আৰএছএছ-মুছলমান প্ৰতিনিধিৰ সৌহাদ্যপূৰ্ণ আলোচনাৰ আঁৰৰ কাহিনী

Story by  Aasha Khosa | Posted by  [email protected] • 1 Years ago
চুফি পণ্ডিত সকলৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
চুফি পণ্ডিত সকলৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
 
আছা খোছা/নতুন দিল্লী
 
হিন্দুসকলে মুছলমানক জেহাদী বুলি ভাবে নেকি ? মুছলমানসকলে হিন্দুক কাফিৰ বুলি কয় নেকি ? হিন্দুৰ বাবে পবিত্ৰ হোৱা বাবে মুছলমানে গো হত্যা কৰিব বিচাৰে নেকি ? হিন্দুসকলে মুছলমানক পৰ্যাপ্ত দেশপ্ৰেমিক নহয় বুলি ভাবে নেকি ? ভাৰতৰ দুটা প্ৰধান ধৰ্মৰ অনুগামীসকলৰ মাজত ক্ৰমবৰ্ধমান মতানৈক্য আৰু ভুল বুজাবুজি দূৰ কৰাৰ লক্ষ্যৰে যোৱা নৱেম্বৰ মাহত প্ৰথম পৰ্যায়ৰ বৈঠকত মিলিত হোৱাৰ সময়ত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু মুছলমান প্ৰতিনিধিসকলৰ সন্মুখত এইবোৰ প্ৰশ্ন আৰু বিষয় উত্থাপিত হৈছিল।
 
ড০ অধ্যাপক মুকতেদাৰ খানৰ ইউটিউব চেনেল Khanversationsত প্ৰাক্তন প্ৰশাসনিক বিষয়া আৰু জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য নাজিব জঙে এই কথা প্ৰকাশ কৰিছে। জঙে কয় যে তেওঁ ২০১৯ চনত “বিশিষ্ট নাগৰিক আৰু মুছলমানৰ এটা ভিন্ন গোট”ৰ সৈতে আৰ এছ এছৰ নেতৃত্বৰ কাষ চাপিছিল।
 
হায়দৰাবাদত জন্মগ্ৰহণ কৰা ড° মুকতেদাৰ খান আমেৰিকাৰ ডেলাৱেৰ বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ অধ্যাপক। আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু বিশ্ব ৰাজনীতিৰ কৌশলগত দিশসমূহৰ ওপৰত উচ্চ মানদণ্ডৰ বিতৰ্কৰ বাবে তেওঁৰ ইউটিউব চেনেলটো জনপ্ৰিয় হৈ পৰিছে। তেওঁ ৬খন গ্ৰন্থৰ লেখক। ইয়াৰে অন্যতম গ্ৰন্থখন হ'ল-Islam and Good Governance: A Political Philosophy of Ihsan। ড০ খানৰ নিৰপেক্ষ বিশ্লেষণ বহুতো পাকিস্তানী আৰু ভাৰতীয় ইউটিউব চেনেলেও অনুসৰণ কৰে। 
 
 সন্ত্ৰাসবাদৰ বিৰুদ্ধে কৰা মুছলমানসকলৰ প্ৰতিবাদ
 
ভাৰতত হিন্দু আৰু মুছলমানসকলৰ মাজৰ সম্পৰ্কৰ ওপৰত প্ৰভাৱ পেলোৱা আৰ এছ এছ-মুছলমানৰ আলোচনাৰ বিষয়ে এনে ধৰণৰ প্ৰথম বাৰ্তালাপত জঙে কয় যে "আৰ এছ এছ এইখন চৰকাৰৰ এটা মুখ্য অংশ আৰু ইয়াৰ নেতাসকলৰ সৈতে কথা পাতিলে হিন্দু-মুছলমানৰ মাজত ব্যৱধান আৰু ভুল বুজাবুজি দূৰ হোৱাত সহায় হ'ব বুলি ২০১৯ চনত নৰেন্দ্ৰ মোদী দ্বিতীয় কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে চিন্তা-চৰ্চা কৰা হৈছিল।"
 
