উৰিষ্যাৰ ৰে'ল দূৰ্ঘটনাৰ বাবে উচ্চতম ন্যায়ালয়ত পিআইএল দাখিল

Story by  atv | Posted by  Munni Begum • 10 Months ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
নতুন দিল্লী 
 
২ জুন শুকুৰবাৰে বালাছ'ৰ ৰে’লৰ সংঘৰ্ষত কমেও ২৮৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১১০০ৰো অধিক লোক আহত হোৱাৰ বাবে উচ্চতম ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থৰ জড়িত আবেদন (পিআইএল) দাখিল কৰা হৈছে। উচ্চতম ন্যায়ালয়ৰ অধিবক্তা বিশাল য়িৱাৰীয়ে এই আবেদন দাখিল কৰিছে।   
 
উচ্চতম ন্যায়ালয়ত পিআইএলে চৰকাৰৰ পৰা নিৰ্দেশনা বিচাৰিছে যে, উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত কাৰিকৰী সদস্যৰে গঠিত বিশেষজ্ঞ আয়োগ গঠন কৰি ৰেল ব্যৱস্থাৰ বৰ্তমানৰ বিপদ আৰু সুৰক্ষাৰ পৰিমাপসমূহ বিশ্লেষণ আৰু পৰ্যালোচনা কৰি পদ্ধতিগত সুৰক্ষাৰ পৰামৰ্শ আগবঢ়াব ৰে'লৱে সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ বাবে পৰিৱৰ্তন আৰু এই আদালতত ইয়াৰ প্ৰতিবেদন দাখিল কৰিব। 
 
কৱচ আৰু অন্যান্য সুৰক্ষাৰ মানদণ্ডৰ ওপৰত পুংখানুপুংখ তদন্ত হ’ব লাগে। ৰে’ল সুৰক্ষা নিশ্চিত কৰাৰ বাবে নিৰ্দেশনাৱলী প্ৰস্তুত কৰিব লাগে আৰু আয়োগে দুমাহৰ ভিতৰত আদালতত প্ৰতিবেদন দাখিল কৰিব লাগে বুলি আবেদনখনত উল্লেখ কৰা হৈছে। 
 
চেন্নাই অভিমুখে গৈ থকা শালিমাৰ-চেন্নাই চেণ্ট্ৰেল ক’ৰ’মেণ্ডেল এক্সপ্ৰেছ ৰেলপথৰ পৰা ওলাই অহাত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। কাষৰ ট্ৰেকত এখন মাল ট্ৰেইনৰ সৈতে সংঘৰ্ষ হোৱাৰ ফলত ক’ৰ’মেণ্ডেল এক্সপ্ৰেছৰ পিছফালৰ  অংশটো তৃতীয় ট্ৰেকলৈ গুচি যায়। তৃতীয় ট্ৰেকত বিপৰীত দিশৰ পৰা অহা বেংগালুৰু-হাওৰা ছুপাৰফাষ্ট এক্সপ্ৰেছখনে ৰেলপথৰ পৰা ওলাই যোৱা ডবাবোৰৰ সৈতে খুন্দা মাৰিলে।