ন্যায় বিচাৰি প্ৰধানমন্ত্ৰী মোদীৰ ওচৰত আবেদন পাকিস্তানী পত্নীৰ বাবে বৰ্খাস্ত হোৱা চি আৰ পি এফ জোৱানৰ

Story by  atv | Posted by  Munni Begum • 4 h ago
চি আৰ পি এফ জোৱান মুনীৰ আহমেদ আৰু তেওঁৰ পত্নী
চি আৰ পি এফ জোৱান মুনীৰ আহমেদ আৰু তেওঁৰ পত্নী
 
নতুন দিল্লী
 
পাকিস্তানী মহিলাৰ সৈতে তেওঁৰ বিবাহৰ সত্য লুকুৱাই ৰখাৰ অভিযোগত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী তথা চি আৰ পি এফয়ে জোৱান মুনীৰ আহমেদক সেৱাৰ পৰা বৰ্খাস্ত কৰাৰ এদিন পিছতে তেওঁৰ সৈতে অন্যায় কৰা হৈছে বুলি দাবী কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওচৰত ন্যায় বিচাৰিছে। 
 
সংবাদ সংস্থাৰ সৈতে হোৱা এক সাক্ষাৎকাৰত চি আৰ পি এফৰ জোৱান আহমেদে কয় যে, চাকৰিৰ পৰা বৰ্খাস্ত কৰা পত্ৰখনত উল্লেখ কৰা হৈছে যে, তেওঁৰ পত্নীৰ ভিছাৰ ম্যাদ উকলি যোৱাৰ পিছত ভাৰতত অতিৰিক্ত সময় থকাৰ বিষয়ে তেওঁ কৰ্তৃপক্ষক অৱগত কৰা নাছিল। কিন্তু মই কৰ্তৃপক্ষক অৱগত কৰিছিলোঁ, মোৰ হাতত প্ৰমাণ আছে। মই সঠিক পথ অনুসৰণ কৰিলোঁ আৰু তেওঁলোকে কোৱা নথি-পত্ৰ সংলগ্ন কৰিছিলোঁ। 
 
মুনীৰ আহমেদ আৰু পত্নী পাকিস্তানী নাগৰিক মেনাল খানে যোৱা বছৰৰ ২৪ মে'ত ভিডিঅ' কলৰ জৰিয়তে চিনাকী হৈছিল আৰু পিছতত বিবাহপাশত আবদ্ধ হৈছিল। মুনিৰে কয় যে, তেওঁ অক্টোবৰ মাহত চি আৰ পি এফ কৰ্তৃপক্ষক বিয়াৰ বিষয়ে অৱগত কৰিছিল। এই ফেব্ৰুৱাৰী মাহত মেনাল খান ৱাঘা-আটাৰী সীমান্তৰে ভাৰতলৈ আহি মুনীৰ আহমেদৰ লগত থাকিবলৈ আৰম্ভ কৰিলে। মাৰ্চ মাহত তাইৰ ১৫ দিনীয়া ভিছাৰ ম্যাদ উকলি গৈছিল আৰু তাৰ পিছত মুনিৰে দীৰ্ঘম্যাদী ভিছাৰ বাবে আবেদন কৰিছিল। ইয়াৰ এমাহৰ পাছত পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত নতুন দিল্লীয়ে ভাৰতত থকা পাকিস্তানী নাগৰিকৰ ওপৰত দমন নীতি অৱলম্বন কৰে। মেনাল খানক বিতাড়ন কৰিবলৈ ওলাইছিল যদিও তেওঁ শেষ মুহূৰ্তত জম্মু-কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ পৰা সকাহ পায়।
 
মুনিৰে কয় যে, "ফেব্ৰুৱাৰী মাহত পত্নী আহি পোৱাৰ পিছত তেওঁ ছুটীত আছিলো। ২৩ মাৰ্চত পুনৰ কৰ্তব্যত যোগদান কৰিলোঁ। তেওঁলোকক সকলো কথা অৱগত কৰিলোঁ। তাইৰ ভিছাৰ কপি এটা দি লং টাৰ্ম ভিছাৰ আবেদনৰ কথা ক’লোঁ। তাৰ পিছত হঠাৎ মোৰ বদলি হ’ল (ভূপাললৈ)। মই ২০২৭ চনত জম্মু-কাশ্মীৰত মোৰ পোষ্টিং সম্পূৰ্ণ কৰাৰ কথা আছিল। যেতিয়াই কোনো সেনা যোৱানক আন বেটেলিয়নলৈ স্থানান্তৰ কৰা হয়  তেতিয়া ১৫ দিনৰ যোগদানৰ সময় পায়। মই সেইটোও পোৱা নাছিলো। মোক ৰেলৰ টিকটও দিয়া হোৱা নাছিল। মই ৪১ বেটেলিয়নত যোগদান কৰিছিলো আৰু এটা সাক্ষাৎকাৰ অনুষ্ঠিত হৈছিল। মই তেওঁলোকক মোৰ বিবাহৰ বিষয়ে সকলো কৈছিলো। মই মোৰ স্থানান্তৰৰ বিষয়ে সঞ্চালক প্ৰধানলৈও লিখিছিলো। সেই আবেদনৰ প্ৰক্ৰিয়া চলি আছে।"
 
সেৱাৰ পৰা বৰ্খাস্ত হোৱাত তেওঁ স্তম্ভিত হৈ পৰা বুলি কয় মুনিৰে। মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক আবেদন কৰিব বিচাৰো যে, এজন জোৱান হিচাপে মই ন্যায় পাব লাগে। ২০২৪ চনত মোৰ বিয়া হৈছিলো আৰু ২০২২ চনৰ পৰা বিভাগটোক খবৰ দি আহিছো, কওকচোন ইয়াত কি অবৈধতা কৰিছিলো? মুনিৰে সুধিলে।  
 
চি আৰ পি এফৰ বিষয়াসকলে কয় যে, মুনীৰ আহমেদক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে কাৰণ তেওঁৰ এই কাৰ্যই ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে ক্ষতিকাৰক। খবৰ অনুসৰি তেওঁক এনে নিয়মৰ অধীনত বৰ্খাস্ত কৰা হৈছে য’ত তদন্ত চলোৱাৰ প্ৰয়োজন নাই।