কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া কাৰ্বি মহিলাক চিলাই দক্ষতা বৃদ্ধিৰ প্ৰশিক্ষণ

Story by  atv | Posted by  [email protected] • 9 Months ago
প্ৰশিক্ষণৰ মুহূৰ্তত
প্ৰশিক্ষণৰ মুহূৰ্তত
 
গুৱাহাটী
 
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ কহৰা-কাৰ্বি আংলং ভূখণ্ডৰ খিলঞ্জীয়া জনজাতীয় মহিলাসকলৰ সৱলীকৰণ আৰু বনজ সম্পদৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ উদ্দেশ্যে জীৱিকাৰ বিকল্প ব্যৱস্থা কৰাৰ দিশত অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে আশাশুধীয়া প্ৰচেষ্টা অব্যাহত ৰাখিছে। ইয়াৰে অংশহিচাপে আৰণ্যকে ২০২১ চনৰ পৰা অঞ্চলটোৰ ৩৫ গৰাকী জনজাতীয় মহিলাক কাপোৰ চিলোৱা (টেইলৰিং) প্ৰশিক্ষণৰ সুবিধা প্ৰদান কৰিছে ।
 
 
এই ৩৫ গৰাকী মহিলাৰ দক্ষতা বৃদ্ধিৰ বাবে আৰণ্যকে যোৱা ২৫ৰ পৰা ২৯ জুলাইৰ ভিতৰত অভিজ্ঞতা আৰু উদ্যমৰ ভিত্তিত তেওঁলোকৰ দক্ষতাৰ স্তৰ মূল্যায়ন কৰে  আৰু তেওঁলোকৰ মাজৰ শ্ৰেষ্ঠ দক্ষতাসম্পন্ন সাতগৰাকীক ৰাষ্ট্ৰীয় উদ্যানখনৰ দক্ষিণ প্ৰান্তৰ কাৰ্বি আংলঙৰ কহৰাৰ চন্দ্ৰ চিং ৰংপি গাঁৱৰ সমূহীয়া সম্পদ কেন্দ্ৰত হ'ব লগা টেইলৰিঙৰ দ্বিতীয় পৰ্যায়ৰ উন্নত প্ৰশিক্ষণৰ বাবে বাচনি কৰে।
 
প্ৰশিক্ষণৰ সমন্বয়ক আৰণ্যক এজন বিষয়ববীয়াই কয়, "প্ৰশিক্ষাৰ্থীসকলে অহা তিনিমাহ স্থানীয় লোকৰ সৈতে থাকিব লগা প্ৰশিক্ষক পৰা মহে পাঁচদিনকৈ প্ৰশিক্ষণ লাভ কৰিব । যোৰহাটৰ এগৰাকী অভিজ্ঞ দৰ্জী তথা নিজৰ উপাৰ্জনেৰে ঘৰ চলোৱা প্ৰশিক্ষক মল্লিকা আলীয়ে মহিলাসকলক প্ৰশিক্ষণ দিব"।  
 
 প্ৰশিক্ষণৰ মুহূৰ্তত
 
প্ৰথম গোটত কহৰা নদী অৱবাহিকা আৰু ডিফ্লু নদী অৱবাহিকা অঞ্চলৰ তিনিগৰাকী কাৰ্বি মহিলা ক্ৰমে কাৰেং ৰংপিপি, লাৰ্লিন ইংতিপি, আৰু সঞ্জিনা ইংতিপিয়ে উন্নত প্ৰশিক্ষণ কৰ্মশালাত যোগদান কৰে। চিলাই মেচিনটোৰ যত্ন কেনেকৈ ল’ব লাগে, জোখ-মাখৰ নিয়ম আৰু চাৰ্ট পেপাৰত জোখ-মাখ অংকন কৰাৰ পৰিশীলনেৰে প্ৰশিক্ষণৰ আৰম্ভণি হয়। দ্বিতীয় দিনটোৰ শেষলৈ দলটোৱে কাপোৰ কাটি ব্লাউজ চিলাই কৰা কামত হাত দিব পাৰিছিল। সপ্তাহটোৰ অগ্ৰগতিৰ লগে লগে মহিলাসকলে অধিক ডিজাইন  যোগ কৰিব পৰা হয়।
 
আৰণ্যকৰ বিষয়ববীয়াজনে কয়, "বৰ্তমান সাধাৰণ ডিজাইনৰ এটা ব্লাউজ চিলাইৰ নূন্যতম খৰচ প্ৰায় ৩৫০ টকা। কাৰ্বি জনগোষ্ঠীৰ মহিলাসকলে নিজৰ পিনি-পেকক (মহিলাৰ কাপোৰ)ৰ সৈতে মিলাই ব্লাউজ পিন্ধে। এটা কুৰ্তা বা পেণ্ট চিলাই কৰিবলৈ দৰ্জীয়ে সাধাৰণতে কমেও ২৫০ৰ পৰা ৩০০ টকা লয়"।
 
মধ্যমীয়া দক্ষতা থকা চাৰিগৰাকী মহিলাৰ আন এটা গোটকো সন্ধিয়া প্ৰশিক্ষক আলীয়ে প্ৰশিক্ষণ দিয়ে। তেওঁলোকক প্ৰথম মাহৰ প্ৰথম সপ্তাহত জোখ-মাখৰ মৌলিক কথাবোৰ শিকোৱা হ’ব । তেঁওলোকৰ অগ্ৰগতিৰ লগে লগে কাগজ আৰু কাপোৰত জোখ-মাখ অংকন, ডিজাইনৰ তৰপ যোগ কৰা, তেওঁলোকে আৰম্ভ কৰা কুৰ্তাত ডিঙি, পকেট, হাতৰ আঁচল আদি লগাবলৈ দিয়া হয়। পঞ্চম দিনটোলৈ এই মহিলাসকলে আত্মবিশ্বাস আৰু আনন্দ মনে ব্লাউজ আৰু কুৰ্তা চিলাই কৰিব পৰা হয়। প্ৰতিটো প্ৰশিক্ষণৰ পিছত প্ৰশিক্ষাৰ্থীসকলক ঘৰত কৰিবলৈ দিয়া কাম সম্পূৰ্ণ কৰিবলৈও উৎসাহিত কৰা হয় ।
 
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এই প্ৰান্তীয় অঞ্চলসমূহত স্থানীয় মহিলাসকলক সৱলীকৰণৰ বাবে আৰণ্যকে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। জৈৱ বৈচিত্ৰ্য ৰক্ষাৰ সমান্তৰালকৈ মানৱ কল্যাণক উদগনি যোগোৱাৰ লক্ষ্যৰে আৰণ্যকে কাৰ্বি আংলং জিলাত স্থানীয় লোকৰ সৈতে প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনা (এন আৰ এম) বাবে কাম কৰি আছে।