বুদগাম (জম্মু আৰু কাশ্মীৰ)
উপসাগৰীয় যুদ্ধৰ সংকটৰ সময়ত ইৰানক সমৰ্থন জনাবলৈ আৰু দেশখনৰ প্ৰতি একাত্মতা প্ৰদৰ্শন কৰি বুদগামৰ স্থানীয় লোকসকলে সোণ, ৰূপ আৰু নগদ ধন দান কৰিছে। সংবাদ সংস্থা ANI-ৰ সৈতে হোৱা এক বাৰ্তালাপত বুদগামৰ মহচিন আলীয়ে কয় যে বৰঙনি সংগ্ৰহৰ এক আন্তৰিক উদ্দেশ্যৰে মছজিদ ইমাম জামানত এখন ষ্টল স্থাপন কৰা হৈছে।
মহচিন আলীয়ে কয়, "মছজিদ ইমাম জামানত আমি বৰঙনি সংগ্ৰহৰ আন্তৰিক উদ্দেশ্যেৰে এখন ষ্টল (বিপণী) স্থাপন কৰিছোঁ। আমাৰ মাতৃ আৰু ভগ্নীসকলে আ-অলংকাৰ, তামৰ সামগ্ৰী আৰু নগদ ধন আগবঢ়াইছে যাতে আমি ইৰানক ইয়াৰ সাম্প্ৰতিক পৰিস্থিতিত সহায় কৰিব পাৰোঁ।"
তেওঁ কয় যে যিহেতু তেওঁলোকে ইৰানলৈ গৈ প্ৰত্যক্ষভাৱে সহায় কৰিব নোৱাৰে, সেয়েহে তেওঁলোকে মানৱতাৰ সেৱা আৰু ইৰানক সমৰ্থন কৰাৰ উদ্দেশ্যেৰে অন্তত আৰ্থিক সাহায্য প্ৰদান কৰিব পাৰে।
"যিহেতু বৰ্তমান তালৈ সশৰীৰে গৈ সহায় কৰাটো আমাৰ সাধ্যৰ বাহিৰত, সেয়ে আমি এনে এক অৱস্থানত আছোঁ য'ৰ পৰা কমেও আৰ্থিক সাহায্য আগবঢ়াব পাৰোঁ। ইৰানক সমৰ্থন জনাবলৈ আৰু মানৱতাৰ সেৱা কৰিবলৈ আমি এই আৰ্থিক সাহায্যৰ বাবে ইয়াত একত্ৰিত হৈছোঁ," তেওঁ লগতে কয়।
তেওঁ আৰু কয় যে ইৰান অত্যাচাৰীসকলৰ বিৰুদ্ধে থিয় দিছে আৰু ইৰানৰ এই কাৰ্যক সমৰ্থন কৰাৰ অৰ্থ হ'ল নিৰ্যাতিতসকলক সহায় কৰা আৰু অত্যাচাৰীসকলৰ বিৰুদ্ধে মাত মতা।
তেওঁ কয়, "ইৰান মূলতঃ অত্যাচাৰীৰ বিৰুদ্ধে আৰু নিৰ্যাতিতৰ সমৰ্থনত থিয় দিছে। ইৰানৰ উদ্দেশ্যক সমৰ্থন জনাই আমি নিৰ্যাতিতসকলক সহায় কৰিছোঁ আৰু অত্যাচাৰীৰ বিৰুদ্ধে মাত মাতিছোঁ। যিহেতু আমি নিজে যুদ্ধক্ষেত্ৰত উপস্থিত থাকিব নোৱাৰোঁ, সেয়ে আমি আৰ্থিক সমৰ্থন আগবঢ়োৱাৰ সিদ্ধান্ত লৈছোঁ যাতে তেওঁলোকে নিজৰ ব্যৱস্থাটোক ৰক্ষা কৰিব পাৰে আৰু শত্ৰুৰ বিৰুদ্ধে যুঁজ দিব পাৰে।"
প্ৰতিনিধিত্বমূলক ছবি
ইয়াৰ পূৰ্বে ১৩ মাৰ্চত, 'য়ৌম-এ-কুদছ' (Youm-e-Quds) উপলক্ষে জম্মু-কাশ্মীৰৰ বুদগাম আৰু লাডাখৰ লেহত হাজাৰ হাজাৰ লোক একত্ৰিত হৈ পেলেষ্টাইন আৰু ইৰানৰ জনসাধাৰণৰ প্ৰতি একাত্মতা প্ৰকাশ কৰি এক বিশাল প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰিছিল।
বুদগামৰ মাৰ্কজী ইমামবাৰাত এক বিশাল জনসভা অনুষ্ঠিত হৈছিল, তাৰ পিছত লোকসকলে এক শান্তিপূৰ্ণ সমদল উলিয়াই মেইন চ'ক বুদগামৰ দিশে আগবাঢ়ি গৈছিল।
অংশগ্ৰহণকাৰীসকলে জানিবলৈ দিয়া মতে, য়ৌম-এ-কুদছ উপলক্ষে পেলেষ্টাইন আৰু ইৰানৰ প্ৰতি সমৰ্থন দোহাৰিবলৈ আৰু ইছলামিক বিশ্বৰ নেতৃত্বৰ বিৰুদ্ধে গ্ৰহণ কৰা কাৰ্যক গৰিহণা দিবলৈ এই সমদলৰ আয়োজন কৰা হৈছিল।
পশ্চিম এছিয়াত বৃদ্ধি পোৱা উত্তেজনাৰ মাজতে এই ঘটনা সংঘটিত হৈছে। উল্লেখ্য যে, যোৱা ২৮ ফেব্ৰুৱাৰীত ইৰানৰ ভূখণ্ডত আমেৰিকা আৰু ইজৰাইলৰ যৌথ সামৰিক আক্ৰমণৰ ফলত ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেই আৰু অন্যান্য জ্যেষ্ঠ নেতাসকলৰ মৃত্যু হৈছিল, যাৰ ফলত তেহৰানৰ ফালৰ পৰা তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।