লালকিল্লাৰ দখল বিচাৰি মোগলৰ উত্তৰাধিকাৰীয়ে কৰা আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

Story by  atv | Posted by  Munni Begum • 11 h ago
লালকিল্লা
লালকিল্লা
 
নতুন দিল্লী 
 
লালকিল্লা নিজৰ দখলত বিচাৰি এগৰাকী মহিলাই দাখিল কৰা আবেদন নাকচ কৰে উচ্চতম ন্যায়ালয়ে। মহিলা এগৰাকীয়ে মোগল সম্ৰাট বাহাদুৰ শ্বাহ জাফৰৰ বংশধৰ বুলি দাবী কৰা তেওঁৰ বংশৰ উদ্ধৃতি দি উচ্চতম ন্যায়ালয়ত আবেদন কৰিছিল।  
 
বাৰ এণ্ড বেঞ্চৰ প্ৰতিবেদন অনুসৰি আদালতে কয় যে, আবেদনখন সম্পূৰ্ণ ভুল ধাৰণাৰ ভিত্তিত কৰা বুলি অভিহিত কৰি ভাৰতৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ পিভি সঞ্জয় কুমাৰৰ বিচাৰপীঠে কয় যে, "কেৱল লালকিল্লায়ে কিয়? ফতেহপুৰ ছিক্ৰী কিয় নহয়? এই সকলোবোৰ তেওঁলোকক কিয় এৰি দিয়া নহয়? এই আবেদনখন সম্পূৰ্ণৰূপে ভুল ধাৰণা ভিত্তিত কৰা। ইয়াক খাৰিজ কৰা হৈছে।"
 
বাহাদুৰ শ্বাহ জাফৰৰ আজোনাতিৰ বিধৱা পত্নী বুলি দাবী কৰা চুলতান বেগমে এই আবেদন দাখিল কৰিছিল। জাফৰ আছিল মোগল বংশৰ শেষৰগৰাকী শাসক।
 
আবেদনকাৰীয়ে শীর্ষ আদালতক এই আবেদন যোগ্যতাৰ ভিত্তিত খাৰিজ নকৰিবলৈ অনুৰোধ জনাইছিল৷ বেগমে যুক্তি দিছিল যে, আনকি দিল্লী উচ্চ ন্যায়ালয়েও পলম হোৱা বুলি উল্লেখ কৰি তেওঁৰ আবেদন খাৰিজ কৰিছে। অৱশ্যে শীৰ্ষ ন্যায়ালয়ে তেওঁৰ অনুৰোধ নাকচ কৰে। "নাই, এই আবেদন বৰ্খাস্ত কৰা হৈছে" বুলি বিচাৰপীঠে নিৰ্দেশ দিলে। 
 
১৮৫৭ চনত প্ৰথম স্বাধীনতা যুদ্ধৰ পিছত তেওঁৰ পৰিয়ালক ব্ৰিটিছে তেওঁলোকৰ সম্পত্তিৰ পৰা বঞ্চিত কৰিছিল বুলি যুক্তি দি বেগমে প্ৰথমে ২০২১ চনত উচ্চ ন্যায়ালয়ত আবেদন জনাইছিল। 
 
যুদ্ধৰ পাছত ভাৰতীয় বিদ্ৰোহৰ মুখ হৈ পৰা জাফৰক ৰেংগুন (বৰ্তমান ম্যানমাৰৰ ইয়াংগন)লৈ নিৰ্বাসিত কৰা হয়। ১৮৬২ চনত তেওঁৰ মৃত্যু হয়। বেগমে দাবী কৰে যে, তাৰ পিছত মোগলৰ পৰা লালকিল্লাৰ দখল কাঢ়ি লোৱা হৈছিল। তেওঁ লালকিল্লা এতিয়া চৰকাৰৰ "অবৈধ দখল"ৰ অধীনত আছে বুলি যুক্তি দিছিল আৰু ক্ষতিপূৰণৰ লগতে নিজৰ দখল বিচাৰিছিল। 
 
চলিত বৰ্ষৰ আৰম্ভণিতে এক প্ৰতিবেদনত প্ৰকাশ পাইছিল যে, ৬০ বছৰীয়া বেগমে কলকাতাৰ হাওৰাত থকা দুটা কোঠাৰ এটা সংকীৰ্ণ আৰু সৰু জুপুৰি কেনেকৈ বাস কৰে - যিটো তেওঁৰ পূৰ্বপুৰুষসকলে এসময়ত বাস কৰা মোগল ৰাজপ্ৰসাদৰ ভৱিষ্যৎৰ সৈতে একেবাৰে বিপৰীত।