বানপীড়িতলৈ সহায়ৰ হাত বলিউডৰ অভিনেতা কাৰ্তিক আৰিয়ানৰ

Story by  atv | Posted by  [email protected] • 51 m ago
বলিউডৰ অভিনেতা কাৰ্তিক আৰিয়ান
বলিউডৰ অভিনেতা কাৰ্তিক আৰিয়ান
 
গুৱাহাটী
 
উজনি অসমত বান পৰিস্থিতি ক্ৰমান্বয়ে ভাল হৈ আহিছে। কিন্তু বানৰ ফলত ৰৈ যোৱা বোকা আৰু পলসে নষ্ট কৰিছে সকলো। ইতিমধ্যেই দেশৰ বিভিন্ন প্ৰান্তৰ পৰা উজনি অসমলৈ সাহায্য প্ৰদান কৰিছে। বলিউডৰ ভাইজান ছলমান খানকে ধৰি বহু অভিনেতা-অভিনেত্ৰীয়ে সাহায্য আগবঢ়াইছে বানপীড়িতসকললৈ।
 
এই সকলোবোৰ মাজতে বানপীড়িত লোকসকলৰ সহায়-সহানভূতিৰ বাবে আগবাঢ়ি আহিছে বলীউডৰ জনপ্ৰিয় অভিনেতা কাৰ্তিক আৰিয়ান। ৰাজ্যখনৰ বান সাহায্য আৰু উদ্ধাৰ কাৰ্যসূচীক গতি প্ৰদান কৰাৰ উদ্দেশ্যে অভিনেতাগৰাকীয়ে মুখ্যমন্ত্ৰীৰ সাহায্য নিধিলৈ ১ কোটি টকাৰ এক বৃহৎ বৰঙণি আগবঢ়াইছে।
উল্লেখযোগ্য যে, অভিনেতাগৰাকীৰ  এই মহান কাৰ্যক উষ্ম আদৰণি জনাই ধন্যবাদ জ্ঞাপন কৰিছে অসমৰ মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাই। এক্সত পোষ্ট যোগে মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে- আপোনাৰ এই উদাৰ অনুদানৰ বাবে আন্তৰিক ধন্যবাদ, কাৰ্তিক আৰিয়ান। আপোনাৰ এই সাহায়ে অসমৰ বানপীড়িত ৰাইজৰ দুখ-কষ্ট লাঘব কৰাত যথেষ্ট সহায় কৰিব। আনহাতে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ ফালৰ পৰাও পোষ্টৰ জড়িয়তে কাৰ্তিক আৰিয়নৰ সলাগ লৈছে।