মাৰুতি ছুজুকিৰ প্ৰথমখন গোলকীয় ইলেক্ট্ৰিক গাড়ী ই-ভিটাৰাৰ ফ্লেগ-অফ কৰাৰ সময়ত প্ৰধানমন্ত্ৰী মোদী
আহমেদাবাদ
ড’নাল্ড ট্ৰাম্পৰ নতুন শুল্ক নীতি কাৰ্যকৰী হোৱাৰ পূৰ্বে স্বদেশী সামগ্ৰীক বৃহৎ উদগণি যোগাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে ছুজুকি মটৰ প্লাণ্টৰ স্থানীয় উৎপাদন হাইব্ৰিড বেটাৰী ইলেক্ট্ৰ’ড (hybrid battery electrodes)ৰ শুভাৰম্ভ কৰে। ইউৰোপ আৰু জাপানকে ধৰি ১০০খনতকৈও অধিক দেশলৈ প্ৰেৰণ কৰিবলগীয়া মাৰুতি ছুজুকিৰ প্ৰথমখন গোলকীয় ইলেক্ট্ৰিক গাড়ী ই-ভিটাৰাৰ ৰপ্তানি প্ৰক্ৰিয়াৰো তেওঁ ফ্লেগ অফ কৰে।
গুজৰাটৰ হানছালপুৰত অনুষ্ঠিত মাৰুতি ছুজুকিৰ অনুষ্ঠানত ভাৰতৰ মেক ইন ইণ্ডিয়া যাত্ৰাৰ এক নতুন অধ্যায় মুকলি কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, "আজিৰ পৰা ভাৰতত নিৰ্মিত বৈদ্যুতিক বাহন ১০০খন দেশলৈ ৰপ্তানি কৰা হ'ব। ইয়াৰ লগতে আজিৰ পৰা হাইব্ৰিড বেটাৰী ইলেক্ট্ৰ’ড নিৰ্মাণো আৰম্ভ হৈছে।"
উদ্বোধনী অনুষ্ঠানৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, “ভাৰতৰ আত্মনিৰ্ভৰশীলতা আৰু সেউজ গতিশীলতাৰ কেন্দ্ৰ হোৱাৰ দিশত আজি এক বিশেষ দিন। হানছালপুৰৰ অনুষ্ঠানত ই-ভিটাৰাৰ ফ্লেগ অফ কৰা হ’ব। এই বেটাৰী বৈদ্যুতিক বাহন (বি ই ভি) ভাৰতত নিৰ্মিত আৰু ইয়াক এশৰো অধিক দেশলৈ ৰপ্তানি কৰা হ’ব। আমাৰ বেটাৰী পৰিৱেশ তন্ত্ৰৰ বাবে এক ডাঙৰ উদগণি হিচাপে গুজৰাটৰ এটা উদ্যোগত হাইব্ৰিড বেটাৰী ইলেক্ট্ৰ’ডৰ উৎপাদনো আৰম্ভ হ’ব।”
২০১৭ চনত টিডিএছ লিথিয়াম-আয়ন বেটাৰী গুজৰাট প্ৰাইভেট লিমিটেড (TDS Lithium-Ion Battery Gujarat Private Limited) স্থাপনৰ ওপৰত আলোকপাত কৰি প্ৰধানমনন্ত্ৰী মোদীয়ে কয় যে ভাৰতক বৈদ্যুতিক বাহনৰ উৎপাদন কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে ঘৰুৱাভাৱেও বেটাৰী উৎপাদন কৰাটো অতি প্ৰয়োজনীয় আছিল।
হাইব্ৰিড আৰু ইলেক্ট্ৰিক বাহনৰ বেটাৰী উৎপাদনৰ এক বৃহৎ উদগণি হিচাপে প্ৰধানমন্ত্ৰী মোদীয়ে ছুজুকি, টোছিবা, আৰু ডেনছ’ই স্থাপন কৰা লিথিয়াম-আয়ন বেটাৰী নিৰ্মাণ কেন্দ্ৰও উদ্বোধন কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে আগন্তুক উৎসৱৰ বতৰত আত্মনিৰ্ভৰশীলতা উদযাপন কৰা উচিত বুলি জোৰ দি মানুহক স্বদেশী সামগ্ৰী বাছি ল’বলৈ আহ্বান জনায়। "এইটো উৎসৱৰ বতৰ। এতিয়া নৱৰাত্ৰি, বিজয়দশমী, ধনতেৰাছ, দীপাৱলীৰ দৰে উৎসৱবোৰ আহি আছে। এইবোৰ আমাৰ সংস্কৃতিৰ উদযাপন, কিন্তু আত্মনিৰ্ভৰশীলতাৰ উদযাপনো হ'ব লাগে। সেয়ে মই আপোনালোকক পুনৰবাৰ অনুৰোধ জনাইছো যে আমি আমাৰ জীৱনত এটা মন্ত্ৰ গ্ৰহণ কৰিব লাগিব যে আমি যি কিনিম সেয়া ‘মেড ইন ইণ্ডিয়া’ হ’ব, সেয়া থলুৱা হ’ব।"-সংবাদ সংস্থা এএনআইৰ উদ্ধৃতিৰে প্ৰধানমন্ত্ৰী মোদীয়ে এইদৰে কয়।
প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰা এই নতুন প্ৰকল্পৰ জৰিয়তে উদ্যোগটোৱে লিথিয়াম-আয়ন বেটাৰীৰ বাবে প্ৰয়োজনীয় উপাদান আৰু প্ৰক্ৰিয়াৰ ৮০ শতাংশতকৈ অধিক উৎপাদন কৰিব, যাৰ ফলত আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পাব আৰু ৰপ্তানিৰ পথ মুকলি হ’ব।