তেওঁ ড০ খানক কয় যে আৰ এছ এছৰ মূৰব্বী মোহন ভাগৱতে তেওঁলোকৰ সৈতে জড়িত হ’বলৈ পাই অত্যন্ত সুখী হৈছিল আৰু ২০১৯ চনত জং আৰু আৰ এছ এছৰ মুৰব্বীৰ নেতৃত্বত কেইজনমান মুছলমান নেতাৰ সৈতে প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল। প্ৰথমখন বৈঠকতে তেওঁলোকৰ মাজত বহু সময় ধৰি কথা-বতৰা চলিছিল বুলিও তেওঁ জানিবলৈ দিয়ে। জঙে কয়, ‘তেওঁৰ মুছলমানৰ বিষয়ে বহু ক’বলগীয়া কথা আছিল আৰু আমি হিন্দুৰ বিষয়ে কথা ক’ব লগা আছিল, আমি জানিব বিচাৰিছিলো পাৰ্থক্যটো ক'ত আছে।'
 

ভাগৱতে আলোচনা অব্যাহত ৰাখিবলৈ পৰামৰ্শ দিছিল যদিও কোভিড মহামাৰীয়ে সৃষ্টি কৰা লকডাউনৰ বাবে সেয়া সম্ভৱ নহ’ল। জঙে এই বৈঠকক "যুগান্তকাৰী আৰম্ভণি" বুলি অভিহিত কৰে। যোৱা গ্ৰীষ্মকালত মহামাৰী শেষ হোৱাৰ পিছত জঙে ভাগৱতলৈ চিঠি লিখি আলোচনা পুনৰ আৰম্ভ কৰাৰ ইচ্ছা ব্যক্ত কৰিছিল।
 
আগষ্ট মাহত জং আৰু চাৰিজন বিশিষ্ট মুছলমান নাগৰিক ক্ৰমে এ এম ইউৰ প্ৰাক্তন উপাচাৰ্য মেজৰ জেনেৰেল (অৱসৰপ্ৰাপ্ত) জামেৰুদ্দিন শ্বাহ, সাংবাদিক আৰু সমাজবাদী দলৰ সাংসদ শ্বাহিদ ছিদ্দিকী আৰু ব্যৱসায়ী ছাইদ শ্বেৰৱানীয়ে ভাগৱতক সাক্ষাৎ কৰে। তেতিয়া ভাগৱতে পৰামৰ্শ দিছিল যে সকলো মুছলমানক প্ৰতিনিধিত্ব কৰিব পৰাকৈ এটা বৃহৎ গোট গঠন কৰিব লাগে। আনহাতে, তেওঁ পাঁচজনীয়া আৰ এছ এছৰ এটা গোটক গাঁথনিগত আলোচনাৰ বাবে মনোনীত কৰিছিল।
 
জঙে খানক কয় যে তেওঁলোকে জামাত-ই-ইছলামী, জমিয়ত উলেমা হিন্দ, আজমেৰ শ্বৰীফ দৰগাহ আদি সংগঠনৰ সৈতে কথা পাতিছিল, যাতে এটা ডাঙৰ গোট গঠন কৰিব পাৰে। চলিত বৰ্ষৰ জানুৱাৰী মাহত অনুষ্ঠিত হোৱা পৰৱৰ্তী বৈঠকত আৰ এছ এছ-মুছলমান প্ৰতিনিধিৰ কথা-বতৰা সাড়ে তিনি ঘণ্টা ধৰি চলিছিল। তেওঁলোকে মুছলমানৰ বিষয়ে হিন্দুসকলৰ ধাৰণা আৰু হিন্দুৰ বিষয়ে মুছলমানৰ ধাৰণা সন্দৰ্ভত আলোচনা কৰিছিল। 
 
 মৌলানা ওমেৰ ইলিয়াসী আৰু মোহন ভাগৱত
 
দেখা গ’ল যে হিন্দু সম্প্ৰদায়ৰ অধিকাংশ ব্যক্তিৰে মুছলমানসকলক লৈ এটা অভিযোগ আছে যে তেওঁলোকক মুছলমানে কাফিৰ বুলি কয়।  তেওঁলোকে এই কথাও ভাবে যে হিন্দুৰ বাবে পবিত্ৰ হোৱাৰ বাবে মুছলমানসকলে গো হত্যা কৰে। বৈঠকত মুছলমান নেতাসকলে স্পষ্ট কৰি দিয়ে যে কোৰআনত কাফিৰ শব্দটোৱে অবিশ্বাসীক বুজায় আৰু হিন্দুৰ বাবে এই শব্দ ব্যৱহাৰ নহয়। হিন্দুসকলে তেওঁলোকৰ ঈশ্বৰক বিশ্বাস কৰে; গতিকে তেওঁলোক কাফিৰত অন্তৰ্ভুক্ত নহয়। মুছলমানসকলৰ মাজৰ যিসকলে ধৰ্মত বিশ্বাস নকৰে, তেওঁলোককহে কাফিৰ বুলি কোৱা হয়। 
 
