গুৱাহাটী
অসমৰ মুখ্য তথ্য আয়ুক্ত ভাস্কৰ জ্যোতি মহন্তই পদত্যাগ কৰিছে। অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত অভিযুক্ত ভাতৃ তথা সাংস্কৃতিক সংগঠক শ্যামকানু মহন্তৰ বিৰুদ্ধে কেইবাখনো আৰটিআই (RTI) আৱেদন দাখিল হোৱাৰ বাবে তেওঁ মুখ্য তথ্য আয়ুক্ত পদ ত্যাগ কৰিছে বুলি জানিব পৰা গৈছে।
সূত্ৰ অনুসৰি ভাতৃৰ কাৰ্যকলাপৰ সৈতে জড়িত তথ্য বিচাৰি বিভিন্নজনে আৰ টি আই আবেদন কৰাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাস্কৰজ্যোতি মহন্তক পদত্যাগ কৰিবলৈ পৰামৰ্শ দিছিল। মুখ্যমন্ত্ৰীৰ পৰামৰ্শ গ্ৰহণ কৰি মহন্তই অসমৰ মুখ্য তথ্য আযুক্তৰ দায়িত্বৰ পৰা পদত্যাগ পত্ৰ আগবঢ়ায়।
উল্লেখ্য যে, অসমৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই চলিত বৰ্ষৰ আৰম্ভণিতে ৰাজ্যিক মুখ্য তথ্য আয়ুক্তৰ দায়িত্ব গ্ৰহণ কৰিছিল। মহন্ত ১৯৮৮ বৰ্ষৰ অসম-মেঘালয় কেডাৰৰ আই পি এছ বিষয়া আছিল আৰু পূৰ্বে তেওঁ সীমান্ত সঞ্চালক প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
ৰাজ্যৰ আৰক্ষী বাহিনীৰ প্ৰতি অসাধাৰণ সেৱা আৰু নিষ্ঠাৰ বাবে তেওঁ সুপৰিচিত। ৰাজ্য চৰকাৰে এই পদৰ উত্তৰাধিকাৰীৰ নাম এতিয়ালৈকে ঘোষণা কৰা নাই।