প্ৰথমবাৰৰ বাবে NCERTৰ নৱম শ্ৰেণীৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত SIR প্ৰক্ৰিয়া

Story by  atv | Posted by  Munni Begum • 1 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
নতুন দিল্লী
 
বিশেষ নিবিড় ভোটাৰ তালিকা সংশোধন (Special Intensive Revision–SIR) প্ৰক্ৰিয়াক প্ৰথমবাৰৰ বাবে এনচিইআৰটিৰ নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰা হৈছে। পাঠ্যপুথিখনত এই প্ৰক্ৰিয়াক এনে এক ব্যৱস্থা হিচাপে উল্লেখ কৰা হৈছে, যাৰ জৰিয়তে কোনো যোগ্য নাগৰিক যাতে ভোটাৰ তালিকাৰ পৰা বাদ নপৰে আৰু কোনো অযোগ্য ব্যক্তিৰ নাম যাতে তালিকাত অন্তৰ্ভুক্ত নহয়, সেয়া নিশ্চিত কৰা হয়।  
 
ৰাষ্ট্ৰীয় শিক্ষাগত গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে (NCERT) প্ৰস্তুত কৰা নতুন পাঠ্যপুথিখনত ভাৰতীয় নিৰ্বাচন আয়োগৰো প্ৰশংসা কৰা হৈছে। ইয়াত কোৱা হৈছে যে, ভুৱা খবৰ, বিভ্ৰান্তিকৰ তথ্য আৰু ভয়-ভাবুকিৰ দৰে বহু প্ৰত্যাহ্বানৰ মাজতো আয়োগে নিৰপেক্ষ আৰু মুক্ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে।
 
বিশেষ নিবিড় ভোটাৰ তালিকা সংশোধন (SIR) প্ৰক্ৰিয়াৰ ফলত এতিয়ালৈকে দেশজুৰি প্ৰায় ৬ কোটি নাম ভোটাৰ তালিকাৰ পৰা বাদ দিয়া হৈছে। এই বিষয়টোক কেন্দ্ৰ কৰি বিৰোধী দলসমূহ আৰু নিৰ্বাচন আয়োগৰ মাজত তীব্ৰ মতানৈক্যও সৃষ্টি হৈছিল। বৰ্তমান এই প্ৰক্ৰিয়াই এবছৰ সম্পূৰ্ণ কৰিছে আৰু ১৯খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত অব্যাহত আছে।
 
এই বিশেষ সংশোধন কাৰ্যসূচী প্ৰথমে ২০২৫ চনৰ ২৪ জুনত বিহাৰত ৰাজ্যিক বিধানসভা নিৰ্বাচনৰ পূৰ্বে পাইলট প্ৰকল্প হিচাপে আৰম্ভ কৰা হৈছিল। ইয়াৰ ফলত ভোটাৰ তালিকাৰ পৰা প্ৰায় ৬৫ লাখ নাম বাদ দিয়া হয়। 
 
বিৰোধী দল আৰু বিভিন্ন সামাজিক কৰ্মীয়ে অভিযোগ কৰিছিল যে, প্ৰয়োজনীয় নথি-পত্ৰ নথকাৰ অজুহাত দেখুৱাই বহু নাগৰিকক ভোটাধিকাৰৰ পৰা বঞ্চিত কৰাৰ উদ্দেশ্যে নিৰ্বাচন আয়োগে এই পদক্ষেপ গ্ৰহণ কৰিছিল।
 
'Understanding Society: India and Beyond' শীৰ্ষক অধ্যায়ত উল্লেখ কৰা হৈছে যে, "নিৰ্বাচন আয়োগে বিশেষ নিবিড় ভোটাৰ তালিকা সংশোধন (SIR)ৰ জৰিয়তে ভোটাৰ তালিকা নিয়মিতভাৱে পৰীক্ষা আৰু সংশোধন কৰে। ইয়াৰ লক্ষ্য হৈছে যাতে কোনো যোগ্য নাগৰিক বাদ নপৰে আৰু কোনো অযোগ্য ব্যক্তিৰ নাম তালিকাত অন্তৰ্ভুক্ত নহয়।"
 
