অৰুণাচল প্ৰদেশত ৫,১০০ কোটি টকা মূল্যৰ আন্তঃগাঁথনি প্ৰকল্প মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে

Story by  atv | Posted by  [email protected] • 2 h ago
জিএছটি ৰাহি উৎসৱ উপলক্ষে আয়োজিত এখন প্ৰদৰ্শনীত এগৰাকী মহিলাৰ সৈতে প্ৰধানমন্ত্ৰী মোদী
জিএছটি ৰাহি উৎসৱ উপলক্ষে আয়োজিত এখন প্ৰদৰ্শনীত এগৰাকী মহিলাৰ সৈতে প্ৰধানমন্ত্ৰী মোদী
 
গুৱাহাটী 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শক্তি আৰু আঞ্চলিক উন্নয়নৰ ক্ষেত্ৰত অৰুণাচল প্ৰদেশৰ ক্ৰমবৰ্ধমান ভূমিকাক উজ্জ্বল কৰি তুলি ৰাজ্যখনত ৫,১০০ কোটি টকাৰো অধিক মূল্যৰ আন্তঃগাঁথনি প্ৰকল্প আৰম্ভ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে শ্বি যোমি জিলা (Shi Yomi district)ৰ দুটা বৃহৎ জলবিদ্যুৎ প্ৰকল্প আৰু টাৱাঙত এটা কনভেনচন চেণ্টাৰৰ আধাৰশিলা স্থাপন কৰে।
 
প্ৰধানমন্ত্ৰীয়ে পথ সংযোগ, স্বাস্থ্যসেৱা, অগ্নি সুৰক্ষাকে ধৰি বিভিন্ন খণ্ডত ১২৯০ কোটি টকাৰো অধিক মূল্যৰ প্ৰকল্পও আৰম্ভ কৰে। পিছত ইটানগৰৰ ইন্দিৰা গান্ধী উদ্যানত ৰাজহুৱা সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে, অৰুণাচলৰ ভূমি কেৱল সূৰ্য্য উঠা দেশ নহয়, ই দেশপ্ৰেমৰ ভূমিও। তেওঁ কয়, যেনেকৈ ত্ৰিৰংগাৰ প্ৰথম ৰং কেশৰ, একেদৰে অৰুণাচলৰো প্ৰথম ৰং কেশৰ।
 
ইয়াৰ প্ৰতিজন ব্যক্তি শৌৰ্য্য আৰু সৰলতাৰ প্ৰতীক। মোদীয়ে পুনৰ কয় যে এন ডি এ চৰকাৰৰ কাৰ্যকালত কেন্দ্ৰীয় মন্ত্ৰীসকলে ৮০০ বাৰতকৈও অধিক উত্তৰ-পূব ভ্ৰমণ কৰি সুদূৰত অৱস্থিত জিলা আৰু গাঁৱসমূহলৈ যাবলৈ চেষ্টা কৰিছে। প্ৰধানমন্ত্ৰী হিচাপে তেওঁ ৭০ বাৰতকৈও অধিক উত্তৰ-পূবলৈ আহিছে।
প্ৰধানমন্ত্ৰীয়ে কয়, উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যকে আমি লক্ষ্মী দেৱীৰ ৰূপ বুলি গণ্য কৰোঁ। গতিকে এই অঞ্চলটো উন্নয়নৰ দিশত পিছ পৰি থকাটো আমি নিবিচাৰো।
 
মোদীয়ে উল্লেখ কৰে যে ভাৰতে ২০৩০ চনৰ ভিতৰত সৌৰ, বতাহ, আৰু জল প্ৰকল্পৰ জৰিয়তে অগতানুগতিক উৎসৰ পৰা ৫০০ জিৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। তেওঁ কয় যে অৰুণাচল প্ৰদেশে এই দিশত দেশৰ সমান্তৰালভাৱে কাম কৰি আছে। আজি আধাৰশিলা স্থাপন কৰা এই জলবিদ্যুৎ প্ৰকল্প দুটাই ৰাজ্যখনৰ প্ৰধান শক্তি উৎপাদক হিচাপে স্থিতি আৰু অধিক শক্তিশালী কৰি হাজাৰ হাজাৰ যুৱক-যুৱতীৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব। লগতে উন্নয়নমূলক কাম-কাজৰ বাবে সুলভ মূল্যৰ বিদ্যুৎ সুনিশ্চিত কৰিব বুলিও তেওঁ কয়।
নেক্সট জেনেৰেচন জি এছ টি সংস্কাৰ সন্দৰ্ভত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে এই সংস্কাৰৰ সৰ্বাধিক হিতাধিকাৰীৰ ভিতৰত থাকিব মহিলাসকল। তেওঁ ব্যাখ্যা কৰে যে সংস্কাৰৰ জৰিয়তে ঘৰুৱা মাহিলী খৰচ লাঘৱ হ’ব আৰু সঞ্চয় বৃদ্ধি পাব, কিয়নো আজিৰ পৰা জি এছ টি মাত্ৰ দুটা স্লেবতে সীমাবদ্ধ থাকিব, অৰ্থাৎ ৫ শতাংশ আৰু ১৮ শতাংশ। আন বহু সামগ্ৰী কৰমুক্ত কৰা হ’ব। মোদীয়ে জি এছ টি ৰাহি উৎসৱ (GST Bachat Utsav)ক সমগ্ৰ দেশৰ পৰিয়ালসমূহৰ বাবে এক স্মৰণীয় মাইলৰ খুঁটি বুলি অভিহিত কৰে।
 
আজি সন্ধিয়া ত্ৰিপুৰাৰ উদয়পুৰত পুনৰ নিৰ্মিত মাতা ত্ৰিপুৰা সুন্দৰী মন্দিৰ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে। হিন্দুসকলৰ ৫১টা শক্তি পীঠৰ ভিতৰত অন্যতম হৈছে মাতা ত্ৰিপুৰা সুন্দৰী মন্দিৰ।