পাটনা
মুখ্য নিৰ্বাচনী বিষয়া বিনোদ সিং গুঞ্জিয়ালে জনোৱা মতে, বৃহস্পতিবাৰে বিহাৰত অনুষ্ঠিত হোৱা প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনত ১২১খন আসনত ভোটগ্ৰহণৰ সামৰণিৰ সময়ত সাময়িকভাৱে ৬৪.৪৬ শতাংশ ভোটদানৰ হাৰ পঞ্জীয়ন কৰা হয়।
১৩১৪ জন প্ৰাৰ্থীৰ নিৰ্বাচনী ভাগ্য নিৰ্ণয় কৰিবলৈ এই পৰ্যায়ত মুঠ ৩.৭৫ কোটি ভোটাৰে নিজৰ ভোটাধিকাৰ ব্যৱহাৰ কৰাৰ যোগ্যতা আছিল বুলিও তেওঁ কয়।
তেওঁ লগতে কয় যে ৪৫,৩৪১টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণ হৈছিল, ইয়াৰে ৩৬,৭৩৩টা গ্ৰাম্য অঞ্চলত।
গুঞ্জিয়ালে কয় যে লক্ষীচৰাই আৰু সাৰণত “ক্ষুদ্ৰ কাজিয়া”ৰ কেইটামান কাণ্ড বাদ দি ভোটদান শান্তিপূৰ্ণভাৱে পাৰ হৈ যায়।
"পুৱা ৭ বজাৰ পৰা আৰম্ভ হয় আৰু সন্ধিয়া ৬ বজাত কটকটীয়া নিৰাপত্তাৰ মাজত ভোটদানৰ সামৰণি পৰে। প্ৰায় ৬৪.৪৬ শতাংশ ভোটাৰৰ ভোটদানৰ হাৰ পঞ্জীয়ন হৈছে।" -- তেওঁ কয়।
তেওঁ লগতে কয় যে মুঠ ১৪৩টা অভিযোগ লাভ কৰা হৈছিল আৰু তৎক্ষণাত সমাধান কৰা হৈছিল।
গুঞ্জিয়ালে কয় যে বাক্সাৰ, ফাতুহা আৰু সূৰ্য্যগড়ৰ কিছুমান বিশেষ বুথত ভোটগ্ৰহণ বৰ্জন কৰা হৈছে।
২৪৩ জনীয়া বিধানসভাৰ বাকী ১২২খন আসনত ১১ নৱেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু ১৪ নৱেম্বৰত ভোটগণনা হ’ব।