পাঠ্যপুথিখনত লগতে উল্লেখ কৰা হৈছে যে, এই প্ৰক্ৰিয়াৰ জৰিয়তে বিশেষকৈ সদ্য ১৮ বছৰত উপনীত হোৱা নতুন ভোটাৰসকলক ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰাটো নিশ্চিত কৰা হয়, যিসকল সচেতনতাৰ অভাৱ বা আন কাৰণত তালিকাৰ পৰা বাদ পৰিব পাৰে।
 
ইয়াৰ উপৰিও, ভোটাৰৰ মৃত্যু, বাসস্থান সলনি, একাধিকবাৰ নাম অন্তৰ্ভুক্ত হোৱা অথবা স্থায়ীভাৱে সন্ধানহীন হোৱা আদি ক্ষেত্ৰত ভোটাৰ তালিকাৰ পৰা নাম বাদ দিয়াৰ ব্যৱস্থাও এই সংশোধন প্ৰক্ৰিয়াৰ অংশ বুলি পাঠ্যপুথিখনত উল্লেখ কৰা হৈছে।
 
পাঠ্যপুথি অনুসৰি, সংশোধিত ভোটাৰ তালিকা প্ৰকাশৰ পূৰ্বে নিৰ্বাচন আয়োগে দাবী আৰু আপত্তি দাখিলৰ বাবে পৰ্যাপ্ত সময় প্ৰদান কৰে আৰু সেইসমূহ নিষ্পত্তি কৰাৰ পিছতহে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰে।
 
ইয়াৰ পূৰ্বে প্ৰচলিত নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যপুথিত ভোটাৰ তালিকাৰ বিষয়ে কেৱল এই কথা উল্লেখ আছিল যে, প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে ভোটাৰ তালিকাৰ সম্পূৰ্ণ সংশোধন কৰা হয়, যাতে তালিকাখন সদায় শেহতীয়া হৈ থাকে। 
 
নতুন ৰাষ্ট্ৰীয় পাঠ্যক্ৰম কাঠামো (National Curriculum Framework) অনুসৰি সংশোধন কৰা এই পাঠ্যপুথিখনত ভাৰতৰ বিশাল নিৰ্বাচনী ব্যৱস্থা আৰু সেই ক্ষেত্ৰত নিৰ্বাচন আয়োগৰ ভূমিকাৰ ওপৰতো বিশেষ আলোকপাত কৰা হৈছে।
 
পাঠ্যপুথিখনত কোৱা হৈছে, "দেশৰ বিভিন্ন অঞ্চল আৰু ভৌগোলিক পৰিৱেশত বিস্তৃত ৯৬.৮ কোটিৰো অধিক যোগ্য ভোটাৰক সামৰি ভাৰতৰ নিৰ্বাচনী প্ৰক্ৰিয়া বিশ্বৰ ভিতৰতে এক অনন্য আৰু ব্যতিক্ৰমী উদাহৰণ।"
 
ইয়াত লগতে উল্লেখ কৰা হৈছে যে, নিৰ্বাচন আয়োগে সম্পূৰ্ণ স্বায়ত্তশাসিতভাৱে এই বিশাল নিৰ্বাচনী প্ৰক্ৰিয়া পৰিচালনা কৰি সমগ্ৰ দেশতে মুক্ত, নিৰপেক্ষ আৰু ন্যায়সংগত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ কাম কৰি আহিছে।
 
পাঠ্যপুথিৰ 'মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচনৰ প্ৰত্যাহ্বান' শীৰ্ষক অধ্যায়ত কোৱা হৈছে যে, "৯৬.৮ কোটি ভোটাৰ, হাজাৰ হাজাৰ ভোটগ্ৰহণ কেন্দ্ৰ, শতাধিক ৰাজনৈতিক দল আৰু দেশৰ বৈচিত্ৰ্যপূৰ্ণ সামাজিক-অৰ্থনৈতিক পৰিস্থিতিৰ মাজত নিৰ্বাচন অনুষ্ঠিত কৰাটো ভাৰতৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান।"