সন্ত্ৰাসৰ বিৰুদ্ধে আমি শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছোঃ সঞ্জয় ঝা

Story by  atv | Posted by  [email protected] • 2 d ago
জেডিইউৰ সাংসদ সঞ্জয় কুমাৰ ঝা
জেডিইউৰ সাংসদ সঞ্জয় কুমাৰ ঝা

নতুন দিল্লী

সন্ত্ৰাসবাদৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় সমৰ্থন বৃদ্ধিৰ লক্ষ্যৰে বহুজাতিক ভ্ৰমণৰ সামৰণি মাৰি মঙলবাৰে জেডিইউৰ সাংসদ সঞ্জয় কুমাৰ ঝাৰ নেতৃত্বত গঠিত সৰ্বদলীয় সংসদীয় প্ৰতিনিধি দলে দিল্লীত উপস্থিত হয়। বিশ্বব্যাপী প্ৰচাৰ পদক্ষেপৰ অংশ হিচাপে প্ৰতিনিধি দলটোৱে ছিংগাপুৰ, জাপান, দক্ষিণ কোৰিয়া, মালয়েছিয়া, আৰু ইণ্ডোনেছিয়া ভ্ৰমণ কৰে।
 
২২ এপ্ৰিলত পাকিস্তানৰ পৃষ্ঠপোষকতাত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ নিৰ্ণায়ক সামৰিক প্ৰত্যুত্তৰ হিচাপে ৭ মে’ত ভাৰতে আৰম্ভ কৰা 'অপাৰেচন সেন্দুৰ'-ৰ পিছত এই কূটনৈতিক প্ৰচাৰ কাৰ্যসূচী আৰম্ভ কৰা হৈছিল।
 
সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত সঞ্জয় ঝাই কয় যে, সর্বদলীয় প্রতিনিধি দল প্রেৰণ কৰাৰ বার্তা আছিল যে সন্ত্ৰাসবাদৰ বিষয়টোত সমগ্ৰ দেশ একত্ৰিত। সকলোৱে এক কণ্ঠৰে ইয়াৰ বিৰুদ্ধে মাত মাতিছে আৰু পহলগাম কাণ্ডক গৰিহণা দিছে। ভাৰতে যিদৰে সন্ত্ৰাসবাদী আত্মগোপন স্থানত নিখুঁতভাৱে আক্ৰমণ কৰিছিল আৰু সাধাৰণ নাগৰিকৰ কোনো ক্ষতি কৰা নাছিল, তাক সমগ্ৰ বিশ্বই প্ৰশংসা কৰিছে। আমি আহ্বান জনাইছিলো যে পাকিস্তানৰ বিৰুদ্ধে FATF (Financial Action Task Force) য়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে প্ৰতিনিধি দলসমূহে এক কঠোৰ বাৰ্তা প্ৰেৰণ কৰিছে।’
চিপিআই-এমৰ সাংসদ ড০ জন ব্ৰিটাছেও সংবাদ মাধ্যমৰ সৈতে কথা পাতি একেধৰণৰ আৱেগ প্ৰতিধ্বনিত কৰি কয় যে, "৫খন দেশৰ বিভিন্ন শ্ৰেণীৰ লোকৰ সৈতে আমি ব্যাপক আলোচনাত মিলিত হৈছো আৰু আমি ভাৰতৰ স্থিতিৰ ওপৰত সফলতাৰে আলোকপাত কৰিব পাৰিলোঁ। ভাৰত সন্ত্ৰাসৰ বলি হৈছে, আৰু এই কামৰ বাবে পাকিস্তান অপৰাধী। আমাৰ সকলোবোৰ বৈঠক অতি সফল হৈছে।"
 
সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বিজেপিৰ সাংসদ অপৰাজিতা সাৰংগীয়ে কয় যে, “সীমান্তৰ সীপাৰৰ পৰা হৈ থকা সন্ত্ৰাসবাদৰ ক্ষেত্ৰত ভাৰতৰ স্থিতিৰ সকলোৱে শলাগ লোৱাটো দেখি ভাল লাগিছে আৰু ভাৰতত অশান্তিৰ সৃষ্টি কৰাৰ ক্ষেত্ৰত যিমানদূৰলৈকে, নিৰীহ লোকক হত্যা কৰাৰ ক্ষেত্ৰত, পাকিস্তানৰ পন্থাক সকলোৱে ধিক্কাৰ দিবলৈ আগবাঢ়ি আহিছে। পাকিস্তানে সন্ত্ৰাসবাদক পুষ্টি, লালন-পালন আৰু প্ৰচাৰ কৰে বুলি সকলোৱে একমতত উপনীত হৈছে।”