মৰিয়া মুছলমানৰ বাবে চৰকাৰৰ কৰণীয় বহুত আছে : মৰিয়া মুছলমান সন্থা

Story by  atv | Posted by  [email protected] • 11 Months ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
চাইজুৰ ৰহমান/বৰপেটা
 
অসমৰ খিলঞ্জীয়া জনগোষ্ঠী সমূহৰ মাজৰ অন্যতম জনগোষ্ঠী হৈছে মৰিয়া। মৰিয়া জনগোষ্ঠীক ১৯৭৪ চনতে চৰকাৰে এম অ'বিচিৰ অন্তৰ্ভুক্ত কৰিছে। মৰিয়া সকলৰ উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন সময়ত আৰ্থিক সাহায্য আগবঢ়াই আহিছে। বিশেষকৈ ২০১০ চনত মৰিয়া উন্নয়ন পৰিষদ গঠন কৰি এই পৰিষদৰ জৰিয়তে জনগোষ্ঠীটোৰ উন্নয়নৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰিছে চৰকাৰে। এই মন্তব্য সদৌ অসম অন্যান্য অতি পিছপৰা মৰিয়া মুছলমান সন্থাৰ অন্যতম কাৰ্যকৰী সভাপতি চাহজাহান আহমেদৰ। 
 
 
বৰপেটাত অনুষ্ঠিত হোৱা সন্থাৰ কাৰ্যনিৰ্বাহক সভাৰ অন্তত 'আৱাজ দ্যা ভয়চ'ৰ আগত তেওঁ লগতে কয়, আহোম স্বৰ্গদেউ সকলৰ স্থাপত্য-ভাস্কৰ্য্য শিল্পকলা সৃষ্টিত মৰিয়া মুছলমান সকলৰ অৱদান উল্লেখনীয় আৰু যথেষ্ঠ। শিৱদৌল, ৰংঘৰ, কাৰেংঘৰ, বৰটোপ, যুদ্ধৰ সামগ্ৰী, আ-অলংকাৰ, বাচন-বৰ্তন আদি তৈয়াৰ কৰাৰ ক্ষেত্ৰত মৰিয়া সকলে অসমৰ বুকুত বৃহৎ চানেকি  দাঙি ধৰিবলৈ সক্ষম হৈছে। 
 
চাহজাহান আহমেদে কয়, মৰিয়া সকলক আৰ্থ সামাজিক, শৈক্ষিক, সাংস্কৃতিক আদিৰ ক্ষেত্ৰত আগবঢ়াই নিবলৈ ৰাজ্য চৰকাৰখনৰ বহুখিনি কৰণীয় আছে। বিশেষকৈ আহোম স্বৰ্গদেউ সকলৰ কলা-স্থাপত্য  শিল্পৰ লগত নিয়োজিত হৈ এক অনন্য চানেকি দাঙি ধৰা মৰিয়া জনগোষ্ঠীৰ অন্যতম চহকী বৈশিষ্ট্য পিতল মৰিয়াই মৰিয়াই নিৰ্মাণ কৰা বিভিন্ন কলাত্মক সৃষ্টি শিল্পক পদ্ধতিগত, আধুনিক আৰু বৈজ্ঞানিক প্ৰযুক্তিৰে আগবঢ়াই নি জনগোষ্ঠীটোৰ উত্তৰোণৰ ব্যৱস্থা কৰিবলৈ তেওঁ ৰাজ্য চৰকাৰক  আহ্বান জনায়। 
 
