গুৱাহাটী
ভাৰত ৰত্ন, সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ জীৱনৰ ওপৰত অসম চৰকাৰৰ উদ্যোগত প্ৰকাশ হ'ব এখন অমূল্য গ্ৰন্থ। দেশৰ ২৩ টা ভাষালৈ অনুবাদ হ'ব এই গ্ৰন্থখন। গ্ৰন্থখন ৪ লাখতকৈ অধিক কাৰ্যালয় আৰু পুথিভঁৰাললৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হ'ব। কেৱল সেয়াই নহয় ১০ লাখ লোকৰ হাতত এই গ্ৰন্থখন তুলি দিয়াৰ ব্যৱস্থা কৰিব চৰকাৰে।
বুধবাৰে দিছপুৰৰ লোকসেৱা ভৱনত সাংবাদিকক সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত কয়, "অসম চৰকাৰে এইবাৰ ভাৰত ৰত্ন, সুধাকণ্ঠ ভূপেন হাজৰিকাৰ বছৰজোৰা জন্মশতবাৰ্ষিকী উদযাপন কৰিব। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভূপেন হাজৰিকাৰ জন্মদিন ৮ ছেপ্টেম্বৰত এই জন্মশতবাৰ্ষিকীৰ কাৰ্যসূচী উদ্বোধন কৰিব।"
সুধাকন্ঠৰ জন্মশতবাৰ্ষিকী উপলক্ষে ৰাজ্য় চৰকাৰে ভূপেন হাজৰিকাৰ জীৱন পৰিক্ৰমাৰ বিষয়ে এখন অমূল্য গ্ৰন্থ প্ৰকাশ কৰাৰ যো-জা চলাইছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, "বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে এই গ্ৰন্থখন সম্পাদনা কৰি উলিয়াইছে। গ্ৰন্থখনৰ পুনৰীক্ষণ কৰাৰ কাম চলি আছে। এই গ্ৰন্থখন দেশৰ ২৩ টা ভাষাত অনুবাদ কৰা হ'ব। এই গ্ৰন্থখন ৪ লাখতকৈ অধিক কাৰ্যালয় আৰু পুথিভঁৰাললৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হ'ব । ১০ লাখ লোকৰ হাতত এই গ্ৰন্থখন তুলি দিয়াৰ ব্যৱস্থা কৰা হ'ব।"
মুখ্যমন্ত্ৰী শৰ্মাই কয়, "মূল সমিতিৰ প্ৰথমখন বৈঠকখনত আজি ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকা, নাতি শ্বেইজ হাজৰিকা, তেওঁৰ পৰিয়ালৰ লোকসকলৰ লগতে গন্যমান্য ব্যক্তিসকলে অংশগ্ৰহণ কৰে। বৈঠকত ৪০ গৰাকী ব্যক্তিয়ে বিভিন্ন পৰামৰ্শ আগবঢ়াইছে। চৰকাৰে এই পৰামৰ্শবোৰ বিবেচনা কৰি ৰূপায়ণ কৰিব। ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকী উদযাপন কৰা সন্দৰ্ভত পৰৱৰ্তী আৰু বৈঠক অনুষ্ঠিত হ'ব। এই সন্দৰ্ভত সময়ে সময়ে সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজক অৱগত কৰা হ'ব।"
উল্লেখ্য যে ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ বছৰজোৰা জন্মশতবাৰ্ষিকী উদযাপন সৈতে সংগতি ৰাখি বুধবাৰে দিছপুৰ লোকসেৱা ভৱনত অসম চৰকাৰৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ৰ্শমাৰ সভাপতিত্বত মূল সমিতিৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয় । এই বৈঠকত মুখ্যমন্ত্ৰীৰ লগতে কেইবাগৰাকী মন্ত্ৰী উপস্থিত থাকে। বৈঠকত অসমৰ সাংস্কৃতিক জগতৰ কেবাগৰাকী গন্যমান্য ব্যক্তি উপস্থিত আছিল।