অযোধ্যাৰ ধ্বজাৰোহন অনুষ্ঠানক ‘দেশৰ বাবে ঐতিহাসিক মুহূৰ্ত’ আখ্যা RSSৰ মুৰব্বী মোহন ভাগৱতৰ

Story by  atv | Posted by  [email protected] • 2 h ago
RSSৰ মুৰব্বী মোহন ভাগৱত
RSSৰ মুৰব্বী মোহন ভাগৱত

অযোধ্যা

RSSৰ মুৰব্বী মোহন ভাগৱতে অযোধ্যাৰ ৰাম মন্দিৰৰ ধ্বজাৰোহন অনুষ্ঠানটোক "ঐতিহাসিক, আৱেগিক আৰু আধ্যাত্মিক মুহূৰ্ত" বুলি অভিহিত কৰে। মঙলবাৰে তেওঁ কয় যে এই অনুষ্ঠানটোৱে প্ৰজন্মৰ প্ৰচেষ্টা, ত্যাগ আৰু সংগ্ৰামৰ ওপৰত নিৰ্মিত এক সামূহিক আকাংক্ষাৰ বাস্তৱ ৰূপায়ণক চিহ্নিত কৰে।
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু হাজাৰ হাজাৰ লোকৰ উপস্থিতিত অনুষ্ঠিত ধ্বাজাৰোহণ অনুষ্ঠানত মোহন ভাগৱতে ভাষণ প্ৰদান কৰে। তেওঁ উপস্থিত সকলোকে ধন্যবাদ জনাই ভাষণ আৰম্ভ কৰে। "এই দিনটো আমাৰ সকলোৰে বাবে এক গুৰুত্বপূৰ্ণ দিন" বুলি তেওঁ ভাষণত উল্লেখ কৰে।
 
ৰাম মন্দিৰ নিৰ্মাণৰ দীঘলীয়া আন্দোলনৰ কথা মনত পেলাই ভাগৱতে এই আন্দোলনৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা কেইবাজনো মূল ব্যক্তিক স্মৰণ কৰে। তেওঁ কয়, 'বহুতেই ইয়াক লৈ সপোন দেখিছিল, বহুতে কঠোৰ পৰিশ্ৰম কৰিছিল আৰু বহুতে ত্যাগ স্বীকাৰ কৰিছিল। তেওঁলোকৰ আত্মাই আজি নিশ্চয় শান্তি পাব।’’
 
ভাষণত তেওঁ অশোক সিংঘল, মহন্ত ৰাম চন্দ্ৰ দাস মহাৰাজ, VHPৰ জ্যেষ্ঠ নেতা বিষ্ণু হৰি ডালমিয়া আৰু আন্দোলনত অৱদান আগবঢ়োৱা কেইবাজনো সাধক, সমৰ্থক আৰু ছাত্ৰৰ কথা উল্লেখ কৰে। ভাগৱতে লগতে কয় যে একাংশ লোক ফ্ৰণ্টলাইনত কাম কৰা নাছিল যদিও তেওঁলোকেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল, কাৰণ তেওঁলোকে সদায় বিশ্বাস ৰাখিছিল আৰু মন্দিৰটো এদিন নিৰ্মাণ হ'ব বুলি আশাবাদী আছিল।
 
অনুষ্ঠানত ধ্বজা উত্তোলন কৰা সন্দৰ্ভত ভাগৱতে কয় যে এই পতাকাই ন্যায়, শান্তি আৰু সমৃদ্ধিৰ বাবে জনাজাত ৰামৰাজ্যৰ প্ৰাচীন ধাৰণা প্ৰতিনিধিত্ব কৰে। তেওঁ কয়, ''ৰামৰাজ্যৰ পতাকা, যিয়ে এদিন অযোধ্যাৰ পৰা বিশ্বলৈ শান্তি আৰু সমৃদ্ধিৰ বাৰ্তা প্ৰেৰণ কৰিছিল, এতিয়া মন্দিৰৰ শিখৰত স্থাপন কৰা হৈছে আৰু আমি সকলোৱে ইয়াৰ সাক্ষী হৈছো। পতাকাখন সেই ঐতিহ্যৰ প্ৰতীক।’’
 
তেওঁ আৰু ব্যাখ্যা কৰে যে পতাকা কেৱল এটা প্ৰতীক নহয় বৰং ইয়াৰ গভীৰ আধ্যাত্মিক অৰ্থ আছে। গেৰুৱা ৰংটোৱে ধৰ্মধ্বজাক বুজায়, অৰ্থাৎ ধৰ্মীয় পতাকা। সমগ্ৰ বিশ্ব এই পতাকাৰ দ্বাৰা পৰিচালিত হ'ব বুলি তেওঁ কয়।
 
ভাগৱতে এই সংগ্ৰাম কিমান দীঘলীয়া আছিল সেই বিষয়েও ভাষণত আলোকপাত কৰে। '‘মন্দিৰটো নিৰ্মাণ কৰিবলৈ যথেষ্ট সময় লাগিছিল।৫০০ বছৰীয়া ইতিহাসক যদি একাষৰীয়া কৰি থওঁ, তথাপি ৩০ বছৰৰ উৎসৰ্গিত কামৰ প্ৰয়োজন হৈছিল।’- তেওঁ মন্তব্য কৰে।
 
এক আশাব্যঞ্জক মন্তব্যৰে শেষত মোহন ভাগৱতে কয়, "মন্দিৰটো এতিয়া হৈ উঠিছে আৰু আজি পৰম্পৰাগত ৰীতি-নীতি সম্পূৰ্ণ হৈছে। ধ্বজাৰোহন সম্পন্ন কৰা হৈছে।’’