ব্যক্তিগত খণ্ডত প্ৰথম চাকৰি আৰম্ভ কৰা যুৱক-যুৱতীয়ে লাভ কৰিব ১৫,০০০ টকা; নতুন আঁচনি ঘোষণা প্ৰধানমন্ত্ৰীৰ

Story by  atv | Posted by  [email protected] • 16 h ago
প্ৰধানমন্ত্ৰী মোদী
প্ৰধানমন্ত্ৰী মোদী
 
নতুন দিল্লী

ভাৰতৰ ৭৯ সংখ্যক স্বাধীনতা দিৱসত লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্যক্তিগত খণ্ডত প্ৰথম চাকৰি আৰম্ভ কৰা যুৱক-যুৱতীসকলক সহায় কৰাৰ লক্ষ্যৰে এক লাখ কোটি টকাৰ নিয়োগ আঁচনিৰ কথা ঘোষণা কৰে।
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, "মোৰ দেশৰ যুৱক-যুৱতীসকল, আজি ১৫ আগষ্ট, আৰু আজিৰ দিনটোতে আমি আমাৰ দেশৰ যুৱক-যুৱতীসকলৰ বাবে এক লাখ কোটি টকাৰ আঁচনি আৰম্ভ কৰিছো। আজিৰ পৰা প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা ৰূপায়ণ কৰা হৈছে।"
 
প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা (Pradhan Mantri Viksit Bharat Rojgar Yojana) নামৰ নতুন আঁচনিৰ জৰিয়তে ব্যক্তিগত খণ্ডত প্ৰথম চাকৰি পালে যুৱক-যুৱতীসকলক চৰকাৰৰ পৰা পোনপটীয়াকৈ ১৫ হাজাৰ টকা প্ৰদান কৰা হ’ব। যিবোৰ কোম্পানীয়ে অধিক কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰে, তেওঁলোকেও এই আঁচনিৰ অধীনত ইনচেণ্টিভ লাভ কৰিব।
"এই আঁচনিৰ অধীনত ব্যক্তিগত খণ্ডত প্ৰথম চাকৰি পোৱা যুৱক-যুৱতীসকলে চৰকাৰৰ পৰা ১৫ হাজাৰ টকা লাভ কৰিব। যিবোৰ কোম্পানীয়ে অধিক কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰে, তেওঁলোককো উদগণিমূলক ধন দিয়া হ’ব।"-স্বাধীনতা দিৱসৰ ভাষণত এইদৰে কয় প্ৰধানমন্ত্ৰী মোদীয়ে।
 
প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা আঁচনিৰ জৰিয়তে যুৱক-যুৱতীসকলৰ বাবে প্ৰায় ৩.৫ কোটি নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই পৰিকল্পনাই কেৱল চাকৰি প্ৰত্যাশীসকলকে উপকৃত কৰাই নহয়, ব্যক্তিগত কোম্পানীসমূহক অধিক যুৱক-যুৱতীক নিয়োগ কৰিবলৈও উৎসাহিত কৰিব। 
 
কৰ্মসংস্থাপনৰ সমান্তৰালভাৱে প্ৰধানমন্ত্ৰীয়ে প্ৰযুক্তিৰ ওপৰত চৰকাৰে গুৰুত্ব দিয়াৰ কথাও উল্লেখ কৰে। তেওঁ ছেমিকণ্ডাক্টৰ খণ্ডক সমৃদ্ধিৰ এক মূল ক্ষেত্ৰ হিচাপে আলোকপাত কৰি কয়, ভাৰতে বহু দশক পূৰ্বে বহুতো সুযোগ হেৰুৱাইছে। "ছেমিকণ্ডাক্টৰৰ ধাৰণাটো ৫০–৬০ বছৰ আগতে আহিছিল, কিন্তু আমি ইয়াক গৰ্ভতে হত্যা কৰিছিলো। ছেমিকণ্ডাক্টৰৰ দৰে সুযোগ আমি ৫০–৬০ বছৰ আগতেই হেৰুৱাইছিলোঁ।"-প্ৰধানমন্ত্ৰী মোদীয়ে কয়।