তপন কটকী / পুৰণিগুদাম
গৰিয়াসকল অসমৰ খিলিঞ্জীয়া জনগোষ্ঠী আৰু তেওঁলোক এই ভূমিৰেই সন্তান। অসম চৰকাৰে গৰিয়াসকলৰ বাবে সুকীয়াকৈ জৰীপ সম্পন্ন কৰি তেওঁলোকক কাগজে পত্ৰই খিলঞ্জীয়া হিচাপে চিহ্নিত কৰিব লাগে। চৰকাৰে অসমৰ গৰিয়া সকলক অ' বি চিৰ মৰ্য্যদা দিয়া উচিত। ইয়াৰ উপৰিও গৰিয়াসকলৰ পৰা বিধানসভাত অতি কমেও দুজন সদস্য নিৰ্বাচিত কৰাৰ সুযোগ দিব লাগে।
এই গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰিছে সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ সভাপতি মইনুল ইছলামে। সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ নগাওঁ জিলা সমিতিৰ প্ৰথম বৰ্ষপূতি অনুষ্ঠানত তেওঁ গৰিয়া জনগোষ্ঠীক লৈ কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়।
তেওঁ কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বৰ্তমানৰ চৰকাৰখনে পোন প্ৰথমবাৰৰ বাবে গৰিয়া জনগোষ্ঠীৰ উন্নয়নৰ বাবে উল্লেখনীয় পদক্ষেপ গ্ৰহন কৰিছে। গৰিয়াৰ সমস্যাসমূহ এইখন চৰকাৰেহে গুৰুত্ব দিছে বুলি উল্লেখ কৰি মইনুল ইছলামে আশা প্ৰকাশ কৰে যে, এইখন চৰকাৰৰ দিনত গৰিয়া সকলৰ সমস্যাসমূহ দূৰ হোৱাৰ সম্ভাৱনা আছে।
পুৰণিগুদাম চলচলি আঞ্চলিক শাখাৰ সহযোগত চলচলি বালিকা মুক্তাব বিদ্যালয়ত দেওবাৰে দিনযোৰা কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত অসমৰ বিভিন্ন জিলাৰ পৰা অহা পৰিষদৰ বিষয়ববীয়া আৰু চলচলি অঞ্চলৰ হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ শতাধিক লোক উপস্থিত থাকে।
বৰ্ষপূতি অনুষ্ঠানত পুৱা পতাকা উত্তোলনৰ উপৰিও অস্থায়ী মঞ্চত জিকিৰ পৰিবেশন ,বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠান লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে নৃত্যনুষ্ঠান আদি অনুষ্ঠিত হোৱাৰ উপৰিও দুপৰীয়া মুকলি সভা অনুষ্ঠিত হয়।
পৰিষদৰ ৰাজ্যিক সভাপতি মইনুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত অসম ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক দিপ্লুৰঞ্জন শৰ্মা উপস্থিত থাকি কয় যে বিজেপি চৰকাৰখনে সকলো জাতি-জনগোষ্ঠীৰ লোকৰ সম উন্নয়নৰ হকে কাম কৰি আহিছে। ঐতিহাসিক চলচলিত অনুষ্ঠিত গৰিয়া জাতীয় পৰিষদৰ নগাঁও জিলা সমিতিৰ প্ৰথম বৰ্ষপূতিৰ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সকলোৰে সৈতে একাত্ম হৈ তেওঁ নথৈ আনন্দিত বুলি উল্লেখ কৰে। তেওঁ কয় যে মহাপুৰুষ শংকৰদেৱ, মাধৱ দেৱ আৰু আজান পীৰ চাহাবে গৰিয়া জনগোষ্ঠীৰ পৰম্পৰা গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
