নতুন দিল্লী
জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই শনিবাৰে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণকে ধৰি কেইবাটাও জৰুৰী বিষয়ত আলোচনা কৰে। ২২ এপ্ৰিলৰ পেহেলগাম আক্ৰমণত প্ৰায় ২৬ জন পৰ্যটকৰ মৃত্যু হৈছিল। হত্যাকাণ্ডৰ পিছত এইটোৱেই হৈছে দুয়োগৰাকী নেতাৰ মাজত প্ৰথমবাৰৰ বাবে পাৰস্পৰিক সাক্ষাৎ।
বিষয়াসকলৰ উদ্ধৃতি দিয়া সংবাদ সংস্থা পিটিআইৰ মতে, প্ৰধানমন্ত্ৰীৰ বাসগৃহত অনুষ্ঠিত হোৱা এই বৈঠকখন প্ৰায় ৩০ মিনিট ধৰি চলিছিল।
জম্মু-কাশ্মীৰ নেশ্যনেল কনফাৰেন্সে সামাজিক মাধ্যম এক্সত পোষ্ট কৰি কয়, “মুখ্যমন্ত্ৰী জে এণ্ড কে ওমৰ আব্দুল্লাই নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি যোৱা সপ্তাহৰ পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণকে ধৰি বিভিন্ন বিষয়ত আলোচনা কৰে।”
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এই বৈঠকৰ ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰে।
উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ওমৰ আব্দুল্লাৰ বৈঠকৰ পিছত নৌসেনাৰ মুৰব্বী এডমিৰেল দিনেশ কে ত্ৰিপাঠীয়েও তেওঁৰ বাসগৃহত প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে বুলি বাতৰি সংস্থা পিটিআইয়ে প্ৰকাশ কৰিছে।
ভ্ৰমণকাৰী এংগোলা ৰাষ্ট্ৰপতি জোৱাও মেনুৱেল গনছালভেছ ল’ৰেংকোৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হোৱাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, "সন্ত্ৰাসবাদ মানৱতাৰ বাবে সৰ্বাধিক ভাবুকি বুলি আমি একমত। পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণত নিহত হোৱা লোকসকলৰ প্ৰতি ৰাষ্ট্ৰপতি ল’ৰেংকো আৰু এংগোলাৰ সকলোৱে শোক প্ৰকাশ কৰাৰ বাবে মই কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।” তেওঁ আৰু কয়, “আমি সন্ত্ৰাসবাদী আৰু তেওঁলোকক সমৰ্থন কৰাসকলৰ বিৰুদ্ধে দৃঢ় আৰু নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।”
তদন্ত তীব্ৰতৰ হোৱাৰ লগে লগে শ্ৰীলংকা আৰক্ষীয়ে চেন্নাইৰ পৰা কলম্বোলৈ যোৱা বিমান এখনত হত্যাকাণ্ডৰ সৈতে জড়িত এজন সন্দেহযুক্ত লোক সম্ভৱতঃ থকাৰ খবৰ পোৱাৰ পিছত তালাচী চলায়। পিটিআইৰ বাতৰি অনুসৰি কলম্বোৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, বিমানখন ভালদৰে পৰিদৰ্শন কৰি পিছৰ উৰণৰ বাবে এৰি দিয়া হয়। এই আক্ৰমণৰ আঁৰত ভাৰত কৰ্তৃপক্ষই দুজন পাকিস্তানী নাগৰিককে ধৰি চাৰিজন সন্ত্ৰাসবাদী চিনাক্ত কৰিছে।