নতুন দিল্লী
কেন্দ্ৰীয় চৰকাৰে প্ৰায় ১৪ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে পাছপোৰ্টৰ মাচুল বৃদ্ধি কৰিছে। নতুন নিৰ্ধাৰিত মাচুল অনুসৰি, ১ জুলাইৰ পৰা সাধাৰণ ব্যৱস্থাত নতুন পাছপোৰ্টৰ বাবে ২,৫০০ টকা আৰু তৎকাল ব্যৱস্থাত ৫,০০০ টকা পৰিশোধ কৰিব লাগিব।
চৰকাৰে পাছপোৰ্ট ভ্ৰমণৰ বাবে প্ৰয়োজনীয় নথি, নাগৰিকত্বৰ প্ৰমাণপত্ৰ নহয় বুলি স্পষ্ট কৰি দিয়াৰ এদিন পিছতেই এই নতুন মাচুলৰ তালিকা প্ৰকাশ কৰা হৈছে।
নতুন মাচুল অনুসৰি, ১৮ বছৰ বা তাতকৈ অধিক বয়সৰ আবেদনকাৰীৰ বাবে ৩৬ পৃষ্ঠাৰ নতুন বা পুনৰ ইছ্যু কৰা পাছপোৰ্টৰ সাধাৰণ মাচুল বৰ্তমানৰ ১,৫০০ টকাৰ পৰা বৃদ্ধি কৰি ২,৫০০ টকা কৰা হৈছে। আনহাতে, তৎকাল সেৱাৰ মাচুল ৩,৫০০ টকাৰ পৰা বৃদ্ধি কৰি ৫,০০০ টকা নিৰ্ধাৰণ কৰা হৈছে।
একেদৰে, ৬০ পৃষ্ঠাৰ পাছপোৰ্টৰ সাধাৰণ মাচুল ২,০০০ টকাৰ পৰা বৃদ্ধি কৰি ৩,৫০০ টকা আৰু তৎকাল মাচুল ৪,০০০ টকাৰ পৰা বৃদ্ধি কৰি ৬,০০০ টকা কৰা হৈছে।
বিদেশ মন্ত্ৰালয়ে পাছপোৰ্ট (সংশোধনী) নিয়মাৱলী, ২০২৬ৰ জৰিয়তে এই নতুন মাচুলৰ তালিকা জাৰি কৰিছে। ২০১২ চনৰ পিছত এয়াই হৈছে পাছপোৰ্টৰ মাচুলৰ প্ৰথম উল্লেখযোগ্য সংশোধন।
হেৰুওৱা বা ক্ষতিগ্ৰস্ত পাছপোৰ্টৰ পৰিৱৰ্তে নতুন পাছপোৰ্ট ল'ব বিচৰা আবেদনকাৰীসকলেও এতিয়াৰ পৰা অধিক মাচুল দিব লাগিব। ৩৬ পৃষ্ঠাৰ পাছপোৰ্ট সলনি কৰাৰ বাবে সাধাৰণ ব্যৱস্থাত ৫,০০০ টকা আৰু তৎকাল ব্যৱস্থাত ৭,৫০০ টকা নিৰ্ধাৰণ কৰা হৈছে। একেদৰে, ৬০ পৃষ্ঠাৰ পাছপোৰ্টৰ ক্ষেত্ৰত এই মাচুল ক্ৰমে ৬,০০০ টকা আৰু ৮,৫০০ টকা হ'ব।
১৮ বছৰৰ তলৰ আবেদনকাৰীৰ বাবে ৩৬ পৃষ্ঠাৰ নতুন বা পুনৰ ইছ্যু কৰা পাছপোৰ্টৰ সাধাৰণ মাচুল ১,৭৫০ টকা আৰু তৎকাল মাচুল ৪,২৫০ টকা নিৰ্ধাৰণ কৰা হৈছে।
হেৰুওৱা বা ক্ষতিগ্ৰস্ত পাছপোৰ্ট সলনি কৰাৰ ক্ষেত্ৰত অপ্ৰাপ্তবয়স্ক আবেদনকাৰীসকলে সাধাৰণ ব্যৱস্থাত ৪,২৫০ টকা আৰু তৎকাল ব্যৱস্থাত ৬,৭৫০ টকা পৰিশোধ কৰিব লাগিব।
বিদেশ মন্ত্ৰালয়ে জানিবলৈ দিয়া মতে, ১ জুলাই বা তাৰ পিছত দাখিল কৰা সকলো পাছপোৰ্ট আবেদনত এই নতুন মাচুল প্ৰযোজ্য হ'ব। ২০ জুনত পাছপোৰ্ট আইন, ১৯৬৭ৰ ২৪ নং ধাৰাৰ অধীনত জাৰি কৰা অধিসূচনাখনত বিভিন্ন ভ্ৰমণ-সম্পৰ্কীয় নথি আৰু পাছপোৰ্ট-সংক্ৰান্ত সেৱাৰ মাচুলতো সংশোধন কৰা হৈছে।
ভাৰতৰ ভিতৰত জৰুৰীকালীন প্ৰমাণপত্ৰ (Emergency Certificate) পূৰ্বৰ দৰেই বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব। কিন্তু বিদেশত এই সেৱাৰ বাবে ১৫ আমেৰিকান ডলাৰ মাচুল লোৱা হ'ব।
পৰিচয় প্ৰমাণপত্ৰ (Certificate of Identity)ৰ বাবে ভাৰতত ১,০০০ টকা আৰু বিদেশত ৫০ আমেৰিকান ডলাৰ মাচুল নিৰ্ধাৰণ কৰা হৈছে।
পুলিচ ক্লিয়াৰেন্স চাৰ্টিফিকেট (PCC), ছাৰেণ্ডাৰ চাৰ্টিফিকেট, গ্ল'বেল এণ্ট্ৰি প্ৰগ্ৰামৰ সত্যাপন আৰু অন্যান্য পাছপোৰ্ট-সম্পৰ্কীয় প্ৰমাণপত্ৰৰ বাবে ভাৰতত ৭৫০ টকা আৰু বিদেশত ৪০ আমেৰিকান ডলাৰ মাচুল লোৱা হ'ব।
উল্লেখ্য যে, পাছপোৰ্টৰ মাচুলৰ শেষ সংশোধন ২০১২ চনত কৰা হৈছিল। সেই সময়ত ৩৬ পৃষ্ঠাৰ সাধাৰণ পাছপোৰ্টৰ মাচুল ১,০০০ টকাৰ পৰা ১,৫০০ টকা আৰু তৎকাল সেৱাৰ মাচুল ২,৫০০ টকাৰ পৰা ৩,৫০০ টকালৈ বৃদ্ধি কৰা হৈছিল।