প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নামৰূপত অসম ভেলি ফাৰ্টিলাইজাৰ কেমিকেল কোম্পানীৰ শিলান্যাস আৰু ভূমি পূজন কৰিব

Story by  atv | Posted by  [email protected] • 3 h ago
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নামৰূপত অসম ভেলি ফাৰ্টিলাইজাৰ কেমিকেল কোম্পানীৰ শিলান্যাস আৰু ভূমি পূজন কৰিব
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নামৰূপত অসম ভেলি ফাৰ্টিলাইজাৰ কেমিকেল কোম্পানীৰ শিলান্যাস আৰু ভূমি পূজন কৰিব
 
ডিব্ৰুগড়
 
অসম ভ্ৰমণৰ আদি দ্বিতীয় দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নামৰূপ সাৰ কাৰখানাৰ নতুন গোট অসম ভেলি ফাৰ্টিলাইজাৰ কেমিকেল কোম্পানীৰ শিলান্যাস আৰু ভূমি পূজন কৰিব৷ এই উপলক্ষে নামৰূপ সাৰ কাৰখানাৰ চৌহদত পুৱাৰে আৰম্ভ হৈছে ভূমি পূজন৷ এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদী অংশগ্ৰহণ কৰাৰ পাছতেই নামৰূপৰ হাপজানত জনসভা সম্বোধন কৰিব৷
 
প্ৰধানমন্ত্ৰীয়ে নামৰূপৰ চতুৰ্থটো প্লাণ্টৰ আধাৰশিলা স্থাপন কৰাৰ লগে লগে উত্তৰ-পূৰ্বাঞ্চলে উদ্যোগীক উন্নয়নৰ ক্ষেত্ৰত এটা শক্তিশালী নতুন যাত্ৰা আৰম্ভ হ’ব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰীৰ সভাৰ বাবে ইতিমধ্যে কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে নামৰূপৰ হাপজানত প্ৰধানমন্ত্ৰীৰ সভাস্থলীত। প্ৰায় ডেৰ লক্ষাধিক লোক সমবেত হ'ব পৰাকৈ সাজু কৰি তোলা হৈছে সুবিশাল মণ্ডপ। মোতায়েন কৰা হৈছে হাজাৰ হাজাৰ আৰক্ষী জোৱান।
 
প্ৰায় ১১ হাজাৰ কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ হ’ব লগা উদ্যোগটোৱে বছৰি ১২.৭ লাখ মেট্ৰিকটন ইউৰিয়া উৎপাদন কৰিব। ৪৮ মাহৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰিবলৈ লগা নামৰূপৰ সাৰ কাৰখানা নতুন প্ৰকল্পক লৈ সাৰ কাৰখানা পৰিচালন সঞ্চালক শিৱ প্ৰসাদ মহান্তিয়ে কয়, "কেৱল নামৰূপৰ বাবে নহয়, সমগ্ৰ অসমৰ বাবে আজি ভাল দিন। যশস্বী প্ৰধানমন্ত্ৰী আজি ভূমিপূজনৰ বাবে‌ নামৰূপৰ দৰে ঠাইলৈ আহিব। অসম ভেলী ফাৰ্টিলাইজাৰ কেমিকেল কোম্পানীৰ প্ৰথম এম ডি হোৱা কাৰণে ময়ো ভগৱানক প্ৰাৰ্থনা জনাওঁ যে অতি সোনকালে এই কাৰখানা নিৰ্মাণ হৈ উঠক।" 
 
তেওঁ লগতে কয় যে ইয়াত বিগত দহ পোন্ধৰ বছৰ এনেকুৱা পৰিৱেশ আছিল য'ত মানুহ নিৰাশ হৈ‌ পৰিছিল। কিন্তু আজি সেই দিনটো আহি গ'ল। মই আশা কৰিম সকলোৰে সহযোগিতা পাম বুলি। আমাক ২০৩০ বুলি যি তাৰিখ দিছে তাৰ আগতেই আমি এই কাৰখানা সাজু কৰি তুলিম যাতে আমি আৰু অধিক উৎপাদন কৰিব পাৰো।
 
উল্লেখ্য যে নামৰূপৰ সাৰ কাৰখানা শ্ৰমিক ইউনিয়নে দীৰ্ঘদিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল নতুন প্ৰকল্প নিৰ্মাণৰ দাবীত। আজি সেই দিনটো আহি পোৱাত সাৰ কাৰখানাৰ শ্ৰমিক ইউনিয়নে আনন্দ প্ৰকাশ কৰিছে। ইউনিয়নৰ এজন সদস্যই কয়, "আজি আমাৰ কাৰণে এটা ঐতিহাসিক দিন। আমি প্ৰথমেই মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে নামৰূপ সাৰ কাৰখানাৰ কাৰণে এটা সু-বাৰ্তা আনিছে। তেখেতে আজি নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোটৰ আধাৰশিলা স্থাপন কৰিব। আৰু এ বি ভি এফ চি চি এল গঠন হ'বলৈ গৈ আছে।"