গুৱাহাটী
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে কয় যে তেওঁৰ চৰকাৰে "সহজে প্ৰভাৱিত হ'ব পৰা যুৱক-যুৱতীসকলক চৰমপন্থী প্ৰভাৱৰ পৰা ৰক্ষা কৰিবলৈ" এটা কাউণ্টাৰ-ৰেডিকেলাইজেচন চেল (চৰমপন্থী আদৰ্শ প্ৰতিৰোধ শাখা) গঠন কৰিব।
তেওঁ দৃঢ়তাৰে কয় যে যদি কোনোবাই ৰাজ্যৰ যুৱ প্ৰজন্মক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰে, তেন্তে অসমে তাৰ উচিত প্ৰত্যুত্তৰ দিব।
এক্সত এটা পোষ্ট দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, "আমি কোনো গোট বা ব্যক্তিক আমাৰ যুৱক-যুৱতীসকলক চৰমপন্থী আদৰ্শৰে বিপথে পৰিচালিত কৰিবলৈ আৰু তেওঁলোকৰ ভৱিষ্যত ধ্বংস কৰিবলৈ নিদিওঁ। অসমে ইয়াৰ কঢ়া প্ৰত্যুত্তৰ দিব।"
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, "সহজে প্ৰভাৱিত হ'ব পৰা যুৱক-যুৱতীসকলক চৰমপন্থী প্ৰভাৱৰ পৰা ৰক্ষা কৰিবলৈ এটা কাউণ্টাৰ ৰেডিকেলাইজেচন চেল গঠন কৰা হ'ব।"
অৱশ্যে, মুখ্যমন্ত্ৰী শৰ্মাই প্ৰস্তাৱিত চেল বা শাখাটিৰ সন্দৰ্ভত কোনো বহল বা বিস্তাৰিত তথ্য দাঙি ধৰা নাই।