জুবিন গাৰ্গৰ নামত ৰাজনীতি নকৰিব: গৰিমা শইকীয়া গাৰ্গ

Story by  atv | Posted by  [email protected] • 1 Months ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
গুৱাহাটী
 
ৰাজ্যত যিদৰে অব্যাহত আছে নিৰ্বাচনী প্ৰচাৰ। সমানে চলি আছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ হত্যাৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়াও। ৰাজনৈতিক দলসমূহে যেন নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ আহিলা হিচাপে লৈছে হিয়াৰ আমঠুগৰাকীক। ইয়াকে লৈ মঙলবাৰে আদালতত সৰৱ হৈ পৰা দেখা গ'ল গৰিমা শইকীয়া গাৰ্গক। কাতৰে কৰিলে আহ্বান।
 
মঙলবাৰে ফাষ্টট্রেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ দ্বিতীয় দিনৰ বিচাৰ প্ৰক্ৰিয়া সম্পন্নৰ পিছতে সংবাদ মাধ্যমৰ আগত গৰিমা শইকীয়াই কয়, "মই কোনো দল-সংগঠনৰ নাম লৈ নকওঁ। জুবিন গাৰ্গক ৰাজনীতিৰ মাজলৈ আনিব নালাগে। তেওঁ অৰাজনৈতিক ব্যক্তি। তেওঁক নিজৰ মতে থাকিবলৈ দিয়ক। স-সন্মানেৰে থাকিবলৈ দিয়ক। নিজৰ যিটো সত্ত্বা, জুবিনৰ পৰিচয় অস্তিত্ব আছিল সেইমতে তেওঁক থাকিবলৈ দিয়ক। মোৰ সকলোৰ প্ৰতি সেয়াই আহ্বান।"
 
ইফালে মঙলবাৰে চলা বিচাৰ প্ৰক্ৰিয়া সন্দৰ্ভত তেওঁ কয়, "আজি ফাষ্টট্রেক আদালতত দ্বিতীয় দিন। চাৰ্জ হিয়েৰিং হৈ আছে। আমি আশাৰে ৰৈ আছোঁ । আইনৰ গণ্ডীৰ মাজত থাকি সেই প্ৰক্ৰিয়াটোৰে আগবাঢ়িব লাগিব। সঠিক উত্তৰটো আমি পাব লাগে।" ছিংগাপুৰৰ ক’ৰ’ণাৰ্ছ আদালতৰ ৰায় সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, "ছিংগাপুৰ আদালতৰ ৰায়ে ইয়াত প্ৰভাৱ পেলাব বুলি নাভাবোঁ। ইয়াৰ বিচাৰটো সম্পূৰ্ণ পৃথক। ইয়াৰ বিচাৰটো ইয়াৰ মতে হ'ব।"
 
আনহাতে কাৰাগাৰত অভিযুক্তই ভি আই পি সুবিধা লাভ কৰা বুলি হোৱা চৰ্চা সন্দৰ্ভত প্ৰাণৰ শিল্পীগৰাকীৰ পত্নীয়ে কয়, "অভিযুক্তসকলে ভি আই পি সা-সুবিধা পাইছে নে নাই, সেইটো মই নাজানোঁ। কিন্তু যদি ভি আই পি সা-সুবিধা যদি পাইছে, সেইটো বেয়া কথা।"
 
উল্লেখ্য যে, ন্যায়াধীশ শর্মিলা ভূঞাৰ নেতৃত্বত ফাষ্টট্রেক আদালতত মঙলবাৰে দ্বিতীয় দিনাৰ বিচাৰ চলে। অমৃতপ্ৰভা, সিদ্ধার্থ আৰু শ্যামকানুৰ অধিবক্তাই যুক্তি দর্শায় আদালতত।