আমাৰ ডি এন এও একেই... মিলাপ্ৰীতিৰে জীয়াই থকাটোৱেই আমাৰ সংস্কৃতিঃ আৰ এছ এছৰ শতবাৰ্ষিকী অনুষ্ঠানত মুৰব্বী ভাগৱতে কয়

Story by  atv | Posted by   Imtiaz Ahmed • 4 h ago
আৰএছএছৰ মুৰব্বী মোহন ভাগৱত
আৰএছএছৰ মুৰব্বী মোহন ভাগৱত
নতুন দিল্লী

আৰএছএছৰ ১০০ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে মঙলবাৰে দিল্লীত আয়োজিত এক অনুষ্ঠানত সংগঠনটোৰ মুৰব্বী মোহন ভাগৱতে ভাৰতীয় সভ্যতা আৰু ৪০ হাজাৰ বছৰ পুৰণি “একেধৰণৰ ডিএনএ”ৰ কথা উল্লেখ কৰে।

তেওঁ “হিন্দু”ক ভূগোল আৰু পৰম্পৰাক কেন্দ্ৰ কৰি এক পৰিচয় হিচাপেও সংজ্ঞায়িত কৰে, আৰু কয় যে কিছুমান মানুহে “জানে কিন্তু নিজকে হিন্দু বুলি স্বীকাৰ নকৰে” আনহাতে কিছুমানে “নাজানে”।
বিজ্ঞান ভৱনত ‘আৰ এছ এছৰ ১০০ বছৰীয়া যাত্ৰাঃ নতুন দিগন্ত’ অনুষ্ঠানত দিয়া বক্তৃতাত তেওঁ কয় যে ‘ভাৰত মাতা’ৰ প্ৰতি ভক্তি আৰু সকলোৰে একেই পূৰ্বপুৰুষৰ পৰম্পৰাই পৰিচয়ৰ মূল কাৰক। তেওঁৰ উদ্ধৃতিৰে আৰু কোৱা হৈছে যে, "আমাৰ ডি এন এও একেই... মিলাপ্ৰীতিৰে জীয়াই থকাটোৱেই আমাৰ সংস্কৃতি।"

তেওঁ কয় যে অতীজৰে পৰা ভাৰতীয়সকলে কেতিয়াও মানুহৰ মাজত পাৰ্থক্য কৰা নাছিল, আৰু সকলোকে আৰু পৃথিৱীখনক একেজন দেৱতাৰ দ্বাৰা বান্ধ খাই থকা বুলি গণ্য কৰে। তেওঁ কয় যে ‘হিন্দু’ শব্দটো বাহিৰৰ মানুহে অবিভক্ত ভাৰত বা উপমহাদেশত বাস কৰা লোকসকলৰ বাবে ব্যৱহাৰ কৰিছিল।

ব্ৰিটিছৰ পৰা স্বাধীনতাৰ পাছৰ ৭৫ বছৰত ভাৰতে নিজৰ আকাংক্ষিত মৰ্যাদা লাভ কৰিব নোৱাৰিলে বুলি উল্লেখ কৰি তেওঁ কয় যে শাসকীয় বিজেপিৰ মতাদৰ্শগত অভিভাৱক সংস্থা হিচাপে গণ্য কৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উদ্দেশ্য আছিল ভাৰতক "বিশ্বগুৰু" (বিশ্বৰ বাবে পথ প্ৰদৰ্শক) বনাবলৈ। তাৰ সময় আহি পৰিছে বুলিও তেওঁ কয়।

বিশ্বত ভাৰতৰ স্থানৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ চৰকাৰে ব্যৱহাৰ কৰা মূল শব্দৰ ভিতৰত “বিশ্বগুৰু” শব্দটো অন্যতম।

ভাৰতৰ উত্থানৰ বাবে সামাজিক পৰিৱৰ্তনৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে আৰ এছ এছৰ মুৰব্বীগৰাকীয়ে। ৰাজনীতিবিদ, দল আৰু চৰকাৰক এই প্ৰক্ৰিয়াত সহায় কৰিব পৰা লোক হিচাপে তালিকাভুক্ত কৰি তেওঁ কয় যে এই কামটো কাৰোবাৰ ওপৰত এৰি দিলে নহ’ব। সকলোৰে ভূমিকা থাকিব। কিন্তু এনে উত্থানৰ মূল কাৰক হ’ব সমাজৰ পৰিৱৰ্তন বুলিও তেওঁ কয়।

উপস্থিতসকলৰ ভিতৰত যোগগুৰু ৰামদেৱ, জেডিইউ নেতা কেচি ত্যাগী, বলীউডৰ অভিনেত্ৰী তথা বিজেপিৰ সাংসদ কংগনা ৰানাৱত, কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু অনুপ্ৰিয়া পেটেল আদি আছিল।

শতবাৰ্ষিকী প্ৰচাৰৰ অংশ হিচাপে আৰ এছ এছে সমগ্ৰ দেশতে ১ লাখৰো অধিক ‘হিন্দু সন্মিলন’ অনুষ্ঠানৰো আয়োজন কৰিব। সেইটো আৰম্ভ হ’ব চলিত বৰ্ষৰ ২ অক্টোবৰত পৰিবলগীয়া বিজয়া দশমীৰ দিনা নাগপুৰস্থিত আৰএছএছৰ মুখ্য কাৰ্যালয়ত ভাগৱতে দিয়া ভাষণৰ পৰা।

উদ্বোধনী দিনটোত চীন, ডেনমাৰ্ক, আমেৰিকা, ৰাছিয়া, ইজৰাইলকে ধৰি ২৫টা দূতাবাসৰ প্ৰতিনিধিও উপস্থিত থাকিব।

আৰ এছ এছৰ অৰুণ কুমাৰ আৰু কৃষ্ণ গোপালৰ দৰে বিষয়ববীয়াও উপস্থিত আছিল, ইয়াৰ উপৰিও অ’ আৰ এফ, থিংকাৰ্ছ ইউ এছ এ আৰু ইনফিনিটি ফাউণ্ডেশ্যনৰ প্ৰতিনিধিও উপস্থিত আছিল।