পাকিস্তানৰ গাহৰিয়ে কাশ্মীৰত নষ্ট কৰিছে শস্য

Story by  atv | Posted by  Munni Begum • 10 Months ago
পাকিস্তানৰ গাহৰিয়ে কাশ্মীৰত নষ্ট কৰিছে শস্য
পাকিস্তানৰ গাহৰিয়ে কাশ্মীৰত নষ্ট কৰিছে শস্য
 
আছা খোছা/নতুন দিল্লী
 
জে এণ্ড কে চৰকাৰৰ এগৰাকী অৱসৰপ্ৰাপ্ত বন্যপ্ৰাণী বিষয়া চৈয়দ মুস্তাক আহমেদ পাৰ্ছাই  ৰাজধানী শ্ৰীনগৰ চহৰৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ উত্তৰ-পশ্চিমে অৱস্থিত হাজিন গাঁৱত  আপেল গছ আৰু অন্য শস্য নষ্ট কৰা ২০০-৪০০ টা বনৰীয়া গাহৰিৰ এটা বৃহৎ জাকৰ দৃশ্য দেখি স্তম্ভিত হৈ পৰিছিল।   
 
বনৰীয়া গাহৰিৰ জাকটোৱে শস্যৰ গছবোৰৰ ক্ষতিসাধন কৰিছিল আৰু গাঁৱত নিজৰ খেতিপথাৰ চোৱাচিতা কৰা এগৰাকী মহিলাক আক্ৰমণ কৰিছিল। পাৰ্ছাই কয়, “এয়া বিশ্বাস কৰিব নোৱাৰা কথা। কিয়নো কাশ্মীৰ যিহেতু বনৰীয়া গাহৰিৰ প্ৰাকৃতিক বাসস্থান নহয়। সেয়েহে ইয়াৰ সংখ্যা হঠাতে ইমান বৃদ্ধি হ’ব নোৱাৰে।”   
 
'আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা কথোপকথনত উত্তৰ কাশ্মীৰৰ বানিপোৰা অঞ্চলৰ পৰা অহা আৰু ৰাজধানী শ্ৰীনগৰত বাস কৰা পাৰ্ছাই কয় যে “এনে অস্বাভাৱিক পৰিঘটনা কেৱল মানুহৰ দ্বাৰাহে সংঘটিত হ’ব পাৰে, স্বাভাৱিকতে নহয়।” তেওঁ অনুভৱ কৰে যে এই জন্তুবোৰক মানুহে এৰি দিছে, কিন্তু ইয়াক প্ৰমাণ কৰাৰ বাবে তেওঁৰ ওচৰত কোনে তথ্য নাই। 
 
বনৰীয়া গাহৰি খেতিপথাৰ
 
সূত্ৰসমূহে জনোৱা মতে, উত্তৰ কাশ্মীৰৰ বন্যপ্ৰাণী সংৰক্ষণৰ দায়িত্বত থকা বিষয়াসকলে আৰু উপ-ৰাজ্যপাল মনোজ সিনহাৰ সৈতে প্ৰস্তুত কৰা এক প্ৰতিবেদনত উল্লেখ কৰা হৈছিল যে এই গাহৰিৰ জাকটোৱে উৰি সীমান্তৰ মাজেৰে কাশ্মীৰত প্ৰৱেশ কৰিছে। ইয়াৰ পথটো বাৰামুল্লা চহৰ হৈ চুম্বল পোৱা বুলি উল্লেখ কৰা হৈছে।    
 
সকলো সম্ভাৱনাতে ইচ্ছাকৃতভাৱে নিয়ন্ত্ৰণ ৰেখাৰ সিপাৰৰ পৰা প্ৰৱেশ কৰিছে। বন্যপ্ৰাণী বিশেষজ্ঞসকলে কয় যে বনৰীয়া গাহৰি পি অ’কেৰ আলপাইন অৰণ্যৰ প্ৰাকৃতিক বাসিন্দা নহয়। বন্যপ্ৰাণী গৱেষকৰ এটা দলে প্ৰস্তুত কৰা প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে জম্মু-কাশ্মীৰৰ কাশ্মীৰ অঞ্চলক পাকিস্তান দখল কৰা জে এণ্ড কেৰ অংশৰ পৰা বিভাজিত কৰা নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰি কাশ্মীৰৰ উত্তৰ অংশলৈ বনৰীয়া গাহৰি প্ৰৱেশ কৰিছিল।  
 
সূত্ৰসমূহে জনোৱা মতে, পি অ’কে অঞ্চলসমূহত বনৰীয়া গাহৰিৰ জনসংখ্যা অভূতপূৰ্বভাৱে বৃদ্ধি পাইছে আৰু এইবোৰক হয় ভাৰতলৈ প্ৰৱেশ কৰিবলৈ দিয়া হৈছে নহয় খাদ্য আৰু জীয়াই থকাৰ সন্ধানত ভাৰতলৈ নিজাববীয়াকৈ প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে। 
 
সূত্ৰই জনায়, “বন্য গাহৰি ইয়াৰ পৰাই মৰুভূমি অঞ্চল, জোপোহা অৰণ্যৰ ঘাঁহনিত বাস কৰে আৰু কাশ্মীৰৰ পাহাৰীয়া অঞ্চলত পোৱা আলপাইনৰ ঘন অৰণ্যৰ জীয়াই থাকিব নোৱাৰে।"   
 
