নামৰূপ সাৰ কাৰখানাৰ নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী মোদীৰ

Story by  atv | Posted by  [email protected] • 3 h ago
নামৰূপ সাৰ কাৰখানাৰ নতুন গোটৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী মোদীৰ
নামৰূপ সাৰ কাৰখানাৰ নতুন গোটৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী মোদীৰ
 
নামৰূপ
 
অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে আজি এটা বিশেষ দিন। ডিব্রুগড় আৰু নামৰূপবাসীয়ে অপেক্ষা কৰি থকা সপোন আজি পূৰণ হ’ল। নামৰূপ আৰু ডিব্ৰুগড়ে ঔদ্যোগিক অগ্ৰগতিৰ নতুন অধ্যায় আৰম্ভ কৰিবলৈ ওলাইছে।- এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। আজি নামৰূপৰ সাৰ কাৰখানাৰ এটা নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ পিছত বিশাল জনসভা সম্বোধন কৰি ভাষণত এইদৰে মন্তব্য কৰে প্রধানমন্ত্ৰীগৰাকীয়ে। 
 
প্রধানমন্ত্রীয়ে উপস্থিত জনতাক অসমীয়াতে সম্বোধন কৰি চাওলুং চ্যুকাফা আৰু মহাবীৰ লাচিত বৰফুকনৰ বীৰত্বক শ্ৰদ্ধাৰে স্মৰণ কৰে। লগতে ভীমবৰ দেউৰী, শ্বহীদ কুশল কোঁৱৰকো স্মৰণ কৰি ‘বীৰাংগনা সতী সাধনীৰ ভূমিক প্রণাম জনাইছো’ বুলি মন্তব্য কৰে। ভাষণ প্ৰসংগত কেইবাটাও উল্লেখযোগ্য দিশ উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। 
 
নামৰূপত বিশাল জনসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
 
অসমৰ চাহ বাগিচাৰ সৈতে তেওঁৰ এক সুকীয়া সম্পৰ্ক আছে বুলি উল্লেখ কৰি তেওঁ অসমক আৰু অধিক আগুৱাই নিব লাগিব বুলি মন্তব্য কৰে। নতুন উদ্যোগৰ আৰম্ভণি, ছেমি কণ্ডাক্টৰ, কৃষি ক্ষেত্রত নতুন উন্নয়ন, পৰ্যটনৰ বৰ্ধিত সম্ভাৱনাকে ধৰি অসম সকলো ক্ষেত্রতে আজি আগবাঢ়িছে বুলি তেওঁ প্ৰকাশ কৰে। বিজেপিৰ ডাবল ইঞ্জিনৰ চৰকাৰে উদ্যোগ আৰু যোগাযোগেৰে অসমৰ সপোন পূৰ্ণ কৰিছে বুলি উল্লেখ কৰি নৱ প্রজন্মক চৰকাৰখনে 'নতুন সপোন দেখিবলৈ সাহস দিছে’ বুলি জনসভাত তেওঁ উল্লেখ কৰে। তেওঁ লগতে কয়, ‘‘বিকশিত ভাৰতৰ উন্নয়নত কৃষকসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তেওঁলোকৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ চৰকাৰে তেওঁলোকক সহায় কৰিবলৈ অক্লান্তভাৱে কাম কৰি আছে।’’ 
 
নামৰূপ সাৰ কাৰখানাৰ নতুন প্ৰকল্পটো সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয়, ‘'কৃষকৰ হিতৰ বাবে আমাৰ চৰকাৰে দিনে-নিশাই কাম কৰি আছে। কৃষি কল্যাণ যোজনাৰ অধীনত সকলোকে সাৰ যোগানৰ ব্যৱস্থা কৰা হৈছে। এই সাৰ কাৰখানাই এই কাৰ্যক অধিক সাফল্যমণ্ডিত কৰিব। নামৰূপৰ এই প্রকল্পই সংস্থাপনৰো বহু পথ মুকলি কৰিব। প্রকল্প আৰম্ভ হোৱাৰ লগে লগে সংস্থাপন পাব বহু কৰ্মীয়ে। কৃষকৰ কল্যাণৰ কাম কেৱল বিজেপি চৰকাৰ অহাৰ পিছতহে হৈছে। নামৰূপ সাৰ কাৰখানা পূৰ্বৰ পৰাই ভাৰতৰ কৃষকৰ আশাৰূপে থিয় হৈ আছিল।’’
 
