গুৱাহাটী
বেদখলকাৰীক উচ্ছেদৰ সময়ত গোৱালপাৰাৰ পাইকানত আৰক্ষীক আক্ৰমণ কৰা ১২ টা আক্ৰমণকাৰীক নিশাৰ ভিতৰতে গ্ৰেপ্তাৰ কৰিলে গোৱালপাৰা আৰক্ষীয়ে। কৃষ্ণাইৰ ভিন্ন স্থানত অভিযান চলাই গ্ৰেপ্তাৰ দুষ্কৃতিকাৰীকেইটাক। উচ্ছেদৰ সময়ত ৰক্তাক্ত হৈ পৰিছিল পাইকান।
বৃহস্পতিবাৰে পাইকানত আৰক্ষীৰ ওপৰত জঁপিয়াই পৰিছিল একাংশ বেদখলকাৰী। সকলো সীমা চেৰাই একাংশ বেদখলকাৰীয়ে বিলাসীপাৰাৰ চাপৰৰ দৰে পাইকানতো আৰক্ষীক খেদি খেদি আক্ৰমণ কৰিছিল। বেদখলকাৰীৰ আক্ৰমণত আহত হৈছিল ২১ গৰাকী আৰক্ষী। প্ৰাণৰক্ষাৰ বাবে আৰক্ষীয়ে কৰা গুলীচালনাত এটা আক্ৰমণকাৰীৰ মৃত্যু হোৱাৰ বিপৰীতে গুলীবিদ্ধ হৈছে আন এজন।
উল্লেখযোগ্য যে, ১০৩৮ বিঘা বনাঞ্চলৰ ভূমি দখল কৰি বহি আছিল বেদখলকাৰীসকল। কেৱল ইমানে নহয় বেদখলকাৰীয়ে জ্বলাই দিছিল বিদ্যাপাৰা বিদ্যালয়খনো। ইতিমধ্যে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি অব্যাহত আছে তদন্ত। বুধবাৰে নিশাৰ পৰাই আৰক্ষীক আক্ৰমণৰ পৰিকল্পনা কৰিছিল বেদখলকাৰীয়ে।
ইপিনে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নিশাৰ ভাগত কৃষ্ণাই আৰু বলবলাত ৰেপিড এক্সন ফৰ্চে টহল দিয়ে। ছামনুৰ আলী নামে লোকজনে মুখ্যমন্ত্ৰীক ভাবুকি দিছিল। সেই ছামনুৰ আলী নামৰ লোকজনকো নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। মুখ্যমন্ত্ৰীক সকীয়নি দিছিল ছামনুৰ আলীয়ে। ‘নাৰাএ তকবীৰ’ ধ্বনি দি পাইকানত হুংকাৰ দিছিল ছামনুৰে। পাইকানত মোতায়েন ৰেপিড এক্সন ফ’ৰ্চ আৰক্ষীয়ে ১২ টা আক্ৰমণকাৰীক জেৰা অব্যাহত ৰাখিছে। কোনো উচটনিমূলক মন্তব্য কৰিছে, কাৰ নিৰ্দেশত আৰক্ষীৰ ওপৰত আক্ৰমণ হৈছিল তাৰো ক্ষিপ্ৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।