পাকিস্তানী মহিলাৰ সৈতে বিবাহ ‘লুকুৱাই ৰখা’ৰ বাবে বৰ্খাস্ত চি আৰ পি এফ জোৱান

Story by  atv | Posted by   Imtiaz Ahmed • 1 d ago
মুনীৰ আহমেদ আৰু মিনাল খান
মুনীৰ আহমেদ আৰু মিনাল খান
নতুন দিল্লী

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীয়ে শনিবাৰে পাকিস্তানী মহিলাৰ সৈতে বিবাহ লুকুৱাই ৰখা এজন জোৱানক বৰ্খাস্ত কৰে আৰু তেওঁৰ আচৰণ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে ক্ষতিকাৰক বুলি কয়।

চি আৰ পি এফে এক বিবৃতিত কয় যে, "এটা গুৰুতৰ চিন্তাৰ বিষয় যে চি আৰ পি এফৰ ৪১ বেটেলিয়নৰ চি টি/জি ডি মুনীৰ আহমেদক পাকিস্তানী নাগৰিকৰ সৈতে নিজৰ বিবাহ লুকুৱাই ৰখাৰ বাবে আৰু জানি-বুজি ভিছাৰ বৈধতাৰ বাহিৰত আশ্ৰয় দিয়াৰ বাবে তাৎক্ষণিকভাৱে সেৱাৰ পৰা বৰ্খাস্ত কৰা হৈছে।"

ইয়াত লগতে কোৱা হৈছে যে তেওঁৰ এই কাৰ্য্য সেৱা আচৰণ উলংঘা কৰা আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে ক্ষতিকাৰক বুলি ধৰা গৈছে।

মুনীৰ আহমেদক স্পৰ্শকাতৰ জম্মু-কাশ্মীৰ মণ্ডলৰ পৰা ভূপাললৈ বদলি কৰাৰ এদিন পিছতে চি আৰ পি এফৰ এই পদক্ষেপ।

পাকিস্তানৰ ছিয়ালকোটৰ অন্তৰ্গত মিনাল খানৰ সৈতে বিবাহপাশত আবদ্ধ হ’বলৈ আহমেদে ২০২৩ চনত চি আৰ পি এফৰ পৰা অনুমতি বিচাৰিছিল। কিন্তু বিভাগে তেওঁৰ অনুৰোধৰ সিদ্ধান্ত লোৱাৰ পূৰ্বে ২০২৪ চনৰ ২৪ মে’ত আহমেদে খানৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু ভাৰত আৰু পাকিস্তানৰ ধৰ্মগুৰুসকলে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে এই বিবাহৰ আয়োজন কৰে।

এই সপ্তাহৰ আৰম্ভণিতে ঘটনাটো পোহৰলৈ আহিছিল যেতিয়া মিনাল খানক জম্মুৰ পৰা তেওঁৰ দেশলৈ বিতাড়নৰ বাবে ঘূৰাই পঠোৱা হৈছিল যেতিয়া ভাৰতে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত পাকিস্তানী নাগৰিকসকলৰ ভিছা প্ৰত্যাহাৰ কৰিছিল।

যোৱা ৩০ এপ্ৰিলত জম্মু-কাশ্মীৰ উচ্চ ন্যায়ালয়ে তেওঁক বিতাড়নৰ পৰা শেষ মুহূৰ্তত সকাহ প্ৰদান কৰিছিল। মিনালে জম্মু এৰি আটাৰী সীমান্তলৈ গৈছিল যেতিয়া তেওঁৰ অধিবক্তাই আদালতৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছিল।

চি আৰ পি এফ জোৱানজনৰ পত্নীক প্ৰতিনিধিত্ব কৰা অধিবক্তা অংকুশ শৰ্মাই সংবাদ সংস্থা এ এন আইক জনাইছে যে, "চি আৰ পি এফ কনিষ্টবল মুনিৰ আহমেদে আঢ়ৈ মাহ পূৰ্বে পাকিস্তানী নাগৰিক মিনাল খানৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল।"

শৰ্মাই লগতে কয় যে মিনাল খানে দীৰ্ঘম্যাদী ভিছাৰ বাবে সাক্ষাৎকাৰৰ বাবে হাজিৰ হৈছিল, আৰু তেওঁক দীৰ্ঘম্যাদী ভিছা দিয়াৰ বাবে গৃহ পৰিক্ৰমা মন্ত্ৰালয়লৈ ইতিবাচক পৰামৰ্শ প্ৰেৰণ কৰিছিল।

"পেফেলগাম আক্ৰমণ সংঘটিত হৈছিল, আৰু তেওঁৰ হাতত দীৰ্ঘম্যাদী ভিছা নাছিল, সেয়েহে তেওঁক আট্টাৰী সীমান্তলৈ পঠিওৱা হৈছিল...জে এণ্ড কে হাইকোৰ্টত গোচৰ ৰুজু কৰা হৈছিল, আৰু শুনানি হৈছিল, আদালতে অন্তৱৰ্তীকালীন আদেশ জাৰি কৰিছিল...তাৰ পিছত তেওঁক জম্মুলৈ ঘূৰাই পঠিওৱা হৈছিল।" - শৰ্মাই কয়।

ইয়াৰ পূৰ্বে মিনালে ভাৰত চৰকাৰক পৰিয়ালসমূহক একেলগে থাকিবলৈ দিবলৈ আহ্বান জনাইছিল।

মিনাল খানৰ উদ্ধৃতি দি পিটিআইয়ে কয় যে, "আমাক পৰিয়ালৰ সৈতে থাকিবলৈ দিয়া উচিত। আক্ৰমণত নিৰীহ লোকক বৰ্বৰভাৱে হত্যা কৰাক আমি গৰিহণা দিছো। তেওঁলোকক কঠোৰ শাস্তি দিয়া উচিত।"