বিশাল জনসভাত উপস্থিত ৰাইজৰ একাংশ
 
পূৰ্বৰ কংগ্ৰেছ চৰকাৰক সমালোচনা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘‘কংগ্ৰেছে পৰিস্থিতি ইমানেই বেয়া কৰি তুলিলে যে ১১ বছৰৰ কঠোৰ পৰিশ্ৰমৰ পাছতো এতিয়াও বহু কাম কৰিবলগীয়া আছে।’’ বিজেপি ক্ষমতালৈ অহাৰ পাছতহে কৃষকৰ বাবে কল্যাণমূলক কাম আৰম্ভ হোৱা বুলি দৃঢ়তাৰে উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে নামৰূপ এসময়ত সমগ্ৰ উত্তৰ-পূবক উপকৃত কৰা এটা প্ৰধান সাৰ উৎপাদন কেন্দ্ৰ আছিল আৰু কঠিন সময়ত কৃষকৰ বাবে আশাৰ ৰূপত থিয় দিছিল। তেওঁ কয়, ‘‘কিন্তু মেচিনবোৰ পুৰণি হৈ গ’ল আৰু কংগ্ৰেছ চৰকাৰে একো গুৰুত্ব নিদিলে, যাৰ ফলত কেইবাটাও ইউনিট বন্ধ হোৱাত কৃষকসকলে কষ্টৰ সন্মুখীন হ’বলগীয়া হ’ল। কংগ্ৰেছে ইয়াৰ সমাধান বিচৰা নাছিল। আজি আমাৰ ডাবল ইঞ্জিন চৰকাৰে কংগ্ৰেছৰ দ্বাৰা সৃষ্টি হোৱা সমস্যাবোৰ সমাধান কৰি আছোঁ। কংগ্ৰেছৰ দিনত সমগ্ৰ দেশতে বহু কাৰখানা বন্ধ হৈ গ’ল, ইউৰিয়া বিতৰণৰ সময়ত কৃষকসকলক লাঠীচালনা কৰা হৈছিল।’’ আনহাতে, এতিয়াও বহু কাম কৰিবলৈ বাকী আছে বুলি উল্লেখ কৰি বন্ধ হৈ যোৱা কেইবাটাও প্রকল্প আৰম্ভ কৰিছে বিজেপি চৰকাৰে আৰম্ভ কৰা বুলি তেওঁ ভাষণত উল্লেখ কৰে।
 
জনসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
 
ইউৰিয়াৰ ক্ষেত্রত আগন্তুক কেইবছৰমানৰ ভিতৰত আমাৰ দেশ আত্মনিৰ্ভৰ হোৱাৰ পথত বুলি তেওঁ উল্লেখ কৰি ২০১৪ লৈকে ২২৫ লাখ মেট্ৰিক টন ইউৰিয়াহে উৎপাদন হৈছিল বুলি কয়। এতিয়া ৩০৬ লাখ মেট্রিক টন ইউৰিয়া উৎপাদন হ’বলৈ ধৰিছে যদিও বছৰি ৩৮০ লাখ মেট্রিক টন ইউৰিয়াৰ দেশৰ কৃষকক প্রয়োজন বুলি কয়। দেশে শীঘ্ৰে এই লক্ষ্যত উপনীত হ’ব পাৰিব বুলি প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে।
 
বিদেশৰ পৰা আমদানিকৃত ইউৰিয়াৰ অধিক মূল্য চৰকাৰে বহন কৰা বুলি তেওঁ উল্লেখ কৰি কৃষকে ইয়াৰ বাবে অতিৰিক্ত ধন দিবলগীয়া নহয় বুলি কয়। তেওঁ কয়, ''৩০০০ টকাৰ ইউৰিয়া আমি কৃষকক ৩০০ টকাত দি আছো। এই বোজা আমি কৃষকৰ ওপৰত পৰিবলৈ দিয়া নাই। ইউৰিয়াৰ প্রয়োগৰ ক্ষেত্রত আমি অতি সাৱধান হোৱাটো প্রয়োজনীয়। অন্যথা আমাৰ ভূমি সুৰক্ষিত কৰি ৰাখিব নোৱাৰিম।’’
 
শেষত প্ৰধানমন্ত্ৰীগৰাকীয়ে বিকশিত ভাৰত নিৰ্মাণত উত্তৰ-পূবৰ ভূমিকা বৃদ্ধি পোৱাৰ বিষয়ে উল্লেখ কৰি উত্তৰ-পূব ভাৰত বিকাশৰ গ্র’থ ইঞ্জিনৰূপে পৰিগণিত হ’ব বুলি মন্তব্য কৰে। তেওঁ কয় যে নামৰূপৰ সাৰ কাৰখানাৰ লাভ পশ্চিম বংগ, উত্তৰ প্রদেশও পাব। আগন্তুক দিনত উত্তৰ-পূব দেশৰ উন্নয়নৰ নতুন শক্তি হিচাপে পৰিচিত হ’ব।