নতুন দিল্লী
২০২৫ চনৰ ১৫ আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ লালকিল্লাৰ পৰা নেতৃত্ব দি ৭৯ সংখ্যক স্বাধীনতা দিৱসত উদযাপনৰ কৰিব। এইবাৰৰ থিম ‘নয়া ভাৰত’ত ভাৰতৰ অগ্ৰগতি আৰু ২০৪৭ চনৰ ভিতৰত উন্নত ৰাষ্ট্ৰ হোৱাৰ দৃষ্টিভংগীৰ ওপৰত আলোকপাত কৰা হৈছে।
লালকিল্লাত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী মোদীক প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰী সঞ্জয় ছেঠ আৰু প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিঙে আদৰণি জনাব বুলি বুধবাৰে এক আনুষ্ঠানিক বিবৃতিত প্ৰকাশ পাইছে।
তেওঁক শীৰ্ষ ডিফেন্স অফিচিয়েলৰ সৈতে চিনাকি কৰাই দিয়া হ’ব যিয়ে তেওঁক চেলুটিং বেছলৈ লৈ যাব। স্থলসেনা, নৌসেনা, বায়ুসেনা আৰু দিল্লী আৰক্ষীৰ সংযুক্ত গাৰ্ড অৱ অনাৰে মুঠতে ৯৬ জন জোৱানে প্ৰধানমন্ত্ৰীক চেলুট প্ৰদান দিব। ইয়াত লগতে কোৱা হৈছে যে, এই বছৰ বায়ুসেনাৰ সমন্বয়ত এই দলটোৰ কমাণ্ডাৰ হ’ব উইং কমাণ্ডাৰ এ এছ চেখন।
পৰিদৰ্শনৰ পিছত প্ৰধানমন্ত্ৰীয়ে লালকিল্লাৰ প্ৰাচীৰলৈ আগবাঢ়িব, য’ত তেওঁক আদৰণি জনাব প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল অনিল চৌহান আৰু সেৱাৰ মুৰব্বীকে ধৰি শীৰ্ষ সামৰিক নেতৃত্বই।
থলুৱা ১০৫ মিমি লাইট ফিল্ড গান ব্যৱহাৰ কৰি ১৭২১ ফিল্ড বেটাৰীয়ে ২১ বন্দুকৰ চেলুটৰ সৈতে সমন্বয় কৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলনত সহায় কৰিব ফ্লাইং অফিচাৰ ৰশিকা শৰ্মাই। সশস্ত্ৰ বাহিনী আৰু দিল্লী আৰক্ষীৰ ১২৮ জন জোৱানৰে গঠিত নেশ্যনেল ফ্লেগ গাৰ্ডে ৰাষ্ট্ৰীয় চেলুট প্ৰদান কৰিব।
লগতে, দুখন মি-১৭ হেলিকপ্টাৰত ফুলৰ পাহিৰ উৰুওৱা হব। এখনত ৰাষ্ট্ৰীয় পতাকা আৰু আনখনে অপাৰেচন সেন্দুৰৰ পতাকা কঢ়িয়াই আনিব, যিটো শেহতীয়াকৈ এইবাৰৰ উদযাপনৰ সময়ত সন্মান জনোৱা সফল সামৰিক অভিযান।
জ্ঞানপথ দৰ্শন স্থানত অপাৰেচন সেন্দুৰৰ ল’গ’ প্ৰদৰ্শিত হ’ব, আৰু আমন্ত্ৰণ পত্ৰত নয়া ভাৰতৰ প্ৰতীক হিচাপে চেনাব দলঙৰ ল’গ’ আৰু ৱাটাৰমাৰ্ক দুয়োটা বৈশিষ্ট্য আছে। জ্ঞানপাঠত প্ৰায় ২৫০০ এন চি চি কেডেট আৰু মাই ভাৰতৰ স্বেচ্ছাসেৱকে নয়া ভাৰতৰ ল'গ' গঠন কৰিব।
বিশেষ অতিথিৰ ভিতৰত আছে ৫ হাজাৰৰো অধিক লোক, ইয়াৰ ভিতৰত ভাৰতৰ বিশেষ অলিম্পিক দল, আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাৰ বিজয়ী, খেলো ইণ্ডিয়া পেৰা গেমছৰ স্বৰ্ণ পদক বিজয়ী। সমগ্ৰ ভাৰতৰ পৰা আন ১৫০০ আমন্ত্ৰিত ব্যক্তিয়ে পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি দেশৰ সাংস্কৃতিক বৈচিত্ৰ্য প্ৰদৰ্শন কৰিব।
পতাকা উত্তোলন আৰু আকাশী চেলুটৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক সম্বোধন কৰিব। প্ৰধানমন্ত্ৰীগৰাকীৰ ভাষণত পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত অপাৰেচন সেন্দুৰৰ সফলতা, পাকিস্তানৰ সৈতে ভাৰতৰ সামৰিক সংঘাত, ২০৪৭ চনৰ ভিতৰত ভাৰতে উন্নত ৰাষ্ট্ৰ হোৱাৰ লক্ষ্য আদি বিষয়সমূহ অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে।
প্ৰথমবাৰৰ বাবে দেশপ্ৰেমৰ উত্তেজনা বিয়পাবলৈ আৰু অপাৰেচন সেন্দুৰ উদযাপন কৰিবলৈ স্বাধীনতা দিৱসৰ সন্ধিয়া দেশজুৰি ১৪০টাতকৈও অধিক স্থানত সামৰিক আৰু অৰ্ধসামৰিক বেণ্ডসমূহে অনুষ্ঠান পৰিৱেশন কৰিব।