তেওঁলোকে আৰ এছ এছৰ প্ৰতিনিধিসকলক কয় যে ধৰ্মীয় শিক্ষা প্ৰদান কৰাৰ সময়ত তেওঁলোকে কেতিয়াও হিন্দুক কাফিৰ বুলি উল্লেখ নকৰে। হিন্দুসকলে কাফিৰ বুলি কোৱাৰ প্ৰতি অত্যন্ত সংবেদনশীল আৰু আমি এইটোও মানি লওঁ যে তেওঁলোকৰ ক্ষেত্ৰত কাফিৰ শব্দটো কেতিয়াও ব্যৱহাৰ কৰা উচিত নহয়।’ তেওঁ কয়। জঙে কয় যে গো হত্যাৰ বিষয়ত মুছলমানসকলে আনকি চৰকাৰে গৰুক ৰাষ্ট্ৰীয় জন্তু হিচাপে ঘোষণা কৰাৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আৰ এছ এছক তেওঁলোকৰ সমৰ্থনৰ আশ্বাস দিছিল।
 
বৈঠকত মুছলমানসকলেও নিজৰ অভিযোগসমূহ আৰ এছ এছ প্ৰতিনিধি দলৰ আগত প্ৰকাশ কৰে। মুছলমানসকলে কয় যে তেওঁলোকক ‘জেহাদী’ বুলি ক’লে আঘাত অনুভৱ কৰে। মুছলমানসকলক কিয় তেওঁলোকৰ জাতীয়তাবাদ প্ৰমাণ কৰিবলৈ কোৱা হয়। তেওঁলোকে ইছলাম আৰু মুছলমানৰ বিৰুদ্ধে ঘৃণামূলক ভাষণৰ বিষয়টোও আলোচনাত উত্থাপন কৰিছিল।
 
হিন্দু-মুছলমানৰ ভাতৃত্ববোধৰ এক প্ৰতিনিধিত্বমূলক চিত্ৰ
 
জঙে খানক পুনৰ কয় যে আৰ এছ এছৰ নেতাসকলে স্পষ্ট কৰি দিছে যে তেওঁলোকে এনে প্ৰকাশভংগীক সমৰ্থন নকৰে। আৰ এছ এছৰ সৈতে আলোচনা বিচৰাৰ কাৰণ সন্দৰ্ভত জঙে কয় যে, মুছলমানৰ বিষয়ে আৰ এছ এছৰ এক ভুল ধাৰণা আছে। যেনেকৈ ভাৰতৰ মুছলমানসকলৰ আৰ এছ এছৰ বিষয়ে ভুল ধাৰণা আছে। আৰু সেই ভুল বুজাবুজিবোৰ যদি আমি দূৰ কৰিব পাৰো, তেন্তে সেইবোৰৰ বিষয়ে কথা পাতিব পাৰো। কিছুমান ভুল ধাৰণা আঁতৰোৱাটো সহজ। কিছুমান অধিক জটিল। সহজবোৰ কম সময়তে আঁতৰ কৰিব পৰা যায়, অধিক জটিল কামবোৰ বহুত বহুত বেছি সময় লাগিব। বহু বৈঠকৰ প্ৰয়োজন হ'ব আৰু আমি কিমানখিনি সফল হ’ম সেইটোও নিশ্চিতকৈ ক’ব নোৱাৰো। আমাৰ লক্ষ্য হ’ল যিমান পাৰি ব্যৱধান দূৰ কৰা।”
 
নজিব জঙে ডাঃ খানক কয়, “বৈঠকখন খুৱ সৌহাদ্যপূৰ্ণভাৱে সামৰণি পৰিছিল। তেওঁলোকে নিজৰ দৃষ্টিভংগী দাঙি ধৰিছিল। আমি আমাৰ দৃষ্টিভংগী ব্যাখা কৰিছিলো। আমি পৰৱৰ্তী সময়ত পুনৰ লগ হোৱাৰ সন্মতি দিছিলো৷ আমি বৰ্তমান ভৱিষ্যতৰ বাবে এক আশাৰে ৰৈ আছো।”
 