বাণ্ডিপোৰাৰ উপ আয়ুক্ত ড০ ওৱাইছ আহমেদে 'আৱজ-দ্য ভইচ'ক কয় যে যোৱা কিছু বছৰত বন্য বৰ্ডৰ জনসংখ্যা বহু পৰিমাণে বৃদ্ধি পাইছে। তেওঁ কয়, “এতিয়াই আমি গাঁৱৰ মানুহক এই গাহৰিবোৰক কেনেকৈ আঁতৰাই ৰাখিব পাৰি সেই বিষয়ে সজাগ কৰিছো আৰু দীৰ্ঘম্যাদী কৌশলৰ ওপৰতো কাম কৰি আছো।” 
 
চৰকাৰী বিভাগসমূহেও পিঞ্জৰা স্থাপন কৰি গাহৰিবোৰক ধৰি বনাঞ্চললৈ স্থানান্তৰিত কৰিছে। উৰি লিম্বাৰ, লাচিপোৰা, বলৱাৰ, আৰু চুম্বালত বনৰীয়া গাহৰিৰ জাকে ফলমূলৰ বাগিচা আৰু ধানৰ খেতিবোৰ ক্ষতিসাধন কৰিছে। গাহৰিৰ জাকটো সাধাৰণতে ৰাতি পথাৰৰ মাজেৰে দৌৰি যায়।  
 
স্থানীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি চুম্বালৰ এগৰাকী ৪৮ বছৰীয়া গৃহিণী এগৰাকী গাহৰিৰ জাকটোৰ আক্ৰমণত পেটত আঘাতপ্ৰাপ্ত হয়। য’ত বনৰীয়া গাহৰি এটাই আতংকিত হৈ তেওঁক আক্ৰমণ কৰিছিল। মহিলাগৰাকীয়ে গহৰিটোক বনৰীয়া ম’হ বুলি ভুল কৰিছিল, কিয়নো তেওঁ কেতিয়াও এনেকুৱা জন্তু দেখা নাছিল।  
 
বিশেষজ্ঞসকলে কয় যে বনৰীয়া গাহৰিটো কাশ্মীৰৰ প্ৰাকৃতিক বাসিন্দা নহয়। নব্বৈ শতিকাৰ মাজভাগত ডাচ্চিগামৰ বন্যপ্ৰাণী অভয়াৰণ্যত খেলৰ বাবে প্ৰাক্তন ৰজাসকলে এই গাহৰিবোৰ আনিছিল। 
 
প্ৰতিনিধিত্বমূলক ছবি
 
কিন্তু ইয়াৰ অস্তিত্বৰ আদৰ্শ পৰিস্থিতিৰ অভাৱত ই বিলুপ্ত হৈ পৰিছিল আৰু ১৯৮৪ চনৰ বন্যপ্ৰাণীৰ লোকপিয়ল অনুসৰি উপত্যকাটোত বনৰীয়া গাহৰি আনুষ্ঠানিকভাৱে দেখা পোৱাৰ কোনো তথ্য উপলব্ধ নাছিল। 
 
কিন্তু এটা দশকৰ শেষৰ ফালে ডাচিগামত এটা অদ্ভুত প্ৰাণী দেখা গৈছিল। কিন্তু তাতোকৈ আচৰিত আছিল শেহতীয়া বছৰবোৰত উত্তৰ কাশ্মীৰত দেখা পোৱাটো অধিক আশ্চৰ্যজনক আছিল। জন্তুটোৱে শহাপহুৰ দৰে সন্তান জন্ম দিয়ে। এক বছৰত এই প্ৰজাতিৰ মাইকী গাহৰিয়ে সাতটালৈকে সন্তান জন্ম দিব পাৰে।  
 
আল জাজিৰাই এই বিষয়ত অঞ্চলটোৰ বন্যপ্ৰাণী ৱাৰ্ডেন ৰছিদ য়াহিয়া নাকাছৰ উদ্ধৃতিৰে এক প্ৰতিবেদন প্ৰকাশ কৰিছে। তেওঁ কয়, “দৃশ্যবোৰ বনাঞ্চলত সীমাবদ্ধ আছিল যদিও এতিয়া এই জন্তুবোৰ মানুহৰ ভূ-প্ৰকৃতিৰ ওচৰলৈ সঘনাই অহা আৰম্ভ কৰিছে, বিশেষকৈ উত্তৰ কাশ্মীৰত, য’ত আমি সঘনাই শস্যৰ ক্ষতি সাধনৰ খবৰ লাভ কৰিবলৈ লৈছো।”   
 
আল জাজিৰাৰ এক প্ৰতিবেদনত কাশ্মীৰক লৈ ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা ৰাজনীতিৰ প্ৰচুৰ প্ৰসংগ ইয়াৰ প্ৰতিবেদনত ব্যৱহাৰ কৰিছিল যদিও বিষয়টো মানুহ-জীৱ-জন্তুৰ সংঘাতৰ বিষয়ে আছিল। ইয়াৰ উপৰিও ই এক অজ্ঞাত সূত্ৰৰ উদ্ধৃতিৰে “চৰকাৰে অনুপ্ৰৱেশকাৰী বন্যপ্ৰাণীটোক নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ অন্যতম কাৰণ হিচাপে ৩৭০ নং অনুচ্ছেদ বাতিল কৰাটো” দোষাৰোপ কৰিছে। 
 
বন্যপ্ৰাণী বিষয়াসকলে কয় যে জলবায়ু পৰিৱৰ্তনে কাশ্মীৰৰ বনৰীয়া গাহৰিৰ পুনৰুজ্জীৱনত কেনে প্ৰভাৱ পেলাইছে সেই বিষয়ে আলোকপাত কৰিবলৈ এক বিতং অধ্যয়নৰ প্ৰয়োজন।