গৰিয়া জাতীয় পৰিষদৰ নগাঁও জিলা সমিতিৰ প্ৰথম বৰ্ষপূতি অনুষ্ঠানত সমবেত হোৱা ৰাইজ
সেয়েহে এই জাতিটোৰ চহকী ঐতিহ্য আছে। সভাত বিশিষ্ট শিক্ষাবিদ,বৰ্ষীয়ান সমাজকৰ্মী ,সাহিত্যিক পেঞ্চনাৰ ফনীন্দ্ৰ নাথ গায়ন উপস্থিত থাকি জাতিটোৰ কৃষ্টি সংস্কৃতি আদি বহলাই বাখ্যা কৰাৰ উপৰিও কয় যে সকলো জাতিৰ মাজতে দৰিদ্ৰ ,নিস্পেষিত,আৰু পীড়িত লোক আছে। সেই সকলৰ উন্নতি নোহোৱা পৰ্যন্ত কোনো জাতিৰ উন্নতি হ'ব নোৱাৰে বুলি গায়নে উল্লেখ কৰে।
এইক্ষেত্ৰত সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ কৰ্মীসকলে এনেধৰণৰ শোষণ শেষ কৰি জনগোষ্ঠীটোক অগ্ৰগতিৰ পথেদি নিলেহে এনে অনুষ্ঠান সাৰ্থক হ'ব। সভাত পৰিষদৰ কেইবাগৰাকীও বিষয়ববীয়াই ভাষণ প্ৰসংগত চৰকাৰ খনৰ সকলো জাতীৰ সম উন্নয়নৰ দিশটো শলাগ লোৱাৰ লগতে স্বাধীনতাৰ পাছত এইখন চৰকাৰেহে গৰিয়া জাতীৰ উন্নয়নৰ হকে কাম কৰিছে বুলি মন্তব্য কৰে।
সভাত সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ সভাপতি মইনুল ইছলাম,সাধাৰণ সম্পাদক মীৰ আৰিফ ইকবাল হুছেইন,নগাঁও জিলা সমিতিৰ সভাপতি ফজলুল হ'ক সাধাৰণ সম্পাদক বদৰুল ইছলাম হাজৰিকা আৰু চলচলি আঞ্চলিক সমিতিৰ সভাপতি মোস্তাফিজুৰ ৰহমান,সম্পাদক ৰৌফিক আহমেদ উপস্থিত থকাৰ উপৰিও বিশিষ্ট সমাজকৰ্মী প্ৰমোদ দে,দেবেন বড়োকে ধৰি বহু বিষয়ববীয়া আৰু প্ৰায় দুই শতাধিক স্থানীয় ৰাইজ উপস্থিত থাকে।
উল্লেখ যে, হিন্দু-মুছলমানৰ মিলনভূমি চলচলিত অনুষ্ঠিত গৰিয়া জাতীয় পৰিষদৰ সভাখনে হিন্দু-মুছলমানৰ একতাৰ এনাজৰীডাল পুনৰবাৰ প্ৰমাণিত কৰিলে। বিশেষকৈ সভাখন সাফল্যমণ্ডিত কৰিবলৈ সকলো সম্প্ৰদায়ৰ লোকে অংশগ্ৰহণ কৰে। হিন্দু,মুছলমান, খ্ৰীষ্টান, শিখ, বড়ো আদিকে ধৰি বিভিন্ন সম্প্ৰদায়ৰ লোক উপস্থিত থাকি গৰিয়া জনগোষ্ঠীৰ উন্নয়নত সহমত প্ৰকাশ কৰে।
সভাখনত কেইবাগৰাকী গৰিয়া জাতীয় পৰিষদৰ বিষয়ববীয়াই গৰিয়া জনগোষ্ঠীৰ উন্নয়নৰ ওপৰত বক্তব্য আগবঢ়োৱাৰ উপৰিও গৰিয়া জাতীয় পূৰ্বৰ ইতিহাস বহলাই বাখ্যা কৰে।গৰিয়া জনগোষ্ঠীটো পিছপৰি থকাৰ বিপৰীতে আই এ এছ বিষয়া,চিকিৎসক,অভিযন্ত্ৰা ,অসম অসামৰিক সেৱাৰ বিষয়া আদি হোৱাটো নতুন প্ৰজন্মই চেষ্টা কৰা উচিত বুলিও মন্তব্য কৰে।
এই সভাখনত সকলো সম্প্ৰদায়ৰ লোক উপস্থিত থাকি গৰিয়া জনগোষ্ঠীৰ উন্নয়নৰ বাবে মতামত দিয়াটো জনগোষ্ঠীটোৰ বাবে ইতিবাচক বিষয় হিছাপে বিবেচিত হৈছে।