মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথত বায়ুসেনাৰ বাহুবলীৰে অৱতৰণ প্ৰধানমন্ত্ৰী মোদীৰ

Story by  atv | Posted by  [email protected] • 11 h ago
মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথত বায়ুসেনাৰ বাহুবলীৰে অৱতৰণ প্ৰধানমন্ত্ৰী মোদীৰ
মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথত বায়ুসেনাৰ বাহুবলীৰে অৱতৰণ প্ৰধানমন্ত্ৰী মোদীৰ
 
গুৱাহাটী
 
চীনক কঠোৰ বাৰ্তাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উদ্বোধন কৰিলে মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণত কৰা জৰুৰীকালীন অৱতৰণ ক্ষেত্ৰ (ELF)। আজি পুৱা বায়ুসেনাৰ বাহুবলী C130 হাৰকিউলিছেৰে মৰাণৰ এই ELFত অৱতৰণ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। অসম তথা উত্তৰ-পূবৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এই সুবিধা মুকলি কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে।
 
প্ৰধানমন্ত্ৰী মোদী উপস্থিত হোৱাৰ পিছতে মৰাণৰ আকাশমাৰ্গত আৰম্ভ হয় বায়ুসেনা বাহিনীৰ এয়াৰ শ্ব’। এখনৰ পিছত আনখন যুঁজাৰু বিমানে আকাশমাৰ্গত কলা-কৌশল প্ৰদৰ্শন কৰি দেখুৱালে ভাৰতৰ শক্তি। মৰাণৰ আকাশত উৰিল ছুখয়, ৰাফেল, তেজস, হাৰকিউলিছসহ ১৬খন যুঁজাৰু বিমান।
 
জৰুৰীকালীন সময়ত ভাৰতীয় সেনাই কিদৰে নিজৰ কৰ্তব্য পালন কৰিব তাৰো এক ছবি তুলি ধৰে বায়ুসেনাই। নতুন ভাৰতৰ শক্তিৰ উজ্জ্বল প্ৰমাণেৰে বায়ুসেনাই প্ৰদৰ্শন কৰা এই এয়াৰ শ্ব’ উপভোগ কৰি আপ্লুত হৈ পৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীগৰাকীক সংগ দিয়ে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বায়ুসেনাৰ বিষয়াই।