বায়ুসেনাৰ বাবে চৰকাৰে ক্ৰয় কৰিব ৯৭ খন তেজছ বিমান

Story by  atv | Posted by  [email protected] • 9 h ago
বায়ুসেনাৰ বাবে চৰকাৰে ক্ৰয় কৰিব ৯৭ খন তেজছ বিমান
বায়ুসেনাৰ বাবে চৰকাৰে ক্ৰয় কৰিব ৯৭ খন তেজছ বিমান
 
নতুন দিল্লী
 
কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় বায়ুসেনাৰ বাবে প্ৰায় ৮৫ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে ৯৭ খন তেজছ যুদ্ধ বিমান আৰু ৬ খন উন্নত বায়ুসেনাৰ আগতীয়া সতৰ্কতা আৰু নিয়ন্ত্ৰণ (AEW&C) বিমান ক্ৰয়ৰ প্ৰস্তাৱত অনুমোদন জনাইছে। বিষয়টোৰ সৈতে জড়িত সূত্ৰসমূহে বুধবাৰে প্ৰকাশ কৰা অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত গঠিত কেবিনেট কমিটী অন ছিকিউৰিটিয়ে এই দুয়োটা ক্ৰয় প্ৰকল্পক সেউজ সংকেত দিছে।
 
প্ৰায় ৬৭ হাজাৰ কোটি টকা ব্যয়েৰে তেজছ বিমান ক্ৰয় কৰাৰ বিপৰীতে AEW&C প্ৰকল্পৰ বাবে চৰকাৰী কোষাগাৰৰ পৰা প্ৰায় ১৮ হাজাৰ কোটি টকা খৰচ হ’ব । পূৰ্বে প্ৰতিৰক্ষা মন্ত্ৰালয়ে এয়াৰ ইণ্ডিয়াৰ পৰা ক্ৰয় কৰা ছেকেণ্ড হেণ্ড এয়াৰবাছ-৩২১ বিমান AEW&C প্ৰকল্পৰ বাবে ব্যৱহাৰ কৰা হ’ব । যাৰ লক্ষ্য ভাৰতীয় বায়ুসেনাৰ নিৰীক্ষণ আৰু চিগনেল ইন্টেলিজেন্স ব্যৱস্থা উন্নত কৰা।
 
প্ৰতিৰক্ষা মন্ত্ৰালয়ে থলুৱাভাৱে নিৰ্মিত জেট বিমানৰ সৈতে জড়িত আন এক চুক্তি স্বাক্ষৰ কৰাৰ প্ৰায় চাৰি বছৰৰ পাছত ৯৭খন এল চি এ তেজছ (এমকে-১এ) ক্ৰয় কৰা হৈছে । ইয়াৰ পূৰ্বে ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰতিৰক্ষা মন্ত্ৰালয়ে ভাৰতীয় বায়ুসেনাৰ বাবে ৮৩খন তেজছ এম কে-১এ জেট বিমান ক্ৰয়ৰ বাবে হিন্দুস্তান এৰোনটিকছ লিমিটেডৰ সৈতে ৪৮ হাজাৰ কোটি টকাৰ চুক্তিত স্বাক্ষৰ কৰিছিল। বায়ুসেনাৰ মিগ-২১ যুঁজাৰু বিমানৰ ঠাই ল’ব একক ইঞ্জিনৰ Mk-1A এ।
 
বায়ুসেনাই এই তেজছ বিমানসমূহ অন্তৰ্ভুক্ত কৰাৰ কথা চিন্তা কৰিছে কাৰণ আই এ এফৰ অনুমোদিত স্কোৱাড্ৰনৰ সংখ্যা ৪২ৰ পৰা ৩১ লৈ হ্ৰাস পাইছে । তেজছ হৈছে একক ইঞ্জিনৰ মাল্টিৰোল যুদ্ধ বিমান যিয়ে উচ্চ ভাবুকিৰ আকাশী পৰিৱেশত চলাচল কৰিব পাৰে। ইয়াক বায়ু প্ৰতিৰক্ষা, সামুদ্ৰিক গোপনীয়তা আৰু আক্ৰমণৰ ভূমিকাৰ বাবে ডিজাইন কৰা হৈছে।
 
উল্লেখযোগ্য যে, তেজছ বিমানৰ মুঠ ওজন ৬৫৪০ কিলোগ্ৰাম। এই একক ইঞ্জিন বিমানখন হিন্দুস্তান এৰ’নটিক্স লিমিটেডে নিৰ্মাণ কৰিছে । ৫০ হাজাৰ ফুট উচ্চতাত উৰিব পৰা আৰু এবাৰতে ৩০০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰে এই যপদ্ধ বিমানে।
 
তেজছে আকাশতে ইন্ধন ভৰাই ল’ব পাৰে । ইয়াৰ আটাইতকৈ ডাঙৰ বিশেষত্ব হ’ল ইয়াত ন প্ৰকাৰৰ অস্ত্ৰ-শস্ত্ৰ লোড কৰিব পৰা যায়, য’ত এয়াৰ টু এয়াৰ মিছাইল, এয়াৰ টু ৱাটাৰ মিছাইল, এয়াৰ টু ছাৰ্ফেচ মিছাইল আৰু লেজাৰ গাইডেড মিছাইল ইত্যাদি অন্তৰ্ভুক্ত আছে।