গো-মাংস বৰ্জন আৰু উৰিয়ামঘাটৰ উচ্ছেদক সমৰ্থন খিলঞ্জীয়া মুছলমান সমাজৰ

Story by  atv | Posted by  [email protected] • 1 d ago
উৰিয়ামঘাটৰ উচ্ছেদক সমৰ্থন খিলঞ্জীয়া মুছলমান সমাজৰ
উৰিয়ামঘাটৰ উচ্ছেদক সমৰ্থন খিলঞ্জীয়া মুছলমান সমাজৰ
 
গুৱাহাটী
 
অসম চৰকাৰৰ গো-সুৰক্ষা আইন আৰু বেদখলকাৰীসকলক উচ্ছেদ চলোৱা কাৰ্যৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে খিলঞ্জীয়া মুছলমান সমাজে৷ বুধবাৰে সৰুপথাৰ সমজিলাৰ ব্লক প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ কালি সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ উপস্থিতিত সৰুপথাৰৰ ৰাজহ অঞ্চলৰ মছজিদ কমিটীৰ এখন বৈঠক অনুষ্ঠিত হয়।
 
এই বৈঠকত সমজিলাৰ অন্তৰ্গত বৰপথাৰ, সৰুপথাৰ, ইকৰাণি, নাওজান, উৰিয়ামঘাট মছজিদ সমিতি আৰু ৰাজহ অঞ্চলৰ জামাত আঞ্চলিক সমিতিয়ে গো-মাংস বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ বিধায়কগৰাকীৰ উপস্থিতিতে গ্ৰহণ কৰা হয় এই সিদ্ধান্ত।
 
আনহাতে, উৰিয়ামঘাটত অসম চৰকাৰে কৰিবলগীয়া উচ্ছেদৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে খিলঞ্জীয়া মুছলমানসকলে৷ কোনো কাৰণতে উচ্ছেদিতক সুৰক্ষা প্ৰদান নকৰে বুলিও খিলঞ্জীয়া মুছলমানসকলে মন্তব্য কৰে।
 
উৰিয়ামঘাট সীমান্তত চলা উচ্ছেদৰ প্ৰস্তুতিৰ প্ৰসংগত বিধায়ক ফুকনে কয়, ‘‘আজি সৰুপথাৰ সমজিলাৰ ৰাজহ অঞ্চলৰ জামাতৰ প্ৰতিনিধিসকলৰ লগত এখন সভা অনুষ্ঠিত কৰিলো। তেওঁলোকে সৌহাৰ্দ্যপূৰ্ণভাৱে সভাখন অনুষ্ঠিত কৰে। তেখেতসকলে এটা আহ্বান জনাইছে লগতে আমিও আহ্বান জনাইছো উৰিয়ামঘাট সীমান্তত উচ্ছেদিত কোনো লোক ৰাজহ অঞ্চলৰ জামাতৰ গাঁওসমূহত যাতে আশ্ৰয় ল’ব নোৱাৰে। ইয়াৰ বাবে জামাতৰ বিষয়ববীয়াসকলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে।’’
 
আনহাতে, বৈঠকৰ পিছত মছজিদ কমিটীৰ বিষয়ববীয়াই মন্তব্য কৰে যে, ‘‘চৰকাৰে প্ৰস্তুত কৰা গো-সুৰক্ষা আইন আৰু বেদখলকাৰীসকলক উচ্ছেদ চলোৱাৰ কাৰ্যক আমি খিলঞ্জীয়া মুছলমান হিচাপে সমৰ্থন জনাইছো।’’
 
তেওঁলোকে লগতে কয়, ‘‘উৰিয়ামঘাট সীমান্তত ভূমি বেদখল কৰা লোকসকল প্ৰথমে ইয়ালৈ খেতি কৰিবলৈ আহিছিল। পিছত বনাঞ্চলসমূহ ধ্বংস কৰি বসতি স্থাপন কৰিছে । তেওঁলোকৰ হয়তো ধিং, মৈৰাবাৰী, ৰূপহীহাট, নগাঁও আদি স্থানত ভূমি আছে। বনাঞ্চল সুৰক্ষা কৰিবলৈ আমি সকলোৱে আগবাঢ়িব লাগিব । বনাঞ্চলসমূহ নাথাকিলে আমিও জীয়াই থাকিব নোৱাৰিম।’’


শেহতীয়া খবৰ