বানপানীত মৃতকৰ সংখ্যা ৮০ জনলৈ বৃদ্ধি

Story by  atv | Posted by  [email protected] • 2 h ago
বানপানীত মৃতকৰ সংখ্যা ৮০ জনলৈ বৃদ্ধি
বানপানীত মৃতকৰ সংখ্যা ৮০ জনলৈ বৃদ্ধি
 
গুৱাহাটী
 
উজনি অসমত কিছু পৰিমাণে পানী কমিছে যদিও এতিয়াও বানপীড়িত ৰাইজৰ দুৰ্দশা আঁতৰা নাই। শিৱসাগৰ আৰু চৰাইদেউ জিলাত বানপীড়িত ৰাইজৰ দুখ-বেদনা দেখিলে বুকু কপি উঠিব আপোনাৰ। চাৰিওফালে পলশ আৰু বোকাই নষ্ট কৰিছে ঘৰৰ সকলো সামগ্ৰী।
 
শেহতীয়া তথ্য অনুসৰি, ৰাজ্যৰ ৮ খন জিলা বৰ্তমানেও বানৰ কবলত আছে।  এই পৰ্যন্ত বানত মৃত্যু হোৱা লোকৰ সংখ্যা  ৮০ জনলৈ বৃদ্ধি পাইছে। বৰ্তমান ৰাজ্যখনৰ মুঠ ২,১২,৪৪১ গৰাকী লোক বানৰ ফলত দুৰ্দশাগ্ৰস্ত হৈ আছে।
 
আনহাতে, বানৰ কৱলত পৰি ৰাজ্যৰ প্ৰায় ১৭১৯৮.০৯ হেক্টৰ কৃষিভূমি এতিয়াও পানীৰ তলত ডুব গৈ আছে, যাৰ ফলত খেতিয়কসকলৰ বিস্তৰ ক্ষতি হৈছে। নিজ নিজ ঘৰ-বাৰী পানীৰ তলত থকাৰ বাবে কেইবা হাজাৰো লোক গৃহহীন হৈ পৰে আৰু বৰ্তমানলৈকে তেওঁলোকে আশ্ৰয় শিবিৰসমূহত দিন কটাবলগীয়া হৈছে।