা গৈছে। ফলত দেশখনৰ মাছ ব্যৱসায়ীসকলে ঘৰুৱা বজাৰত ইলিছৰ চাহিদা পূৰণৰ বাবে ভাৰতৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে।
ব্যৱসায়ীসকলে জনোৱা অনুসৰি, ৰপ্তানি কৰা ইলিছৰ অধিকাংশই গুজৰাটৰ পৰা সংগ্ৰহ কৰি ভৰুচ বন্দৰৰ জৰিয়তে বাংলাদেশলৈ পঠিওৱা হৈছে। আনহাতে, কিছু পৰিমাণৰ ইলিছ পশ্চিমবংগৰ হাওৰা পাইকাৰী মাছ বজাৰৰ জৰিয়তেও বাংলাদেশলৈ যোগান ধৰা হৈছে।
হাওৰা হোলছেল ফিছ ইমপ’ৰ্টাৰ্ছ এছ’চিয়েশ্যনৰ সম্পাদক ছৈয়দ আনোৱাৰ মকছুদে কয়, “বাংলাদেশে প্ৰথমবাৰৰ বাবে ভাৰতৰ পৰা ইলিছ আমদানি কৰিছে। সাধাৰণতে আমি বাংলাদেশলৈ ৰৌ, বৰালি, ভাঙোন আৰু শিঙৰা আদি মাছ পঠিয়াওঁ। কিন্তু এইবাৰ বাংলাদেশত ইলিছৰ অভাৱ হৈছে।”
তেওঁ লগতে কয়, “যোৱা দুমাহত প্ৰায় ৫০০ টন ইলিছ ৰপ্তানি কৰা হৈছে আৰু অহা কেইটামান সপ্তাহত আৰু ১৫০ৰ পৰা ২০০ টন ইলিছ পঠিওৱাৰ কথা আছে।”
গুজৰাটৰ ইলিছত তুলনামূলকভাৱে অধিক পৰিমাণে কণী বা পেটু থকাৰ বাবে ভাৰতীয় বজাৰত এই মাছৰ চাহিদা কিছু কম। কিন্তু এই বৈশিষ্ট্যই বাংলাদেশৰ ক্ৰেতাসকলৰ মাজত গুজৰাটৰ ইলিছক বিশেষ জনপ্ৰিয় কৰি তুলিছে। বিশেষকৈ চট্টগ্ৰাম আৰু ছিলেটত কণী থকা ইলিছৰ চাহিদা যথেষ্ট বেছি।
মকছুদে কয়, “গুজৰাটৰ ইলিছত যথেষ্ট পৰিমাণে কণী থাকে, যাৰ বাংলাদেশত যথেষ্ট চাহিদা আছে। এই কণীবোৰ পৃথকে বিক্ৰী কৰি প্ৰক্ৰিয়াকৰণ কৰা হয় আৰু তাৰ পাছত বাংলাদেশৰ পৰা আন দেশলৈ পুনৰ ৰপ্তানি কৰা হয়।”
তেওঁ জনোৱা মতে, বাংলাদেশৰ মাছ ব্যৱসায়ীসকলে আমদানি কৰা ইলিছৰ কিছু অংশ প্ৰক্ৰিয়াকৰণ কৰি বিদেশৰ বজাৰলৈও ৰপ্তানি কৰিছে। আনহাতে, কিছু ইলিছ শুকুৱাই নিমখীয়া ইলিছ হিচাপে দেশখনৰ ঘৰুৱা বজাৰত বিক্ৰী কৰা হৈছে।
বাংলাদেশ পৰম্পৰাগতভাৱে বিশ্বৰ অন্যতম বৃহৎ ইলিছ উৎপাদনকাৰী দেশ। বিশ্বৰ মুঠ ইলিছ উৎপাদনৰ এক বৃহৎ অংশ বাংলাদেশত হয়। দুয়োপাৰৰ বাঙালী সমাজৰ খাদ্যাভ্যাস আৰু সাংস্কৃতিক পৰম্পৰাতো ইলিছৰ এক বিশেষ স্থান আছে।
ইফালে, বিগত কেইবছৰ ধৰি দুৰ্গাপূজাৰ পূৰ্বে বাংলাদেশৰ পৰা ভাৰতলৈ ইলিছৰ চালান আহি আহিছে। অৱশ্যে এইবাৰ উৎসৱৰ বতৰত পদ্মা নদীৰ ইলিছ বাংলাদেশৰ পৰা ভাৰতলৈ ৰপ্তানি কৰা হ’ব নে নহয়, সেই সন্দৰ্ভত এতিয়াও কোনো স্পষ্টতা নাই। উল্লেখ্য যে, যোৱা বছৰ বাংলাদেশ চৰকাৰে দুৰ্গাপূজাৰ পূৰ্বে ভাৰতলৈ ১,২০০ টন ইলিছ ৰপ্তানিৰ অনুমতি দিছিল।
এইবাৰৰ পৰিস্থিতিয়ে দুয়োখন দেশৰ মাজত ইলিছৰ পৰম্পৰাগত বাণিজ্যিক ধাৰাত এক উল্লেখযোগ্য পৰিৱৰ্তন ঘটাৰ ইংগিত দিছে। ইমানদিনে বাংলাদেশৰ পৰা ভাৰতলৈ ইলিছ অহাটো আছিল পৰিচিত দৃশ্য। কিন্তু বাংলাদেশত ঘৰুৱা যোগানৰ নাটনিৰ ফলত এইবাৰ তাৰ বিপৰীত ছবি দেখা গৈছে যে, ভাৰতৰ পৰাই বাংলাদেশলৈ ইলিছ ৰপ্তানি কৰা হৈছে।