উল্লেখ্যযোগ্য যে অসমৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠী মৰিয়া মুছলমান লোকৰ জনসংখ্যা আনুমানিক ২ লাখ বুলি সদৰী কৰে সদৌ অসম অন্যান্য অতি পিছপৰা মৰিয়া মুছলমান সন্থাৰ উপ সভাপতি বদিৰত আলীয়ে। তেওঁ 'আৱাজ দ্য ভইচ'ৰ আগত কয় যে অসমীয়া জাতীয় জীৱনৰ স'তে নিজকে বিলীন কৰা মৰিয়া মুছলমান লোক অসমৰ ১২ খন মান জিলাৰ প্ৰায় ১০০ খন মান গাঁওত সিচঁৰতি হৈ আছে। ৰাজনৈতিকভাৱে অতি শক্তিশালী ভূমিকা ল'ব নোৱাৰা মৰিয়া সকলৰো জনপ্ৰতিনিধি থকাটো অসমৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত অতিকৈ জৰুৰী। যদিহে অসমত অনাগত সময়ত উচ্চ সদন গঠন কৰা হয়, তেন্তে মৰিয়া সকলৰ বাবে অতি কমেও এখন আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হ‌ওঁক বুলি তেওঁ মত প্ৰকাশ কৰে। 
 
উল্লেখযোগ্য যে সদৌ অসম অন্যান্য অতি পিছপৰা মৰিয়া মুছলমান সন্থাৰ এখনি কাৰ্যনিবাহক সভা বৰপেটাত অনুষ্ঠিত হয়। সন্থাৰ সভাপতি কাছিম আলী হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক সভাখনত সন্থাৰ কেন্দ্ৰীয় বিষয়ববীয়া সকলৰ লগতে ১০ খন জিলা সমিতিৰ সভাপতি,  সাধাৰণ সম্পাদককে ধৰি জিলা প্ৰতিনিধি সকলে অংশগ্ৰহণ কৰে। কাৰ্যনিৰ্বাহক সভাখনত সৰ্বসন্মতিক্ৰমে আবুল আলীক ভাৰপ্ৰাপ্ত সম্পাদক আৰু আৰিফুদ্দিন আহমেদ আৰু ৰেকিবুদ্দিন আহমেদক যুটীয়া সহকাৰী সম্পাদক হিচাপে নিযুক্তি দিয়া হয়। 
 
ইফালে বৰপেটা টাউনত সুদীৰ্ঘ বছৰ ধৰি মৰিয়া জনগোষ্ঠীৰ লোকে বসবাস কৰি আহিছে। উক্ত লোক সকল প্ৰকৃততে মৰিয়া জনগোষ্ঠীৰ হয় নে নহয় তাৰ ওপৰত সন্থাৰ ফালৰ পৰা এক চৰজমীন তদন্ত কৰা হয় বুলি জানিবলৈ দিয়ে সন্থাৰ আন এগৰাকী কাৰ্যকৰী সভাপতি মুক্তাৰ আলীয়ে। ন জনীয়া সদস্যৰে গঠিত সন্থাৰ এটি দলে বৰপেটা টাউনত বসবাস কৰা মৰিয়া মুছলমান লোক সকলক সাক্ষাৎ কৰি তেওঁলোক প্ৰকৃততে মৰিয়া জনগোষ্ঠীৰ লোক হয় নে নহয় তাৰ ওপৰত চৰজমীন তদন্ত কৰা হয় আৰু অহা এসপ্তাহমানৰ ভিতৰত এই সন্দৰ্ভদ এক প্ৰতিবেদন যুগুত  কৰি কেন্দ্ৰীয় সমিতিৰ ওচৰত দাখিল কৰা হ'ব। 
 
ইফালে বৰপেটা টাউনত বসবাস কৰা মৰিয়া লোকসকলৰ ফালৰ পৰা বৰপেটা মুছলিমপট্টিস্থিত ঈদগাহ ময়দানৰ কমিউনিটি হলত এখনি সম্বৰ্দ্ধনা অনুষ্ঠানো অনুষ্ঠিত কৰা হয়। সদৌ অসম অন্যান্য অতি পিছপৰা মৰিয়া মুছলমান সন্থাৰ মুছলিমুদ্দিন আহমেদ, আৰফান আলী প্ৰমুখ্যে বহু কেইগৰাকী বিষয়ববীয়া উপস্থিত থাকে।