ডিজিটেল পদ্ধতিৰে আজিৰে পৰা দেশত আৰম্ভ ২০২৭ বৰ্ষৰ লোকপিয়ল

Story by  atv | Posted by  [email protected] • 4 h ago
ডিজিটেল পদ্ধতিৰে আজিৰে পৰা দেশত আৰম্ভ ২০২৭ বৰ্ষৰ লোকপিয়ল
ডিজিটেল পদ্ধতিৰে আজিৰে পৰা দেশত আৰম্ভ ২০২৭ বৰ্ষৰ লোকপিয়ল
 
গুৱাহাটী
 
বহু অপেক্ষাৰ অন্তত সমগ্ৰ দেশৰ লগতে অসমতো ১ এপ্ৰিল অর্থাৎ আজিৰে পৰা আৰম্ভ হ’ব ২০২৭ বৰ্ষৰ লোকপিয়ল। দুটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া এয়া ভাৰতৰ ১৬ সংখ্যক আৰু বিশ্বৰ সৰ্ববৃহৎ লোকপিয়ল। ১৯৩১ চনৰ পিছত দুটা পৰ্যায়ত ডিজিটেল মাধ্যমেৰে প্ৰথমবাৰৰ বাবে দেশজুৰি জাতি গণনা কৰা হ’ব। প্ৰথম পৰ্যায়ত হ’ব হাউছলিষ্টিং ২০২৬ চনৰ ১ এপ্ৰিলৰ পৰা ৩০ ছেপ্টেম্বৰলৈকে চলিব আৰু দ্বিতীয় পৰ্য্যায়ত জনসংখ্যা গণনা ২০২৭ চনৰ ফেব্ৰুৱাৰী মাহত কৰা হ’ব।
 
প্ৰথমবাৰৰ বাবে ডিজিটেল মাধ্যমেৰে লোকপিয়ল কৰা হ’ব আৰু অৱশ্য স্ব-গণনা কৰাৰ বিকল্পও উপলব্ধ হ’ব বুলি মঙলবাৰে লোকপিয়ল আয়ুক্ত মৃতুঞ্জয় কুমাৰ নাৰায়ণে সদৰী কৰে। নতুন দিল্লীত ২০২৭ চনৰ লোকপিয়লক লৈ দিয়া সংবাদমেলত মৃতুঞ্জয় কুমাৰ নাৰায়ণে উল্লেখ কৰে যে, ‘কেন্দ্ৰীয় চৰকাৰে লোকপিয়ল ২০২৭ৰ বাবে ১১,৭১৮.২৪ কোটি টকা ব্যয়ৰ অনুমোদন জনাইছে। লোকপিয়লৰ কৰ্মকৰ্তা, আই টি আন্তঃগাঁথনি, লজিষ্টিক ইত্যাদিক সন্মানীয় আৰু প্ৰশিক্ষণ প্ৰদানৰ বাবে পৰ্যাপ্ত ব্যৱস্থা কৰিছে। অসমতো ২ আগষ্টৰ পৰা ১৬ আগষ্টলৈ স্ব-গণনা আৰু ১৭ আগষ্টৰ পৰা ১৫ ছেপ্তেম্বৰলৈহাউছলিষ্টিং লোকপিয়ল কৰা হ’ব।
 
২০২৬ চনৰ ১ এপ্ৰিলৰ পৰা ১৫ এপ্ৰিললৈ স্ব-গণনা আৰু  ১৬ এপ্ৰিলৰ পৰা ১৫ মে’লৈ আন্দামান এণ্ড নিকোবাৰ দ্বীপপুঞ্জ, এনডিএমচি আৰু দিল্লী কেণ্টনমেণ্ট ব’ৰ্ড, গোৱা, কৰ্ণাটক, লক্ষদ্বীপ, মিজোৰাম, ওড়িশা, আৰু ছিকিমত হাউছ লিষ্টিং আৰু হাউছিং লোকপিয়ল অনুষ্ঠিত হ’ব। তথ্য অনুসৰি  সমগ্ৰ দেশতে ২০২৭ চনৰ লোকপিয়লত ৩০ লাখতকৈ অধিক গণনাকাৰী, তত্বাৱধায়ক, আৰু অন্যান্য বিষয়া জড়িত হ’ব।
 
উল্লেখযোগ্য যে, মধ্যপ্ৰদেশ, অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, চণ্ডীগড়, ছত্তীগড়, আৰু হাৰিয়ানাই ১ মে’ৰ পৰা ৩০ মে’লৈকে হাউছলিষ্টিং লোকপিয়ল কৰিব আৰু ১৬ এপ্ৰিলৰ পৰা ৩০ এপ্ৰিল, ২০২৬লৈ স্ব-গণনা আৰম্ভ হ’ব। আৰু লাডাখৰ কেন্দ্ৰীয় শাসিত অঞ্চল আৰু জম্মু-কাশ্মীৰৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ বৰফেৰে বান্ধ খাই থকা অ-সমকালীন অঞ্চলত, আৰু উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশ ৰাজ্যত দ্বিতীয় পৰ্যায় ২০২৬ চনৰ ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ’ব।
 
২০২৭ চনৰ লোকপিয়ল ডিজিটেল মাধ্যমেৰে সম্পন্ন কৰা হ’ব। গণনাকাৰীয়ে  স্মাৰ্টফোনেৰে  মোবাইল এপ্লিকেচনৰ জৰিয়তে তথ্য সংগ্ৰহ কৰি জমা দিব পাৰিব। লগতে দুয়োটা পৰ্যায়তে স্ব-গণনা কৰাৰ বাবে অনলাইন ব্যৱস্থা উপলব্ধ হ’ব। মোবাইল এপ্লিকেচন আৰু স্ব-গণনা পৰ্টেলটো হিন্দী আৰু ইংৰাজীকে ধৰি ১৬টা ভাষাত উপলব্ধ হ’ব।