‘আৰ এছ এছৰ সৈতে অভিজাত আৰু নিৰ্বাচিত নোহোৱা মুছলমানসকলেহে কথা-বতৰা পাতি থকা’ বুলি এ আই এম আই এমৰ সাংসদ আছাদুদ্দিন ওৱাইছিয়ে কৰা সমালোচনাৰ প্ৰত্যুত্তৰত জঙে কয়, যদিও ওৱাইছিৰ দৰে তেওঁলোক নিৰ্বাচিত প্ৰতিনিধি নহয়, তথাপি মই ক'ব বিচাৰো যে “কেতিয়াবা ডাঙৰ আন্দোলন সৰু সৰু গোটৰ লোকে আৰম্ভ কৰে।” তেওঁ কয় যে আৰ এছ এছৰ সৈতে বৈঠকত মিলিত হোৱা মুছলমান নেতাসকল উচ্চ শিক্ষিত আৰু মধ্যবিত্তীয় লোক। তেওঁলোকে চৰকাৰৰ কাৰ্য্যকলাপ বুজি পায় আৰু সংবিধানৰ ওপৰত তেওঁলোকৰ বিশ্বাস আছে।
 
তেওঁ অৱশ্যে কয় যে আৰ এছ এছৰ সৈতে আলোচনাত মিলিত হোৱা মুছলমানসকলে কেৱল নিজৰ সম্প্ৰদায়ক লগত লৈ যোৱাই নহয়, খ্ৰীষ্টান আৰু শিখৰ দৰে অন্যান্য ধৰ্মীয় সংখ্যালঘু লোককো অন্তৰ্ভুক্ত কৰাৰ প্ৰয়াস কৰিছে। 
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু দুগৰাকী মুছলমান ব্যক্তি
 
তেওঁ কয় যে আৰ এছ এছে “মুছলমানৰ বিৰুদ্ধে ঘৃণামূলক ভাষণৰ আঠটা দৃষ্টান্তৰ সকলোবোৰেই অতি স্পষ্টভাৱে বিৰোধীতা প্ৰদৰ্শন কৰিছে।” এনে উপাদান নিয়ন্ত্ৰণৰ বাবে চৰকাৰে কৰা কাৰ্যৰ কথা মুছলমানসকলে তেওঁলোকক জনাইছিল। ড° খানে জঙক কয় যে “এয়া উল্লেখনীয় অগ্ৰগতি আৰু মই অনুভৱ কৰোঁ যে এই ধৰণৰ আলোচনা ষাঠি বা সত্তৰৰ দশকত অনুষ্ঠিত হ’ব লাগিছিল।”
 
নাজিব সিঙে কয় যে মুছলমানৰ প্ৰতি হিন্দুসকলে যি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, সেয়াও আজি সমগ্ৰ বিশ্বতে ইছলামোফ’বিয়াৰ বাবেই সংঘটিত হৈছে। “মধ্যপ্ৰাচ্য আৰু পশ্চিম এছিয়াত কি হৈছে আৰু আমাৰ চুবুৰীয়া দেশ পাকিস্তান আৰু আফগানিস্তানত কি হৈছে ? তেওঁলোকে ইছলামক প্ৰকৃত অৰ্থত দাঙি নধৰে আৰু সেইটোৱে সকলোকে মানসিকভাৱে প্ৰভাৱিত কৰে। জেহাদী শব্দটো এটা শ্ৰেণীৰ মানুহৰ মাজত ফেশ্বনেবল হৈ পৰিছে। মই কোৱাৰ দৰে সেইটোৱেই প্ৰত্যাহ্বান যিটোৰ বিৰুদ্ধে আমি যুঁজিব লাগিব।
 
তেওঁ কয় যে মুছলমানসকলে আৰ এছ এছক এই কথা বুজাই দিছিল যে ভাৰতীয় মুছলমানসকলৰ সন্ত্ৰাসবাদ বা জেহাদৰ কোনো ইতিহাস নাই। আমাক কেতিয়াবা কোৱা হয় যে কিছুমান মুছলমানে আইছিছত যোগদান কৰিছে। কিন্তু ইয়াৰ কোনো উপযুক্ত তথ্য-প্ৰমাণ নাই আৰু ২০ কোটি জনসংখ্যাৰ ভিতৰত দুই-এজনৰ এই ভুল সিদ্ধান্তই কেতিয়াও গোটেই সম্প্ৰদায়টোক প্ৰভাৱিত কৰিব নোৱাৰে।
 
