বাণিজ্যিক আৰু সৰু এল পি জি চিলিণ্ডাৰৰ মূল্যবৃদ্ধি; বিমানৰ ইন্ধনৰো দাম বৃদ্ধি

Story by  atv | Posted by  [email protected] • 7 h ago
বাণিজ্যিক আৰু সৰু এল পি জি চিলিণ্ডাৰৰ মূল্যবৃদ্ধি; বিমানৰ ইন্ধনৰো দাম বৃদ্ধি
বাণিজ্যিক আৰু সৰু এল পি জি চিলিণ্ডাৰৰ মূল্যবৃদ্ধি; বিমানৰ ইন্ধনৰো দাম বৃদ্ধি
 
নতুন দিল্লী
 
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ এল পি জি (LPG) চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰা হৈছে। প্ৰধান চহৰসমূহত বিশেষকৈ বাণিজ্যিক আৰু সৰু চিলিণ্ডাৰৰ দাম যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে।
 
সূত্ৰ অনুসৰি, দিল্লীত ১৯ কিলোগ্ৰামৰ বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ দাম ১৯৫.৫০ টকা বৃদ্ধি হৈ ২,০৭৮.৫০ টকা হৈছেগৈ। আনহাতে, ৫ কিলোগ্ৰামৰ সৰু (FTL) চিলিণ্ডাৰৰ দাম ৫১ টকা বৃদ্ধি হৈ প্ৰতিটো ৰিফিলৰ বাবে ৫৪৯ টকা হৈছে।
 
কলকাতাত ১৯ কিলোগ্ৰামৰ বাণিজ্যিক চিলিণ্ডাৰৰ দাম ২১৮ টকা বৃদ্ধি পাইছে, যিয়ে চহৰ অঞ্চলসমূহত ইন্ধনৰ মূল্যবৃদ্ধিৰ এক ব্যাপক প্ৰৱণতাৰ ইংগিত দিছে।
 
ইফালে, ঘৰুৱা ৰন্ধন গেছৰ দাম অপৰিৱৰ্তিত আছে। যোৱা ৭ মাৰ্চত ১৪.২ কিলোগ্ৰামৰ ঘৰুৱা চিলিণ্ডাৰৰ দাম ৬০ টকা বৃদ্ধি কৰা হৈছিল আৰু বৰ্তমান দিল্লীত ইয়াৰ মূল্য ৯১৩ টকা।
 
শেহতীয়াকৈ পশ্চিম এছিয়াত আমেৰিকা, ইজৰাইল আৰু ইৰানৰ মাজত বৃদ্ধি পোৱা ভূ-ৰাজনৈতিক উত্তেজনাৰ প্ৰেক্ষাপটতে এই মূল্যবৃদ্ধি হৈছে। এই উত্তেজনাৰ ফলত খাৰুৱা তেল আৰু শক্তি যোগানৰ এক প্ৰধান গোলকীয় পথ 'হৰমুজ প্ৰণালী' অৱৰোধ হৈ পৰিছে।
 
১ এপ্ৰিল, ২০২৬-ৰ পৰা প্ৰধান মেট্ৰ' চহৰসমূহত বিমানৰ ইন্ধনৰ (Aviation Turbine Fuel - ATF) দামো বৃদ্ধি কৰা হৈছে। বৰ্তমান প্ৰতি কিলোলিটাৰত এই ইন্ধনৰ দাম দিল্লীত ১,০৪,৯২৭ টকা আৰু কলকাতাত ১,০৯,৪৫০ টকা হৈছে। একেদৰে মুম্বাইত ৯৮,২৪৭ টকা আৰু চেন্নাইত ১,০৯,৮৭৩ টকা নিৰ্ধাৰণ কৰা হৈছে। বিশ্বজুৰি খাৰুৱা তেলৰ দাম বৃদ্ধি পোৱাৰ লগত সংগতি ৰাখিয়েই এই মূল্যবৃদ্ধি হৈছে, যিয়ে বিমান চলাচল আৰু সামগ্ৰিকভাৱে বিমান যাত্ৰাৰ খৰচত প্ৰভাৱ পেলাব।
 
পশ্চিম এছিয়াৰ ভূ-ৰাজনৈতিক অনিশ্চয়তা, খাৰুৱা তেলৰ বৰ্ধিত মূল্য আৰু ৰিফাইনিং ক্ৰেক স্প্ৰেড বৃদ্ধি পোৱাৰ ফলত বিশ্বজুৰি জেট ইন্ধনৰ দাম তীব্ৰ গতিত বৃদ্ধি পাইছে।
 
ইয়াৰ পূৰ্বে, ১৯৪৪ চনৰ কেন্দ্ৰীয় আবকাৰী আইনৰ অধীনত জাৰি কৰা এখন গেজেট অধিসূচনা অনুসৰি কেন্দ্ৰীয় চৰকাৰে পেট্ৰ'লৰ আবকাৰী শুল্ক (excise duty) প্ৰতি লিটাৰত ৩ টকালৈ আৰু ডিজেলৰ ক্ষেত্ৰত শূন্যলৈ হ্ৰাস কৰিছিল। ইয়াৰ লগতে, ডিজেল ৰপ্তানিৰ ওপৰত প্ৰতি লিটাৰত ২১.৫ টকাৰ 'উইণ্ডফল টেক্স' (windfall tax) আৰোপ কৰা হৈছে।
 
ইফালে, সমগ্ৰ দেশতে ইন্ধনৰ যোগান স্বাভাৱিক অৱস্থাত আছে বুলি চৰকাৰে দাবী কৰিছে। পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰ্যালয়ে এক চৰকাৰী বিবৃতিত আশ্বাস দিছে যে "সমগ্ৰ দেশতে সকলো ৰিটেইল আউটলেট স্বাভাৱিকভাৱে চলি আছে" আৰু "সকলো পেট্ৰ'ল পাম্পতে পৰ্যাপ্ত পৰিমাণৰ পেট্ৰ'ল আৰু ডিজেল মজুত আছে।" লগতে, উৰাবাতৰিত ভোল গৈ আতংকিত হৈ প্ৰয়োজনতকৈ অধিক ইন্ধন ক্ৰয় নকৰিবলৈ চৰকাৰে নাগৰিকসকলক আহ্বান জনাইছে।
 
বিষয়াসকলে লগতে প্ৰকাশ কৰে যে দেশৰ শোধনাগাৰসমূহে পৰ্যাপ্ত খাৰুৱা তেলৰ সৈতে উচ্চ ক্ষমতাত কাম কৰি আছে আৰু বজাৰৰ চাহিদা পূৰণৰ বাবে ঘৰুৱা এল পি জিৰ উৎপাদন বৃদ্ধি কৰা হৈছে।