নতুন দিল্লী
পুৱতি নিশা অকলে গাড়ী লৈ ঋষভ পণ্ট ক’লৈ গৈ আছিল? গাড়ীত নগদ চাৰি লাখ টকা লৈ তাৰকা ক্ৰিকেটাৰজন ক'ৰ পৰা ক'লৈ গৈ আছিল ? কিয় তেওঁ ইমান বেগেৰে গাড়ী চলাইছিল ? আজি কাহিলী পুৱা সংঘটিত ভয়াবহ পথ দুৰ্ঘটনাটোৰ পিছত এনে বহু প্ৰশ্নই ক্ৰিকেট অনুৰাগীৰ মনত দোলা দি ফুৰিছে।
উল্লেখ্য যে, শুকুৰবাৰে পুৱা প্ৰায় ৫ বজাত দিল্লী-ডেৰাডুন ঘাইপথৰ ৰুৰকীৰ সমীপত ক্ৰিকেটাৰ পণ্টৰ বিলাসী বাহন দুৰ্ঘটনাত পতিত হয় আৰু এই দূৰ্ঘটনাত তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। চিকিৎসকে তেওঁৰ শাৰীৰিক অৱস্থা সুস্থিৰ বুলি কোৱাত ক্ৰিকেট অনুৰাগীয়ে সকাহ পাইছে যদিও বহু প্ৰশ্নই ছ'চিয়েল মিডিয়াত চৰ্চা লাভ কৰিছে।
ইফালে, দুৰ্ঘটনাটোৰ পিছত একাংশই ক্ৰিকেটাৰজনক সুকলমে উদ্ধাৰ কৰিবলৈ সহায়ৰ হাত আগবঢ়োৱাৰ বিপৰীতে আন একাংশ দুষ্ট লোকে তেওঁৰ অসহায় অৱস্থাৰ সুযোগ লৈ গাড়ীখনত থকা প্ৰায় চাৰি লাখ টকা লুট কৰে। মনকৰিবলগীয়া যে, পণ্টৰ পৰিয়ালৰ লোকেও তেওঁ ৰুৰকিলৈ গৈ থকাৰ কথা নাজানিছিল। এই সন্দৰ্ভত ক্ৰিকেটাৰজনে কয় যে বাংলাদেশৰ পৰা উভতি অহাৰ পিছত কিছুদিন দিল্লীত কটাই তেওঁ ঘৰলৈ যোৱাৰ সিদ্ধান্ত ল’লে। সমগ্ৰ বিষয়টো মাক আৰু পৰিয়ালৰ লোকৰ পৰা গোপন কৰি ৰাখিবলৈ অকলে গাড়ী চলোৱাৰ পৰিকল্পনা কৰিছিল উইকেটকীপাৰ বেটছমেনজনে।
তেওঁৰ ইচ্ছা আছিল সকলো পৰিয়ালৰ সৈতে ইংৰাজী নৱবৰ্ষ উদযাপন কৰা। তাৰ বাবে ক্ৰিকেটাৰজনে যথেষ্ট টকাও লগত লৈ গৈছিল। ২৫ বছৰীয়া ক্ৰিকেটাৰগৰাকীয়ে এই কাৰণেই নিশাৰ আন্ধাৰত যাত্ৰা আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছিল, যাতে দিল্লীত থকা তেওঁৰ ওচৰ-চুবুৰীয়াই ঘৰলৈ যোৱাৰ কথা নাজানে।
আনহাতে, ঋষভ পণ্টক গাড়ীৰ পৰা নিৰাপদে উলিয়াই অনাত সহায় কৰা স্থানীয় গাড়ী চালক সুশীল কুমাৰে ঘটনাৰ সবিশেষ বৰ্ণনা কৰি কয় যে ক্ৰিকেটাৰজনৰ শাৰীৰিক অৱস্থা ভয়ংকৰ আছিল, তেওঁৰ কপালৰ পৰা তেজ টোপাল টোপালকৈ ওলাই আহিছিল আৰু গোটেই শৰীৰত আঁচোৰ পৰিছিল। কিন্তু পৰিস্থিতি অধিক বেয়া হোৱাৰ আগতেই সুশীলে আন একাংশ স্থানীয় লোকৰ সৈতে তেওঁক বচাবলৈ জপিয়াই পৰিছিল।
"আমি সাহায্যৰ বাবে চিঞৰিবলৈ ধৰিলোঁ, কিন্তু কোনেও কোনো সঁহাৰি নিদিলে। মই ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতেও যোগাযোগ কৰিলে কোনেও কোনো সঁহাৰি নিদিলে। তাৰ পিছত মই দৌৰি গৈ পুলিচৰ ওচৰ পালোঁ, আৰু কণ্ডাক্টৰে এম্বুলেন্স বিচাৰিলে। আমি পণ্টক সুধি আছিলো যে তেওঁ ঠিকে আছে নে। মই ক্ৰিকেট বেছিকৈ নাচাও, গতিকে মই তেওঁক চিনিব পৰা নাছিলো। মোৰ কণ্ডাক্টৰজনে মোক কৈছিল যে তেওঁ এজন ভাৰতীয় ক্ৰিকেটাৰ। তেতিয়ালৈকে মোৰ কোনো ধাৰণা নাছিল যে তেওঁ কোন," চালকজনে কয়।
"তেওঁ আমাক মাকৰ ফোন নম্বৰটো দিলে। আমি তেওঁক ফোন কৰিবলৈ চেষ্টা কৰিলোঁ, কিন্তু তেওঁৰ ফোনটো বন্ধ হৈ আছিল। ১৫ মিনিটৰ পিছত এম্বুলেন্স আহিল, আৰু আমি তাত উঠি তেওঁক হস্পিতাললৈ লৈ যাও।’-তেওঁ লগতে কয়।