FSSAI ৰ দাবী; ১০০ শতাংশ ফলৰ ৰসৰ বিজ্ঞাপন গ্ৰহণযোগ্য নহয়

Story by  atv | Posted by  [email protected] • 1 d ago
FSSAI ৰ দাবী; ১০০ শতাংশ ফলৰ ৰসৰ বিজ্ঞাপন গ্ৰহণযোগ্য নহয়
FSSAI ৰ দাবী; ১০০ শতাংশ ফলৰ ৰসৰ বিজ্ঞাপন গ্ৰহণযোগ্য নহয়
 
নতুন দিল্লী
 
ভাৰতীয় খাদ্য সুৰক্ষা আৰু মান প্ৰাধিকৰণে (এফ এছ এছ এ আই) দিল্লী উচ্চ ন্যায়ালয়ত ফলৰ ৰসক '১০০ শতাংশ ফলৰ ৰস' বুলি বিজ্ঞাপন প্ৰচাৰ কৰাটো আইনগতভাৱে অনুমোদিত নহয় আৰু এনে অনুশীলনে উপভোক্তাক বিপথে পৰিচালিত কৰিব পাৰে বুলি অৱগত কৰে।
 
আগশাৰীৰ এফ এম চি জি প্রতিষ্ঠান ডাবৰৰ এক আবেদনৰ উত্তৰত এফ এছ এছ এ আয়ে ২০২৪ৰ জুন মাহৰ অধিসূচনাৰ পক্ষপাতিত্ব কৰে, য'ত খাদ্য ব্যৱসায় পৰিচালকসকলক তেওঁলোকৰ সামগ্ৰীৰ লেবেলৰ পৰা এনে দাবী আঁতৰাবলৈ নির্দেশ দিয়া হৈছে।
 
এই অধিসূচনামতে খাদ্য-সামগ্ৰীৰ বৰ্ণনাৰ বাবে ১০০ শতাংশৰ দৰে সংখ্যাগত অভিব্যক্তিসমূহ প্রত্যক্ষভাৱে বৰ্তমানৰ খাদ্য আইনৰ পৰিসৰৰ বাহিৰত আৰু ইয়াত বিধিগত অনুমোদনৰো অভাৱ দেখিবলৈ পোৱা যায়।