নতুন দিল্লী
ভাৰতে পাৰমাণৱিক অস্ত্ৰ কঢ়িয়াই নিব পৰা হ্ৰস্ব দূৰত্বভেদী বেলিষ্টিক মিছাইল পৃথ্বী-২ আৰু অগ্নি-১ৰ পৰীক্ষা-নিৰীক্ষা সফলতাৰে সম্পন্ন কৰে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা মতে, এই ক্ষেপণাস্ত্ৰসমূহ উৰিষ্যাৰ চণ্ডীপুৰৰ ইন্টিগ্ৰেটেড টেষ্ট ৰেঞ্জৰ পৰা পৰীক্ষা কৰা হৈছে।
বিশেষ কৌশলগত বাহিনীৰ কমাণ্ডে চলোৱা বেলিষ্টিক ক্ষেপণাস্ত্ৰৰ পৰীক্ষাত সকলো অপাৰেশ্যনেল আৰু টেকনিকেল পেৰামিটাৰ নিশ্চিত কৰা বুলি মন্ত্ৰালয়ে জনায়। প্ৰাপ্ত তথ্য অনুসৰি, পৃথ্বী-২ ক্ষেপণাস্ত্ৰৰ ৰেঞ্জ প্ৰায় ৩৫০ কিলোমিটাৰ আৰু ই ৫০০ কিলোগ্ৰাম পৰ্যন্ত পেলোড কঢ়িয়াব পৰাকৈ সক্ষম।
একে সময়তে অগ্নি-১ ক্ষেপণাস্ত্ৰৰ ৰেঞ্জ ৭০০-৯০০ কিলোমিটাৰ আৰু ই ১০০০ কিলোগ্ৰাম পেলোড কঢ়িয়াব পাৰে। উল্লেখযোগ্য, ১৬ জুলাইত ভাৰতে লাডাখত থলুৱাভাৱে নিৰ্মিত আকাশ প্ৰাইম ক্ষেপণাস্ত্ৰৰ সফলতাৰে পৰীক্ষা কৰিছিল। মে’ মাহত ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা সামৰিক সংঘাতৰ দুমাহৰ পাছত এই ক্ষেপণাস্ত্ৰ পৰীক্ষা কৰা হৈছিল।
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই সাফল্যৰ বাবে ভাৰতীয় সেনা, ডি আৰ ডি অ’ আৰু উদ্যোগক প্ৰশংসা কৰে। আকাশ ক্ষেপণাস্ত্ৰৰ পৰীক্ষাৰ অন্তত প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে, অপাৰেচন সিন্দুৰৰ সময়ত ভাৰতৰ থলুৱাভাৱে বিকশিত বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰ ‘ব্যতিক্ৰমী প্ৰদৰ্শন’ৰ পিছত ইয়াৰ তাৎপৰ্য আৰু অধিক বৃদ্ধি পাইছে।