নতুন দিল্লী
জুবিনৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত ছিংগাপুৰ আদালতৰ অপ্ৰত্যাশিক ৰায়। ছিংগাপুৰত ৰহস্যজনকভাৱে য়টত সাঁতুৰিবলৈ যাওঁতে ৰহস্যজনকভাৱে পানীত ডুবি মৃত্যু হোৱা ঘটনাক এক পৰিকল্পিত হত্যা কাণ্ড বুলি লক্ষ লক্ষ লোকে অভিযোগ তোলাৰ পাছত আজি ছিংগাপুৰ আদালতে প্ৰদান কৰে জুবিনপ্ৰেমীৰ বাবে অপ্ৰত্যাশিত ৰায়।
দ্বিতীয় তথা চূড়ান্ত শুনানিত আজি ছিংগাপুৰ আৰক্ষীয়ে নিজাকৈ ৰুজু কৰা গোচৰ সন্দৰ্ভত আদালতে ৰায় প্ৰদান কৰি কয়- জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা অতিকৈ দুৰ্ভাগ্যজনক এক ঘটনা। সাগৰত সাঁতুৰিবলৈ যাওঁতে পানীত ডুবি মৃত্যু হোৱা এই ঘটনাক সকলোৱে পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰাৰ বিপৰীতে ছিংগাপুৰৰ আদালতে কয়- এয়া কোনো ষড়যন্ত্ৰমূলক হত্যাকাণ্ড নহয়।
লগতে কয়, কোনোৱে জুবিনক জোৰ জবৰদস্তি ঠেলি দিয়া নাছিল পানীলৈ। পানীত থকা সকলে ইচ্ছাকৃতভাৱে জুবিনক মৃত্যুৰ মুখলৈ ঠেলি নাছিল, হত্যাৰ কোনো তথ্য প্ৰমাণ পোৱা নাই ক’ৰনাৰ্ছ আদালতে। ৰায়দানৰ সময়ত ক’ৰনাৰ্ছ আদালতত উপস্থিত থাকে জুবিন গাৰ্গৰ খুৰাক মনোজ কুমাৰ বৰঠাকুৰ।