নতুন দিল্লী
ভোটাৰৰ পৰিচয়ৰ প্ৰমাণৰ বাবে ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড গ্রহণ কৰিবলৈ উচ্চতম ন্যায়ালয়ে পৰামৰ্শ দিয়ে নির্বাচন আয়োগক। এইসমূহ নথি নকল বা জাল কৰা হয় বুলি নির্বাচন আয়োগে দিয়া যুক্তি নাকচ কৰি ন্যায়াধীশ সূর্যকান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগচীৰ বিচাৰপীঠে কয় যে, যিকোনো নথি-পত্র জালিয়াতি কৰিব পৰা যায়। সেয়ে আধাৰ কার্ড আৰু ভোটাৰ কাৰ্ড দুয়োবিধকে 'বিশেষ ব্যাপক সংশোধনী' (এছ আই আৰ) ত পৰিচয়পত্ৰ হিচাপে গ্রাহ্য হ'ব পাৰে বুলি ন্যায়ালয়ে আয়োগক কয়।
এই সন্দর্ভত বিচাৰপীঠে কোনো নির্দেশ দিয়া নাই আৰু কাইলৈ গোচৰৰ পুনৰ শুনানি হ'ব। উল্লেখনীয় যে, বিহাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনত ভোটাৰ তালিকাৰ পুনৰীক্ষণৰ অভিযান চলাইছে আৰু লাখ লাখ লোকৰ নাম তালিকাৰ পৰা বাদ পৰাৰ উপক্ৰম হৈছে। আয়োগৰ কাৰ্যকলাপৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দাখিল হোৱা বহুকেইটা গোচৰ একেলগ কৰি উচ্চতম ন্যায়ালয়ে বিচাৰ আৰম্ভ কৰিছিল। আয়োগে কিয় আধাৰ কাৰ্ড বা ভোটাৰ কার্ড) পুনৰীক্ষণৰ বিচাৰ তালিকাত ৰখা নাই সেই বিষয়ে আজি বিচাৰপীঠে জানিবলৈ বিচাৰিছিল।
ইতিপূর্বে ন্যায়ালয়ে 'বিশেষ ব্যাপক পুনৰীক্ষণ' (এছ আই আব)ব বাবে আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড আৰু ৰেচন কার্ডক বৈধ নথি হিচাপে গ্রহণ কৰাৰ বাবে পৰামৰ্শ দিছিল। কিন্তু আয়োগে শপতনামাত জনায় যে, আধাৰ কাৰ্ড কেৱল পৰিচয়পত্র। ভোটাৰ হোৱাৰ যোগ্যতা প্রমাণত আধাৰ কাৰ্ডৰ ব্যৱহাৰক লৈ ৩২৬ ধাৰাৰ বাধা-নিষেধ আছে। তদুপৰি পুৰণি ভোটাৰ তালিকাৰ ভিত্তিত এপিক নম্বৰ প্ৰস্তুত হৈ থাকে। ফলত বিশেষ সংশোধনৰ ভিত্তি হেৰাই যায়। লগতে দেশত ভুৱা ৰেচন কাৰ্ডৰ ব্যাপক পয়োভৰৰ বাবেও এইবিধ নথিক মান্যতা দিব পৰা নাযায় বুলি শপতনামাৰে জনাইছিল।