বিহু আৰু দুৰ্গা পূজাৰ সময়ত পাব একোটাকৈ বিনামূলীয়া চিলিণ্ডাৰ: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

Story by  atv | Posted by  [email protected] • 1 Months ago
বিহু আৰু দুৰ্গা পূজাৰ সময়ত পাব একোটাকৈ বিনামূলীয়া চিলিণ্ডাৰ
বিহু আৰু দুৰ্গা পূজাৰ সময়ত পাব একোটাকৈ বিনামূলীয়া চিলিণ্ডাৰ
 
গুৱাহাটী
 
পদূলিত ২০২৬ ৰ বিধানসভা নিৰ্বাচন। যিমানেই নিৰ্বাচনৰ দিন চমু চাপি আহিছে সিমানেই নিৰ্বাচনী প্ৰচাৰ তুংগত হৈ উঠিছে। প্ৰতিটো ৰাজনৈতিক দল নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে।
 
ইয়াৰ লগতে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ৰাজনৈতিক দলৰ ষ্টাৰ কেম্পেইনাৰ ব্যস্ত নিৰ্বাচনী প্ৰচাৰত।আজি মাহমৰাত নিৰ্বাচনী প্ৰচাৰ সভা  চলাবলৈ উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
 
মাহমৰাত নিৰ্বাচনী প্ৰচাৰ সভা চলায় থকাৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীয়ে এক কথা ঘোষণা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ো কয় যে- বিহু,দুৰ্গা পূজাৰ সময়ত একোটাকৈ চিলিণ্ডাৰ বিনামূলীয়াকৈ দিয়াৰ কথা উল্লেখ কৰে। তেওঁ কয় যে- প্ৰতিটো পৰিয়াললৈ দুটাকৈ ফ্ৰী চিলিণ্ডাৰৰ প্ৰদান কৰিব বুলি।