নতুন দিল্লী
আমেৰিকাত বিপদত পৰিছে হাজাৰ হাজাৰ ভাৰতীয় শিক্ষাৰ্থী। ট্ৰাম্প চৰকাৰে ৬২ শতাংশ হ্ৰাস কৰিলে ভাৰতীয় শিক্ষাৰ্থীৰ F1 ভিছা। ভাৰতৰ লগতে চীনা শিক্ষাৰ্থীৰ ভিছাও হ্ৰাস কৰিলে আমেৰিকাই। ভাৰতৰ ক্ষেত্ৰত অধিক শতাংশ ভিছা হ্ৰাস কৰিলে আমেৰিকাই। আমেৰিকাৰ এনে সিদ্ধান্তই বিপদত পেলাইছে ভাৰতীয় শিক্ষাৰ্থীসকলক।
অৱশ্যে চীন শিক্ষাৰ্থীৰ ৩৪ শতাংশ ভিছাহে হ্ৰাস কৰিছে আমেৰিকাই। ট্ৰাম্প চৰকাৰৰ নতুন অনুপ্ৰৱেশ নীতিৰ বাবেই এতিয়া বিপদত শিক্ষাৰ্থীসকল। জানিব পৰা মতে ২০২৪ চনত ৫৮,৬৯৪ জন ছাত্ৰা-ছাত্ৰীয়ে পাইছিল F1 ভিছা। তাৰ পিছত ২০২৫ জনত এই সংখ্যা আমেৰিকাই হ্ৰাস কৰিলে ২২,১৪৯ জনলৈ।
এতিয়াৰে পৰা শিক্ষা সাং কৰি আমেৰিকাত মাত্ৰ ৩০ দিনহে থাকিব পাৰিব ভাৰতীয় শিক্ষাৰ্থী। যিহেতু পূৰ্বে শিক্ষা সমাপ্তৰ ৬০ দিনলৈ শিক্ষাৰ্ছীসকল অনায়াসে থাকিব পাৰিছিল আমেৰিকাত।
সমান্তৰালভাৱে ছাত্ৰ-ছাত্ৰীৰ নামভৰ্ত্তিৰ ক্ষেত্ৰটো কঠোৰ কৰা হৈছে আমেৰিকাৰ নিয়ম। আমেৰিকাৰ এই সিদ্ধান্তও এক প্ৰকাৰে বিপদ মাতিব পাৰে ভাৰতীয় ছাত্ৰ-ছাত্ৰী সকলৰ বাবে।