প্ৰফেছৰ মুক্তাদাৰ খান আৰু নাজিব জাং
 
তেওঁ স্বীকাৰ কৰে যে মুছলমান সম্প্ৰদায়ত আৰু হিন্দুসকলৰ মাজতো সাম্প্ৰদায়িকতাৰ এটা উপাদান আছে আৰু ই আগ্ৰাসনৰ সূচনা কৰিছে। “আমি এইবোৰৰ বিৰুদ্ধে জিলা পৰ্যায়ত যুঁজিব লাগিব। আমি জিলা প্ৰশাসনক পতিয়ন নিয়াব লাগিব যে তেওঁলোকে ন্যায়পৰায়ণ হ’ব লাগিব আৰু যিকোনো মূল্যৰ বিনিময়ত তেওঁলোকে ভাৰতীয় সংবিধান মানি চলিব লাগিব। গতিকে, আমাৰ সন্মুখত ই এক দীঘলীয়া, কঠিন প্ৰক্ৰিয়া।”
 
জঙে কয় যে এই আলোচনাৰ বাবেই পিছত মোহন ভাগৱতে দুটা ঐতিহাসিক বক্তব্য আগবঢ়াইছিল, য'ত তেওঁ কৈছিল "হিন্দু আৰু মুছলমানৰ ডি এন এ একে আৰু হিন্দুসকলে প্ৰতিটো মছজিদতে শিৱলিঙক বিচাৰি ফুৰা বন্ধ কৰিব লাগে।"
 
জঙে কয় যে ধৰ্মীয় স্থানৰ বিবাদ আদালতত সমাধান কৰিব লাগিব কাৰণ বিষয়টো কাৰিকৰী দিশৰ সৈতে জড়িত। তেওঁ লগতে স্বীকাৰ কৰে যে তেওঁলোকে ইউনিফৰ্ম চিভিল কোডৰ বিষয়ে কোনো কথা আলোচনা কৰা নাছিল।
 
আন্তৰাষ্ট্ৰীয় চুফি নেতাসকলৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুছলমানসকলক বিচলিত কৰা বিষয়বোৰৰ ওপৰত কিয় শক্তিশালী বিবৃতি নিদিয়ে বুলি সোধাত জঙে কয় যে আৰ এছ এছ নেতাসকলে তেওঁলোকক কৈছিল যে চৰকাৰৰ সৰ্বোচ্চ ৰাজনৈতিক স্তৰত ভাৰতক এখন শক্তিশালী দেশ হিচাপে গঢ়ি তুলিবলৈ ২০ শতাংশ মুছলমানক লগত লৈ যোৱাৰ প্ৰয়োজন আছে।
 
ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ দলীয় নেতা-কৰ্মীসকলক আহ্বান জনাইছিল যে বিজেপিয়ে মুছলমান সম্প্ৰদায় বিশেষকৈ পিছপৰা মুছলমানসকলৰ কাষ চাপি অহাৰ সময় আহি পৰিছে। "মই ভাৱো যে প্ৰধানমন্ত্ৰীয়ে আৰু কিছু কথা ক'ব লাগিব, কিন্তু তাত এটা সমস্যা আছে। ভাৰত এখন নিৰ্বাচনমুখী দেশ। দলসমূহে নিৰ্বাচনত জয় সাব্যস্ত কৰিবলৈ যুঁজ দিয়ে। আৰু যদি ধৰ্মীয় মেৰুকৰণে তেওঁলোকৰ বিজয়ত সহায় কৰে, তেন্তে নিৰ্বাচনৰ সময়ত তেওঁলোকে কঠোৰ শব্দ কোৱাৰ পৰা আঁতৰি নাথাকে।"
 
জঙে খানৰ এই যুক্তি প্ৰত্যাখান কৰে যে প্ৰধানমন্ত্ৰী মোদীয়ে পাঠানৰ বৰ্জনৰ আহ্বানৰ বিৰোধিতা কৰাৰ বাবাহে শ্বাহৰুখ খান অভিনীত ছবিখনে ভাল প্ৰদৰ্শন কৰিছে। তেওঁ কয় যে পাঠান ছবিখনৰ সফলতাই এইটোৱেই বাৰ্তা দিছে যে অভিনেতাজন মুছলমানে হওক বা হিন্দুৱে হওঁক, ভাৰতীয় দৰ্শকে ভাল ছবি চাই আনন্দ লাভ কৰে। আৰু মই পাঠানৰ সফলতাক লৈ অতি আনন্দিত।"